Assamese Poem Lyrics

মাজুলী, ২০২১

মাজুলী, ২০২১

মন গ’লেও কলৈকো যাব নোৱাৰোঁ, চৌদিশে পানীহে জলেমলায় অ’, বোপাই ! মন গ’লেও যাব নোৱাৰোঁ ওলাই। তহঁতে হে কৱ’ সৰু হৈ অহা পৃথিৱীৰ কথা, বোপাই অ’, আমাৰচোন বাটটোৱে নাই ধৰণী চোৱাৰ ! যি ফালে চকু থওঁ, সাগৰহেন বন্ধ দুৱাৰ ৷ কলৈনো যাম কেনিনো চাম কেতিয়াকে দেখা পাম কাক ক’ব নোৱাৰোঁ বোপাই ! আমাৰ যন্ত্ৰণাৰ এচোৱা পাৰ যদি তইও কবিচোন ৰাজহাউলীত ! চোৱাৰীৰ এচাৰিৰ মিছা আৱাজতো দৌৰে প্ৰশাসনৰ য’ত ঘোঁৰা ৷ পাৰ যদি তইও কবিচোন কিজানি কিঞ্চিৎ সলনি হয়েই আমাৰ জীৱন ৰেখা ! সেউজীয়া চাবলৈ কলৈ যাম জীৱনৰ মাধুৰী চুবলৈ ক’ত পাম ক’ব পাৰে মাথোঁ অধিকাৰ প্ৰভূৰ কৃপাইহে জানা? নিজৰ বাটে…
Read More
জোনাকৰ জোনাকী

জোনাকৰ জোনাকী

শৰতৰ আগমনি অনুভৱৰ পদুলি উদুলি -মুদুলি শেৱালি -নেৱালিৰ গোন্ধত আমোলমোলনি | সন্ধিয়াৰ আকাশত আশাৰ ৰেঙনি দেখাপাম নে তোমাক কেতিয়াবা কিজানি | নিয়ৰৰ মুকুতাই উজলাই দুৱৰি বাৰে বাৰে চাওঁ আকাশৰ তৰালি | জোনাকৰ জোনাকীৰ আৱেগৰ চাৱনি প্রেম-ভালপোৱাৰ আগতীয়া জাননি জোৰকৈ সাৱটে উমাল বুকুখনি | কবিতা বৰা
Read More
স্তব্ধ বসন্ত

স্তব্ধ বসন্ত

বৈধব্যৰ শুদ্ধিকৰণ মন্ত্ৰ থকাহেঁতেন শ্যামলী ওৰণিৰ উম লৈ আকৌ এবাৰ শিহৰিত হ’লহেঁতেন ভাগ্যৰেখাৰ স্তব্ধ হৃদপিণ্ড! ৰুক্ষ শিলৰ হেঁচাত সেপধুকি থকা তগৰ-মালতীয়ে ফাগুনক মেৰিয়াই সাঁতুৰিলেহেঁতেন হেঁপেহুৱা অনুভৱৰ উমাল বক্ষত, স্বপ্নীল ৰূপালী মুকুতাই উটুৱাই নিলেহেঁতেন ফেঁকুৰি-উচুপি ভাগৰি পৰা ওঁঠৰ গাঢ় ছাইৰঙী আভৰণ৷ নঙলাৰ আগেদি পাৰ হৈ যোৱা শিশুজাকৰ হাই-উৰুমিত পুনৰ সাৰ পায় বেলিৰ স’তে ডুব যোৱা দুখুনীৰ বসন্ত... শাঁখা ভঙা কৰ্কশ শৱদত সন্ত্ৰস্ত জীৱন, কাৰাৰুদ্ধ যৌৱনৰ বিমূৰ্ত ক্ষণ! গৌতম মালাকাৰ ,কৰিমগঞ্জ  
Read More
মহালয়া

মহালয়া

সৰ্ব পিত্ৰ অমাৱস্যাৰ পুৱতি নিশা দুৰ্গতিনাশিনী মা দুৰ্গাৰ সৰগৰ পৰা মৰ্ত্যলৈ আগমন ! চণ্ডী পাঠ, মন্ত্ৰোচ্চাৰণ আৰু আন্তৰিক শ্ৰদ্ধা, ভক্তিৰ ষোড়শোপচাৰেৰে তোমাৰ চৰণ সিক্ত কৰি কাকূতি কৰো মা, মৰ্ত্যত উপৱিষ্ট হৈ অসূয়া অশান্তি নিবাৰণ কৰি দুষ্কৃতিৰ কৰা বিনাশ ! হে মা, তোমাৰ আগমনত উৎফুল্লিত প্ৰকৃতি ৰাণীৰ তোমাক আদৰাৰ বাবে কত' যে আয়োজন ! সুনীল আকাশত শুকুলা মেঘে ডেউকা লগাই ভিন্ন শৈলীৰ চন্দ্ৰতাপ তৰিছে ! শেৱালিৰ শুভ্ৰপাহিয়ে মৃদুমধুৰ সুবাসেৰে প্ৰতি পুৱাই শ্যামলী ধৰণীত দলিচা পাৰিছে ! বিৰিখ-লতিকাক শিশিৰ কণিকাই আদৰেৰে মুকুতাৰ মণিহাৰ পৰিধান কৰাইছে ! নৈ, বিল, জলাশয়ৰ পাৰৰ কহুৱাই মনৰ উলাহত হালিছে জালিছে ! সোণগুটিক গৰ্ভত ধাৰণ কৰি ধাননিডৰাই সপোনৰ…
Read More
আমনি

আমনি

আমনি লাগিছে আৰু নোৱাৰো সহিব আৰু কেতিয়ানো সেই আগৰ ধৰণীখন ঘূৰাই পাম, কেতিয়ানো পুনৰ মুকলিকৈ থাকিবলৈ পাম, আগৰ দৰে ফুৰিবলৈ ওলাই যাবলৈ পাম? সচাঁই আমনি লাগিছে বহুত বহুত আমনি লাগিছে। মনত এটা ভয় লৈ কিমান আৰু বাট চাম, এবছৰেই পূৰ্ণ হ'বৰ হ'ল ভাল দিন আহিব - ভাল দিন আহিব বুলি নিজকে আৰু কিমান নিচুকাম ? কিনো যে হ'ল? ঘপকৰে সকলো সলনি হৈ গ'ল। সৌ সিদিনা মহীশূৰৰ ৰাজ অট্টালিকা চাই আছিলোগৈ, বাংগালোৰৰ টেকন' চিটিত ভুমুকি মাৰিছিলোগৈ, কিন্তু ঘপকৰে কোনো আগজাননি নিদিয়াকৈ সকলো স্তব্ধ হৈ গ'ল। যেতিয়াই ঘৰৰপৰা বাহিৰলৈ ভুমুকিয়াই চাঁও সকলোটো একেই দেখো, বিশেষ পাৰ্থক্য একোটো নেদেখো, মাথো মানুহৰ ভীৰ-অত্যাচাৰ আদি…
Read More
যদি মানুহ হৈ নোৱাৰো,পখী হৈ উভতিম এদিন

যদি মানুহ হৈ নোৱাৰো,পখী হৈ উভতিম এদিন

মোৰ বাবে অপেক্ষা কৰিবা মধুপুৰ নেত্ৰকোনাঅপেক্ষা কৰিবা জয়দেবপুৰৰ চাৰিআলি বোৰ,মই উভতিম, ভীৰৰ মাজত হুলস্থুল কৰিম,সাহসৰ অসীম বন্যাতঅপেক্ষা কৰা,আপোন ঘৰ, নেমুতলা আৰু গোল্লাচুটৰ পথাৰ ৷৷ অপেক্ষা কৰিবা,আফজল হুছেইন, খাইৰুণ নেছাঅপেক্ষা কৰা ঈদূলআৰা,মই উভতিম, পূৰ্ণিমাৰ গান গাবলৈ, ঝুলনাত ঝুলিবলৈ, বাঁহনিৰ পুখুৰীত বৰশী পেলাম মই ৷৷ মই উভতিম,ভালপোৱাৰ বাবে, হাঁহিৰ বাবে, জীৱন জৰীত পুনৰ সপোন গাঁঠিবলৈ ৷৷অপেক্ষা কৰিবা মতিপুখূৰী, শান্তিনগৰ আৰু ফেব্ৰুৱাৰীৰ গ্ৰন্থমেলা•••• মেঘবোৰ উৰিছে পশ্চিমৰ পৰা পূৱলৈ, তাতেই পঠিয়াইছো দুটোপাল চকুৰ নীড়গোলপুখূৰীৰ পাৰৰ ঘৰত টিনৰ চালিৰ বৰষুণ•••• শীতৰ পক্ষীবোৰ পশ্চিমৰ পৰা পূবলৈ গৈছে,এটি পলকতেই পাবহি শাপলগা পুখুৰী বা বঙ্গোপ সাগৰ ৷৷ ব্ৰক্ষ্মপুত্ৰ শুনিবা, মই উভতিম ৷৷শুনা শাল বিহাৰ, মহাস্থানগড়, সীতাকুণ্ড পাহাৰমই উভতিম…
Read More
অৰাজনৈতিক বুদ্ধিজীৱি সকল

অৰাজনৈতিক বুদ্ধিজীৱি সকল

এদিন এইদেশৰ অৰাজনৈতিক বুদ্ধিজীৱি সকলক নাঙঠ আৰু ভোকাতুৰ জনতাই প্ৰশ্ন কৰিব ৷৷ তেওঁলোকে সুধিব যেতিয়া সৰু সৰু ফিৰিঙতিৰ পৰা ব্যাপক অগ্নিয়ে তেওঁলোকৰ জাতি আৰু সত্বাক পুৰি পুৰি নি:শেষ কৰিছিল ক্ৰমান্বয়ে তেতিয়া সিহঁতে কি কৰিছিল? অৰাজনৈতিক বুদ্ধিজীৱি সকলক কোনেওঁ নুসুধিব সিহঁতৰ প্ৰিয় পোচাক, ৰং, বাহন অথবা মধ্যাহ্ন ভোজনৰ পিছত ক্ষণিক জিৰনি লোৱা সময়খিনিৰ কথা•••• কোনোৱে জানিবলৈ নিবিচাৰিব সিহঁতৰ শূন্য মস্তিষ্কৰ নিস্ফল বৌদ্ধিক প্ৰতিদন্দীবোৰৰ কথা হয়তো সিহঁতৰ উচ্চ আৰ্থিক উপাৰ্জন আৰু জ্ঞান বিদ্যাও হ'ব নিতান্তই হাস্যকৰ ৷৷ সংবিধানৰ কথা সোধা নহ'ব সিহঁতক, হয়তো সন্মানো দিয়া নহ'ব সিহঁতৰ পচন্দ অপচন্দবোৰক•••• যেতিয়া সিহঁতৰো এজন দুজন জাহ যাব সেই জুইত কাপুৰুষৰ দৰে বিনাপ্ৰতিবাদে ৷৷ নীৰৱতা…
Read More
::আমি::

::আমি::

ক্ষুদিৰাম হ’ব কাষৰ ঘৰৰ ল’ৰা আমাৰ লৰাটো ডাক্তৰ হ’ব আমাৰ লৰা ইঞ্জিনিয়াৰ হ’ব নহলে আটোল টোল চৰকাৰী বিষয়া হ’ব; ক্ষুদিৰাম আকৌ কিয় হ’ব? ! ক্ষুদিৰাম আমাৰ কাষৰ ঘৰৰ ল’ৰাটোৱেই হ’ব••• আমাৰ ল’ৰাই দেশ চলাব, দেশ শাসন কৰিব চৰকাৰী গাড়ীত আহিব চৰকাৰী গাড়ীত যাব দুয়োকাষে মখমলৰ গালিচা পাৰিব, আগত চালক, পিছত চাপ্ৰাছী আৰু দেহৰক্ষী গৰমত কুল্লু মনালী, শীতত গোৱাৰ সমুদ্ৰ তীৰ••• ক্ষুদিৰাম হব কাষৰ ঘৰৰ ল’ৰা, দিন ৰাতি গঢ় দিব সংগ্ৰামৰ পথত, কেৰাচিনৰ পোহৰত দিকবিদিক হেৰুওৱা পিতৃ উদং জুহালত শৈল স্তম্ভত পৰিণত মাতৃ সেইঘৰৰ লৰাই সংগ্ৰামৰ আদিপাঠ আওৰাব শোষণ আৰু সংগ্ৰামৰ বিৰুদ্ধে তাৰ তেজ উথলিব••• দেশৰ কাৰণে যুঁজ কৰিব সিহঁতে শোষণৰ…
Read More
এধানি মৰম

এধানি মৰম

নিবিচাৰো মই । নিবিচাৰো মই, তোমাৰ মৰম । নালাগে, নালাগে তোমাৰ হাতৰ পৰশ । তুমি, এৰি যোৱাৰ দিনৰে পৰা, মইতো ইয়াতেই । নাজানো, কিয় বা এৰি গ’লা মোক , কিবা, বেয়া পালা ছাগে । চিন্তা নকৰিবা । তোমাক, আৰু কেতিয়াও আমনি নকৰো । তোমাৰ অবিহনেতো মই জীয়াই থাকিব নোৱাৰো । সেয়ে, এতিয়া মই মৃত্যুৰ শীতল কোলাত । চিনি পাইছানে মোক ? মই তোমাৰ সদ্যজাত সন্তান, মা যাক, তুমি আকোৱালী লৈছিলা , মাত্ৰ কেইটিমান মুহুৰ্ত্তৰ বাবে । আৰু ………………………………. ল’ৰাল’ৰিকৈ মাজ নিশা, এৰি গৈছিলা, চহৰৰ এই ডাষ্টবিন টোত ।  ✍ দীপাংক শৰ্ম্মা  
Read More
সৌহাৰ্দ্য

সৌহাৰ্দ্য

সোণসেৰীয়া পথটোৱেদি আৰম্ভ কৰিছিলোঁ জীৱনৰ আদিপাঠ হাতে হাত ধৰি এখন দুখনকৈ সহচৰ হৈছিল কেইবাখনো হাত। শৈশৱৰ ৰং ধেমালি,মান অভিমানবোৰৰ মাজত কলাকলকৈ বাঢ়ি গৈছিল আমাৰ বয়সৰ ৰেখাডাল। 'হালধীয়া পখিলাৰে যা পখিলী যা' নৃত্যৰ তালত শৈশৱৰ সহপাঠীৰে জীৱনৰ ৰথ চলি যায়। সলনি হয় হাতে হাত ধৰি আগবঢ়াৰ হিচাপডাল। কোনো যদি অতীত হয় কোনো হয় বৰ্তমান। তথাপিও সময়ে সাঁচে স্মৃতিৰ মণিকোঠা। কৈশোৰে সকলোকে হাত বাউলি মাতে। পৰিসংখ্যা বোৰ বাঢ়ি যায়। জীৱন ৰঙীয়াল হয়। মান অভিমানৰ অনুভূতিবোৰত লোতক নিগৰে। তথাপিও এনাজৰীডাল দৃঢ় হয়। যৌৱনে হাত বাউলি মাতে। সংখ্যাবোৰ আৰু বাঢ়ে,বাঢ়ে অভিমানৰ জোলোঙাখন। জীৱনলৈ যেন মাদকতা আহে। হায়ৰে জীৱন, ইমান প্ৰিয় এই মানুহবোৰ। পূৱৰ পৰা…
Read More