সোনেৰে সজোৱা কোঠাটোৰ ভিতৰত
আড়ম্বৰেৰে মোৰ জন্ম দিন পতা হ’ল ।
—–ইছ্ ৰাম নিজৰ বাবে তুমি যে অকণো নাভাবা !
তোমাৰ চোন একো দিবসেই নাই,
—-পুৰুষ দিৱস।
—-মনৰ খোৰাকী নাই ।
—-মাজে মাজে মই জানা মিছাকৈয়ে বিদ্ৰোহী হৈ পৰো ।
(সিদিনা মনে মনে ভাবিছিলো–
আমাৰ সমূহীয়া ঈশ্বৰ জনাকো চোন তুমিয়েই গঢ় দিছা-
—-সুন্দৰ সুবিধাজনক সাঁচত !
নে ঈশ্বৰেই কৈছিল তোমাক-
তুমিয়েই তোমালোকৰ মাজৰ পৰা তোমালোকৰ বাবে
গঢ়ি তোলা মোক- বুলি!)
মুহূৰ্ততে মই দুঃখিত, লজ্জিত হওঁ!
আজৰীয়া মন আৰু বিবেকৰ অন্তৰংগ আলাপ
নতুবা অৰিয়াঅৰি…..
মই পিন্ধা চুটি সাঁজজোৰত–
বৰ্বৰতাৰ আঁচু ফুল…..।
—- সহস্ৰ তৰ্জনিৰ তৰ্জমাত মই ।।
নিজৰ বিবেকৰ বিচাৰৰ কাঠগড়াটো সৌ জনী,– মইয়েই।
আস !উদাৰ চিত্তেৰে তুমি দিয়া স্বাধীনতা কণৰ ক্ষেত্ৰত–
অন্ত:ত মই কিছু মিতব্যয়ী হোৱা উচিত!!
—–কোঠাটোৰ বাহিৰত–মোৰ চিনাকি নীলা আকাশখন!!
✍ ম’নালিছা নাথ