Assamese film review

সমান্তৰাল

সমান্তৰাল

সমান্তৰাল এখন সমতলত থাকি কাহানিও একলগ নোহোৱা সৰলৰেখাকেই গণিতত সমান্তৰাল ৰেখা বোলা হ'য় ৷৷ সমান্তৰাল ৰেখা ৰেলৰ চিৰিৰ দৰে কেতিয়াওঁ ওচৰ চাপিবও নোৱাৰে আৰু আতৰলৈ গুছি যাবও নোৱাৰে, সমান ব্যৱধানত আজীৱন একেলগে থাকি যায় দুডাল ৰেখা আৰু তাৰেই নাম সমান্তৰাল ৰেখা ৷৷ মানুহৰ জীৱনটো সমান্তৰাল জীৱন কিছুমান থাকে, সভ্য সমাজৰ প্ৰাকৃতিক (natural) জীৱন শৈলীৰ সমাজখনতে সভ্য সমাজৰ ধাৰণাত অপ্ৰাকৃতিক (un-natural) জীৱন শৈলীৰো এচাম মানুহ থাকে ৷৷ হয়তো সামাজিক আৰু পশ্চাদমুখী ধাৰণাৰ বাবেই দুয়োটা জীৱন কাষ চাপিবও নোৱাৰে অথচ দূৰ হবও নোৱাৰে, দুয়োটা জীৱন সমান্তৰাল হৈয়ে থাকি যায় ৷৷ সৰুতে মটৰ দূৰ্ঘটনাত পিতৃ মাতৃক হেৰুওৱা আলসুৱা লৰাটোৱে ডেকা বয়সলৈ বৰ্ডিং স্কুলতে…
Read More
Is Love Enough Sir

Is Love Enough Sir

Is Love Enough Sir মহাৰাষ্ট্ৰৰ ভিতৰুৱা গাওঁ এখনৰ পৰা মুম্বাই চহৰত বনকৰা মহিলা ৰূপে নিয়োজিত ৰত্না ৷৷ ঘৰৰ পৰা মুম্বাইলৈ আহোতে বাটত বেগৰ পৰা উলিয়াই নীলা খাৰু দুমুঠি পিন্ধে দুয়োখন হাতত, একেই দুমুঠি খাৰু মুম্বাইৰ পৰা ঘৰলৈ যাওঁতে ঘৰ পোৱাৰ আগমূহুৰ্তত গাড়ীৰ ভিতৰতে খুলি পুনৰ বেগত ভৰাই লয় ৷৷ বিয়াৰ চাৰিমাহৰ পিছতে স্বামীৰ বিয়োগ হোৱা বিধবা ৰত্না ৷৷ নিউইয়ৰ্কত হব লগীয়া বিয়াখন বাকদত্তাই বাতিল কৰি দিয়াত পুনৰ ঘৰলৈ ঘূৰি অহা ৰিয়েল ষ্টেট বিল্ডাৰৰ পুত্ৰ নিসংগ অশ্বিন ৷৷ সীমাহীন শূণ্যতাৰ মাজতে দুয়োটা জীৱন, অশ্বিনৰ আৰু বনকৰা মহিলা ৰত্না দুয়ো নিজৰ নিজৰ কক্ষ পথত সন্ধান কৰিছে কেবল জীৱন জীয়াই থকাৰ যোগাত্মক দিশবোৰৰ…
Read More