চুঙা পিঠা

বিধি:

বৰা চাউল ১ কেজি ৩ ঘন্টা মান পানীত তিয়াই ৰাখি এটা খৰাহীত টুকি ললো। ৫ বা ৬ টা মান জাতি বাঁহৰ চুঙা কাটি যোগাৰ কৰি ললো। লগতে সুপা দিবলৈ খেৰ। চুঙা কেইটাত বৰা চাউল আৰু পানী জোখত ভৰাই খেৰৰ সুপা দি খেৰৰ জুইতে লুটিয়াই বগৰাই পুৰি ললো। মই কি দৰে চুঙা কেইটা পুৰিলো তাৰে এখন ফটো আপেনালোকলৈ আগবঢ়াইছো। অলপ ঠান্ডা হলেই চুঙা কেইটা ফালি পিঠা খিনি গৰম গাখীৰ বা দৈ লগত খাবলৈ পাৰিব। খাবলৈ খুবেই সুস্বাদু এই পিঠা।

👨‍🍳 স্বপ্নালী কটকী

By