এধানি মৰম

নিবিচাৰো মই ।

নিবিচাৰো মই, তোমাৰ মৰম ।

নালাগে, নালাগে তোমাৰ হাতৰ পৰশ ।

তুমি, এৰি যোৱাৰ দিনৰে পৰা, মইতো ইয়াতেই ।

নাজানো, কিয় বা এৰি গ’লা মোক ,

কিবা, বেয়া পালা ছাগে ।

চিন্তা নকৰিবা ।

তোমাক, আৰু কেতিয়াও আমনি নকৰো ।

তোমাৰ অবিহনেতো মই জীয়াই থাকিব নোৱাৰো ।

সেয়ে, এতিয়া মই মৃত্যুৰ শীতল কোলাত ।

চিনি পাইছানে মোক ?

মই তোমাৰ সদ্যজাত সন্তান, মা

যাক, তুমি আকোৱালী লৈছিলা ,

মাত্ৰ কেইটিমান মুহুৰ্ত্তৰ বাবে ।

আৰু ……………………………….

ল’ৰাল’ৰিকৈ মাজ নিশা, এৰি গৈছিলা,

চহৰৰ এই ডাষ্টবিন টোত । 

দীপাংক শৰ্ম্মা  

By