ইছ! ইমানবোৰ শাক।

মধুসোলেং, মৰলীয়া
চিনি জানো পোৱা?
মচন্দৰী, ভেদাইলতা
খাই জানো চোৱা?

মাটি কাঁন্দুৰী, হেলচিৰ
জানা জানো নাম?
লাই জাবৰী, মানিমুনিৰ
কি বা সকাম?

পদিনা, ধনিয়া
চাটনিতহে ৰজে;
কঁচুশাক, ঢেঁকীয়া
চেচুকত গজে।

পাঞ্জাৱত প্রিয় বৰ
সৰিয়হ শাক;
চুকা বনাবলৈ
মাছ লাগে মাক।

পূৰঠ পূৰৈ শাক
পিচলীয়া কিয় হয়?
ব্ৰাহ্মী শাক খাবলৈ
কৰিছানো কিয় ভয়?

কলমৌ, দোৰোণ
ঔষধি গুনেৰে ভৰুণ।
পালেং খালেই “পোপাই”
একে ঢাপে হয় তৰুণ।

মৰিছাৰ ৰঙা শাকত
ভিটামিন হাই;
ভাতৰ থালত দিলে
পেলাবাচোন খাই।

লাই, লফা, টেঙেচি
বিধে বিধে শাক;
শুকলতি, জিলমিল
বাদ দিবা কাক?

ইছ-আছ নকৰাকৈ
সব শাক খাবা।
ভিন শাকৰ ভিন গুণ
তেতিয়াহে পাবা;
বল আৰু বুদ্ধিৰে
বহু ওপৰলৈ যাবা।

ম’নালিছা নাথ

By