এটা স্মৰণীয় ভ্ৰমণ

আৰম্ভণিতে দুটামান কথা ক’ব খুজিছোঁ। তেনেই সাধাৰণ যেন লগা ভ্ৰমণ। কিন্তু মোৰ কাৰণে বহুত স্পিচিয়েল। মোৰ মা জীৱিত থকা কালত ,মা লগত কৰা ভ্ৰমণৰ ভিতৰত এইটো আটাইতকৈ স্মৰণীয়।মা চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ, পাচ বছৰ থাকোঁতে, এই পৃথিৱীৰ পৰা গুচি গ’ল।আৰু এটা কথা,এতিয়া আৰু ঘাট পাৰ হ’ব কাৰণে ফেৰী নাই।ফেৰী আমাৰ কাৰণে স্মৃতি হৈ ৰ’ল।বহুত আবেগ জড়িত হৈ আছে বগীবিলৰ লগত। ভালদৰে ব্যাখ্যা কৰিম নোৱাৰিম চাগৈ মনৰ অনুভৱ খিনিক।

যোৰহাট লৈ গৈছিলো ১৯৯৮ চনৰ ৭জুলাইত।মা আছিল লগত।তেতিয়া সপ্তম মানত।তেতিয়া ধেমাজিত বানপানী হৈছিল।ৰেডিঅ’, দূৰদশ`ন,বাতৰি কাকতত ধেমাজি নাম সঘনাই উচচাৰিত আৰু প্ৰচাৰ হৈছিল বানপানী কাৰণে।দেউতাই আমাক লালুংতিনিআলি লৈকে আগবঢ়াব গৈছিল।যাত্ৰা আৰম্ভ কৰিব কাৰণে,আমি তিনিও জনে ধেমাজি নগৰৰ তিনি-আলিত ৪০৭ বাছ এখনত উঠিলো।বাহিৰত তেতিয়া কিনকিনীয়া বৰষুণ।মা আৰু মই একেলগে বহো।দেউতা বেলেগ এটা ছিটত।বাছখনত যাত্ৰী মাথোঁ সাতজন।এটা সময়ত লালুংতিনিআলি পালোঁ।বানপানীৰ দৃশ্য দেখি তবধ মানিলো।দৃষ্টিৰে যিমান দূৰলৈ চাব পাৰি কেৱল পানী।সেই দৃশ্য অপাৰ সমুদ্ৰ যেন অনুভৱ হৈছিল।পানীৰ দৃশ্য দেখি মা-দেউতাই গুণা-গথা কৰিবলৈ ধৰিলে -যোৱা হ’বনে নহ’ব।শেষত যেনিবা যোৱা টোকে সিদ্ধান্ত কৰিলে।দেউতাই আমাক হাতজোকাৰি বিদায় দিলে।লালুংতিনিআলিত পানী বেছি হোৱা কাৰণে খোজকাঢ়ি যোৱাতো অসুবিধা হ’ল।তেনে তে হাতনাও এখন ওলাই ছিলহি ক’ৰবাৰ পৰা।ভগৱানৰ নাম স্মৰণ কৰি নাওঁ খনত ছয় যন যাত্ৰী উঠিলো।মা,মই, বেংগলী মানুহ দুজন লগত তেওঁ লোকৰ ভনীয়েক এজনী আৰু এগৰাকী মহিলা।নাওঁ খন টুলুংভুটুং কৰি গৈ থাকিল।মনত ভয় হ’বলৈ ধৰিলে।আকৌ মনতে ভাবিলোঁ ,বিপদত ধৈৰ্য্য হেৰুৱাব নাপায়।নাও চলি গৈ থাকিল।এটা সময়ত পাৰত নমাই দিলে।আচলতে নাৱৰীয়াজনে আমাক চমু পথটোত নমাই নিদিলে।ৰেলৰ চিৰিৰ কাষত নমাই দিলে।আমি কিনকিনীয়া বৰষুণ নেওচি ৰেলৰ চিৰিৰ ওপৰেদি গৈ থাকিলো।ভৰিৰ তলুৱাত বিষ যথেষ্ট হৈছিল। আমাৰ আগে আগে বেংগলী পৰিয়াল টোৰ ককায়েক, ভায়েক আৰু ভনীয়েক জনী।পিছত মহিলা গৰাকী।মনে মনে ভাবি গৈ থাকিলো-গাইনদী পাবলৈ বহুখিনি বাট আছে, তাত বা কি অৱস্থা হয়?ৰেলৰ চিৰিৰ কাষত মানুহে সৰু সৰু ঘৰ সাজি বাস কৰিছে কাৰণ বানপানী য়ে তেওঁ লোকৰ ঘৰ বুৰাই পেলাইছিল।ওচৰৰ পানীৰ পৰা তেওঁ লোকে মাছ ধৰি খাইছিল।সেই দৃশ্য দেখা হেতেন সকলো মানুহৰ অন্তৰে হাহাকাৰ কৰি উঠিলেহেঁতেন।সচাঁ কথা জীৱনত মই বানপানীৰ ভয়াৱহ ৰূপ কাহানিও দেখা নাছিলো।

প্ৰায় এঘণ্টা খোজ কাঢ়ি যোৱাৰ পিছত, ৰেলৰ চিৰিৰ পৰা নামি চিৰিপানি পালোঁ।কিন্তু তাত এখনো অট’ৰিক্সা নাই, গাইনদী যোৱাৰ বাবে।এখন অট’ৰিক্সা আছিল, সেই খন বেয়া হোৱাত ভাল কৰি আছিল।অট’ৰিক্সা নোহোৱাত আটাইকেইজন যাত্ৰী খোজ কাঢ়ি গৈ থাকিলো।অৱশেষত গাইনদী পালোঁ।তাৰ পানীৰ দৃশ্য দেখি অবাক হ’লো।বেংগলী পৰিয়াল টো পাৰ হৈ গ’ল।মহিলা গৰাকী পানীৰ সোত দেখি,যাব নোৱাৰিব ভাবি ৰৈ দিলে।মা আৰু মই ভগৱানক কৃষ্ণ কৃষ্ণ কৰি পাৰ হ’ব লওঁতে,পানী ফেনে-ফুটুকাৰে বাঢ়ি অহা দেখি, মই কান্দি দিলোঁ।মা ই মোৰ চকু পানী দেখি ক’লে কান্দিব নাপায়।মোৰ ফ্ৰকটোৰ তলৰডোখৰ অথা`ৎ আঠুত পৰা কাপোৰ তিতি গ’ল।আমি যেনিবা কোনোমতে খোজকাঢ়ি গাইনদী পাৰ হৈ গ’লো।যিকিনহ ওক গাই নদী পাৰ হৈ এখন বাছত উঠি গাইনদী ত নামি দিওঁ।ঘাট যাবৰ কাৰণে জীপ এখন ৰৈ আছিল।আমাৰ লগত যোৱা আটাইকেইজন যাত্ৰী চিলাপথাৰলৈ গৈছিল।জীপত মা আৰু মই উঠিলো ঘাট পোৱাৰ কাৰণে।জীপখন দ্ৰুতগতিৰে গৈ ঘাট পালে।আমি ফেৰীত উঠি বহিলোঁ।ফেৰী চলিবলৈ ধৰিলে।ডেৰঘণ্টাৰ পিছত ফেৰীৰ পৰা নামিলো।তাৰপিছত খোজ কাঢ়ি ডিব্ৰুগড় টাউন পালোঁহি।সিদিনা ভগৱানে আমাক চকু মেলি চাইছিল।কিয়নো যোৰহাট লৈ যোৱা শেষৰ গাঢ়ীখন কোনোমতে পালোঁ।যোৰহাট লৈ যাত্ৰা আৰম্ভ কৰিছিলো।

মোৰ মানসপটত আজিও এই ভ্ৰমণ স্মৃতি য়ে দোলা দিয়ে ।নষ্টালজিক হৈ পৰোঁ।

বি দ্ৰ: বানপানী হ’লেও ধেমাজি টাউন খন বাচি থাকে।আমি যিহেতু ১০নং ৱাডৰ বাসিন্দা, সেয়ে বানপানী ভয়াৱহ ৰূপ কেতিয়াও দেখা নাছিলো।

চুনি বুঢ়াগোহাঁই হাজৰিকা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

7 + 2 =