Khadya Sombhar

অমৰাৰ সতে মাছৰ আঞ্জা

অমৰাৰ সতে মাছৰ আঞ্জা

উপকৰণসমূহ ১/অমৰা ৩/৪ টা ২/কেঁচা জলকীয়া ৩ টা ৩/বগা সৰিয়হ কেইটামান ৪/হালধি, নিমখ,তেল প্ৰয়োজন অনুসৰি ৫/ডাঙৰ মাছ ৪/৫ টুকুৰা ৬/আৰু ১ টা ডাঙৰ (সিজোৱা) ৰন্ধন প্ৰণালী: প্ৰথমতে মাছ কেইপিছ ভাজি ললো।অমৰা কেইটা ধুই কুকাৰত দি ৩ টা মান চিটি মাৰি নমাই থৈ মাছ ভজা তেলত সৰিয়হ কেইটামান ফুৰণ দি(প্ৰয়োজন হ'লে তেল আৰু দি লৱ) সিজোৱা আলুটো আৰু অমৰা কণ পিতিকি গুটিয়ে সতে কেৰাহিত ঢালি দি নিমখ, হালধি দি লৰাই ঢাকি দিলো। কিছু সময় পিছত পুনৰ লৰাই অমৰা সিজোৱা পানী কণ ঢালি দি ওতলিব দিলো।অলপ সময় ওতল অহাত মাছ কেইটুকুৰা দি পুনৰ ওতলিব দিলো। আঞ্জাখন ওতলি ঘন হৈ অহাত কেঁচা জলকীয়া…
Read More
পৰ্ক কাৰী Pork Curry

পৰ্ক কাৰী Pork Curry

উপকৰণসমূহ ৩০০ গ্ৰাম মান গাহৰি মাংস,মজলীয়া পিঁয়াজ দুটা, নহৰু ৮/৯ ফুটা,আদা এক ইঞ্চি মান,জিৰা-জালূকৰ গুৰি আধা চামোচকৈ,৪চামুচ মান বাঁহ ঘাজৰ খৰিচা,নিমখ হালধি আন্দাজমতে। ৰন্ধন প্ৰণালী: প্ৰথমে মাংস ডোখৰ ভালকৈ ধুই লৈ মধ‍্যমীয়া টুকুৰা কৰি কাটি প্ৰয়োজন অনুসৰি মাংসখিনিত কেঁচা নিমখ হানি পাত্ৰত ঢাকি থোৱা হ'ল।পিঁয়াজ, আদা ,নহৰু মিহিকৈ কুটি সৰু মিক্মিটোত দি পেষ্টটো বনাই থলো।খৰিচা ৪চামুচ ষ্টীলৰ বাতি এটাত থৈছো,জিৰা-জালুক আধা চামুচ কৈ লৈ দুয়োটা একে লগে প্লেট এখনত থৈছো। নিমখ হালধীল টেমা দুটা ওচৰতে আছে।*প্ৰয়োজন হ'লে কেঁচা জলকীয়া ২/৪ টা দিব পাৰিব। এতিয়া কেৰাহীটো গেছত পাতিলোঁ, এক মিনিট মানত কেৰাহীটো শুকান হ'ল,তেতিয়া লাহেকে কাটি থোৱা নিমখ সানি থোৱা মাংসখিনি…
Read More
মাছৰ মূৰ আৰু অমিতাৰ খাৰ

মাছৰ মূৰ আৰু অমিতাৰ খাৰ

খাৰৰ অবিহনে অসমীয়া থলুৱা আহাৰৰ তালিকা অসম্পূৰ্ণ বুলি ক’ব পাৰি ৷ মই অৱশ্যে বিয়াৰ পাছতহে খাৰৰ ব্যঞ্জন ৰান্ধিবলৈ শিকিছো ৷ মোৰ শাহু মায়ে নিজে ঘৰতে কলাখাৰ প্ৰস্তুত কৰে ৷ বিহুৱে সংক্ৰান্তিয়ে ঘৰলৈ গ’লে এবটল দি পঠায় ৷ এনেকৈয়ে খাৰৰ ব্যঞ্জন ৰান্ধিবলৈ শিকিলো ৷ এই আঞ্জাৰ উপকৰণসমূহ হ’ল পূৰঠ অমিতা আধাফাল (টুকুৰা কৰি লোৱা) মাছৰ মূৰ কলাখাৰ ডেৰ চাহ চামুচ অথবা বেকিং চৌডা ১/৪ চাহ চামুচ আদা এক ইঞ্চি(টুকুৰা কৰি লোৱা) নহৰু ৫ফোটামান (টুকুৰা কৰি লোৱা) কেঁচা জলকীয়া শুকান জলকীয়া পাঁচফুৰণ নিমখ মিঠাতেল ধনীয়া বা নৰসিংহ পাত পানী দুকাপ ৰন্ধন প্ৰণালী: বহুতে মাছৰ মূৰ ভাজি নলয় যদিও মই প্ৰথমতে কেৱল অলপ…
Read More
চুঙা পিঠা

চুঙা পিঠা

বিধি: বৰা চাউল ১ কেজি ৩ ঘন্টা মান পানীত তিয়াই ৰাখি এটা খৰাহীত টুকি ললো। ৫ বা ৬ টা মান জাতি বাঁহৰ চুঙা কাটি যোগাৰ কৰি ললো। লগতে সুপা দিবলৈ খেৰ। চুঙা কেইটাত বৰা চাউল আৰু পানী জোখত ভৰাই খেৰৰ সুপা দি খেৰৰ জুইতে লুটিয়াই বগৰাই পুৰি ললো। মই কি দৰে চুঙা কেইটা পুৰিলো তাৰে এখন ফটো আপেনালোকলৈ আগবঢ়াইছো। অলপ ঠান্ডা হলেই চুঙা কেইটা ফালি পিঠা খিনি গৰম গাখীৰ বা দৈ লগত খাবলৈ পাৰিব। খাবলৈ খুবেই সুস্বাদু এই পিঠা। 👨‍🍳 স্বপ্নালী কটকী
Read More
ঢেকীয়া আলু বুটৰ ভাজি

ঢেকীয়া আলু বুটৰ ভাজি

উপকৰণ ঢেকীয়া এমুঠি আলু এটা তিয়াই থোৱা বুট এমুঠি পিয়াজ এটা মিঠাতেল এচামুচ নিমখ সোৱাদ অনুসৰি জলকীয়া এটা প্ৰণালী অসমৰ বাৰীত হোৱা অতি সহজলভ্য ঢেকীয়াৰ বহুতো গুণ আছে আৰু অতি সুস্বাদো এবিধ ব্যণ্জ্ঞন। এমুঠি ঢেকীয়া শাক মিহিকৈ কাটি আলু মিহিকৈ কাটি ল'লো।কেৰাহিত তেল গৰম কৰি কুটি থোৱা পিয়াজ খিনি দি ভাজি কুটি থোৱা ঢেকীয়া আলু খিনি লগতে বুট কেইটাও দি নিমক হালধী দি কম জুইত লৰাই লৰাই ভাজিলো ।ঢাকোন মাৰিব নালাগে ভালকৈ সিজি অহাত নমাই নিৰামিষ ভাতৰ লগত পৰিবেশন কৰিলো 👨‍🍳 মাইনু হাজৰিকা
Read More
কচুৰে মাছৰ আঞ্জা

কচুৰে মাছৰ আঞ্জা

উপকৰণ সমূহ:- ১. সৰিয়হ তেল: তিনি/ চাৰি চামুচ ১.ভকুৱা মাছ: ৬ পিচ ২.আবৰ কচু (আমাৰ নামনি অসমৰ নাম।ঠাই বিশেষে নাম বেলেগ বেলেগ হব পাৰে সেয়ে ফটোত দেখাই দিয়া হৈছে): ২টা (১ পাবকৈ কাটি) ৩.আদা: এটুকুৰ +পিয়াজ: সৰু দুটা+কেঁচা জলকীয়া: ২টা= পেষ্ট ৪.তেজপাত: এখিলা ৫.গোটা জিৰা: আধা চামুচ ৬.জিৰা পেষ্ট: ২ চামুচ ৭.নিমখ: জোখ মতে ৮.হালধি: জোখ মতে ৯.মিহিকৈ কটা মান ধনীয়া ৰন্ধন প্ৰণালী: ১) মাছখিনি সৰিয়হ তেলত ভাজি উঠাই থলোঁ। ২)কেৰাহীত ৰৈ যোৱা তেলত কাটি লোৱা কঁচুখিনি ভাজি লৈ উঠাই থলোঁ। ৩)এতিয়া তেলত প্ৰথমে গোটা জিৰা আৰু তেজপাত দি পেষ্ট কৰি থোৱা পিয়াজ, আদা, জিৰা আৰু জলকীয়া খিনি ঢালি ভালদৰে…
Read More
কচুশাক, ঔটেঙা-বিলাহীৰে মাছৰ জোল

কচুশাক, ঔটেঙা-বিলাহীৰে মাছৰ জোল

উপকৰণ এমুঠি কচু শাক মাছ ঔটেঙা ১টা বিলাহী সৰু আকাৰৰ ২টা ২ মুঠি মচুৰ দালি শুকান জলকীয়া, পাচফুৰণ নিমখ হালধি প্ৰণালী: কচুশাকখিনি ভালদৰে ধুই ল'লো। তাৰ পিছত প্ৰেচাৰ কুকাৰত কচুশাক, ঔটেঙা, বিলাহী আৰু ২ মুঠিমান মচুৰ দালি লৈ নিমখ দি ৮/৯ টা মান হুইছেল মাৰি সিজাই ল'লো। তাৰ পিছত এখন পেনত তেল গৰম কৰি তেলত শুকান জলকীয়া আৰু পাচফুৰণ দি লগতে অলপমান হালধি দি সিজাই থোৱা কচুশাকখিনি ঢ়ালি দিলো। তাৰ পিছত ফ্ৰাই কৰি থোৱা মাছখিনি দি উতল অহাত নমাই থ'লো। অতি কম সময়তে হোৱা আৰু খাবলৈও জুতি লগা। 👨‍🍳 নীলাক্ষি বৰা শইকীয়া
Read More
কচুপাতৰ বড়

কচুপাতৰ বড়

বিহাৰী সম্প্ৰদায়ৰ থলুৱাখাদ্য সম্ভাৰ উপকৰণ:- ১/ কুমলীয়া কচুপাত ৮ টা (যিকোনো কচু) ২/ বেচন-২৫০‍ গ্ৰাম ৩/ কেচা জলকীয়া ৭/৮ টা ৪/ নহৰু-১টা ৫/ জিৰা গুৰি-১চামুচ ৬/ ধনিয়া গুৰি-১চামুচ ৭/ হালধি-আধা চামুচ ৮/ নেমু-এফাল (যিকোনো টেঙা দিব পাৰে) ৯/ নিমখ-জোখমতে ১০/ পিঠা গুৰি -আধা কাপ ১১/ মিঠা তেল প্ৰণালী: নহৰু আৰু জলকীয়া পিছি, জিৰা, ধনিয়া, হালধি, নিমখ, নেমু চেপি লব, পিঠা গুৰি বেচনত মিহলাই অলপ পানী দি ডাঠ কে প্ৰলেপ এটা তৈয়াৰ কৰিব। পিছত ডাঙৰ পাত্ৰ এটাত, এটা কচুপাত ওলোটাকৈ পাৰি মিশ্ৰণ খিনি লগাব, এটাৰ ওপৰত এটা পাৰি লগাই যাব। পিছত-সোঁ আৰু বাওঁ ফাল দুটা ধৰি অলপ মান জাপি দিব,তাৰ পাছত…
Read More
কলফুল বা কলডিল বৰ

কলফুল বা কলডিল বৰ

উপকৰণ সমূহ: * কলডিল ১ টা * পিঠাগুৰি আধা বাতি * বেচন ৫ চামুচ * জিৰা গুৰি আধা চামুচ * জালুক গুৰি ১ চামুচ * নিমখ আৰু হালধি (আন্দাজ মতে) * মিঠা তেল (বৰ ভাজিব কাৰণে) ৰন্ধন প্ৰণালী: প্ৰথমে কলডিল টোৰ ওপৰৰ বুঢ়া বাকলি গুচাই ভাল কৈ ধুই, মাজেৰে দুফাল কৰি অলপ বইল কৰি ললো( কেচা ভাব টো নাই হোৱা লৈ কে)। ঠাণ্ডা হলত পাতল পাতল কাটি ললো, এতিয়া এটা প্ৰাত্ৰ ত পিঠাগুৰি,বেচন,জিৰা, জালুক ৰ গুৰি, নিমখ ,হালধি আৰু অকনমান চেনী দি অলপ পানীৰে মিশ্ৰণটো বনাই ললো। কেৰাহী খন গৰম কৰি তাতে মিঠা তেল দিলো, তেল গৰম হলত পাতল কৈ…
Read More
কচুপাতত দিয়া মাছ

কচুপাতত দিয়া মাছ

উপকৰণ সমূহ: সৰু মাছ অলপ কেচাঁকৈ। ভালকৈ চাফা কৰি লোৱাৰ পাছত। মই সৰু মাছ লৈছো। মানে দৰিকনা , মুৱা আদি মিহলি সৰু মাছ হ'লে ভাল। কচু থোৰ ১০ টামান কুমলীয়া। পিঁয়াজ এটা নহৰু কেই ফুটামান আদা অকনমান সৰু বিলাহী কেইটামান জলকীয়া দুটামান নিমখ নিজৰ হিচাপ মতে ৰংটোৰ বাবে হালধী অকনমান দিছো পৰিমাণটো চাই। জিৰা পাউদাৰ আধা চামোচতকৈ অলপ কম ধনীয়া পাউদাৰ আধা চামোচতকৈ অলপ কম। মিঠাতেল এচামুচ ডাঙৰ চামোচেৰে প্ৰণালী: এতিয়া সকলো বস্তু মিহলি কৰি কলপাত এখনেৰে বা হালধী পাত দুখিলামানত ভালকৈ বান্ধি ৰাইচ কুকাৰৰ ওপৰৰ পাৰ্টটোত ষ্টিম কৰিলো। তাৰ পাছত অলপ জুইত পোৰা দৰে হবৰ বাবে গেছটোৰ ওপৰত দি…
Read More