Pork Curry

বড়ো জনগোষ্ঠীয় বিলাহীৰ সৈতে গাহৰিৰ মাংস।

বড়ো জনগোষ্ঠীয় বিলাহীৰ সৈতে গাহৰিৰ মাংস।

উপকৰণ সমূহ : 1. আধাকেজি গাহৰি মাংস 2. মিঠাতেল জোখমতে 3. আদা+নহৰু+জিৰা+কেচা জলকীয়া পেষ্ট 4. মজলীয়া পিয়াজ 3টা লগতে 3-4টা বিলাহী 5. এখিলা তেজপাত 6. নিমখ আৰু হালধি জোখৰ ৰন্ধন প্ৰণালী : 1. পিঁয়াজখিনি গৰম তেলত ৰঙচুৱাকৈ ভাজি লব। 2.হালধি আৰু নিমখ জোখৰ দি দিব। 3. মাংস খিনি পেনখনত দি লৰাই থাকিব। 4. মছলা পেষ্ট আৰু তেজপাত দি মাংসখিনি ৰঙচুৱাকৈ ভাজি তাত সৰু সৰুকৈ কাটি লোৱা 3-4 টা বিলাহী দি আকৌ ভালদৰে ভাজিব। পেনখনত মাংসৰ সৈতে তেল উঠি অহাকৈ ভাজিব। 5.শেষত মাংসখিনি ডুবি যোৱাকৈ পানী দি 20মিনিত উতলাই দিব। পানী উতলি শেষ হোৱাৰ পিছত মাংস খাবলৈ প্ৰস্তুত। 👨‍🍳 ৰাজীৱ কায়স্থ
Read More
পৰ্ক কাৰী Pork Curry

পৰ্ক কাৰী Pork Curry

উপকৰণসমূহ ৩০০ গ্ৰাম মান গাহৰি মাংস,মজলীয়া পিঁয়াজ দুটা, নহৰু ৮/৯ ফুটা,আদা এক ইঞ্চি মান,জিৰা-জালূকৰ গুৰি আধা চামোচকৈ,৪চামুচ মান বাঁহ ঘাজৰ খৰিচা,নিমখ হালধি আন্দাজমতে। ৰন্ধন প্ৰণালী: প্ৰথমে মাংস ডোখৰ ভালকৈ ধুই লৈ মধ‍্যমীয়া টুকুৰা কৰি কাটি প্ৰয়োজন অনুসৰি মাংসখিনিত কেঁচা নিমখ হানি পাত্ৰত ঢাকি থোৱা হ'ল।পিঁয়াজ, আদা ,নহৰু মিহিকৈ কুটি সৰু মিক্মিটোত দি পেষ্টটো বনাই থলো।খৰিচা ৪চামুচ ষ্টীলৰ বাতি এটাত থৈছো,জিৰা-জালুক আধা চামুচ কৈ লৈ দুয়োটা একে লগে প্লেট এখনত থৈছো। নিমখ হালধীল টেমা দুটা ওচৰতে আছে।*প্ৰয়োজন হ'লে কেঁচা জলকীয়া ২/৪ টা দিব পাৰিব। এতিয়া কেৰাহীটো গেছত পাতিলোঁ, এক মিনিট মানত কেৰাহীটো শুকান হ'ল,তেতিয়া লাহেকে কাটি থোৱা নিমখ সানি থোৱা মাংসখিনি…
Read More