মই খেতিয়ক

মোৰ পথাৰৰ কেঁচা মাটিৰ গোন্ধই মোক ৰিঙিয়াই,

বাৰিষাৰ প্ৰথমজাক বৰষুণত জীপাল হৈ উঠা পথাৰখনে

সন্তুষ্টিৰে মোক সম্ভাষণ জনায়।

সপোনৰ খেতিডৰাত প্ৰথম বীজ সিঁচাৰ দিনা

মনটো আনন্দেৰে জকমকাই উঠে,

ক্ৰমে সপোনবোৰে পোখা মেলে

সেউজীয়া হয় আপোন পথাৰ।

যোৱাবাৰ বানে জ্বলাই থৈ যোৱা জুইকুৰা

পথাৰৰ সোণোৱালী ৰঙে নিৰ্বাপিত কৰিছে ।

এইবাৰ ভড়ালটো ভালকৈ সাজি লৈছোঁ,

এমুঠি সোণগুটি সজতনে সাঁচি ৰাখিম বুলি।

বানত ভাগি ছিগি যোৱা ঘৰটোও ভালকৈ সাজি লম,

পাৰিলে ডাঙৰ ছোৱালীজনীৰ কপালখনত হেঙুলীয়া সুৰুজ বুলাম।

হয়, এইবাৰ পাৰিম মই সকলোখিনি কৰিব

মোৰ পথাৰখন এইবাৰ সচাঁই সোণোৱালী হৈ উঠিছে,

সপোনবোৰো বাস্তৱ হোৱাৰ উপক্ৰম হৈছে ।

আৰ্শীবাদ কৰিবি পিতাই

আই, তোৰ নিধনী পুতেৰে এইবাৰ তোক পেট ভৰাই খুৱাব।

পথাৰখনৰ সোণগুটি কেইটাই মোৰ আচলৰ ধন,

জীয়াই থকাৰ সাহস আৰু প্ৰাণ – প্ৰাচুৰ্য্য

কাৰণ মই যে খেতিয়ক।

পল্লৱী শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

30 + = 35