পিয়াজ

দুহাতত শিল্পীৰ নিপুনতা লৈ
ৰূপ ৰস গন্ধৰ মাদকতা বিলাই যোৱা।
উষ্ণ কোমল হৃদয় খনৰ বাবেই চাগে–
সহজে বন্ধুত্ব তোমাৰ-
-বহুতৰে সতে ।
কিছুমানে তোমাক উপেক্ষা কৰে ;
মই জানো সেয়া আচলতে ভয়!
তেওঁলোকৰ অবচেতন মনত তুমি হেনো
জগাই তুলিব খোজা-
সুপ্ত অতীত; নিলাভ অংকুৰ |
………… এহৃদয় ৰিক্ততা
সকলো পাইও চোন বহু কিবা কিবি নাই।
তেওঁ ও নিশব্দে উচুপি উঠা মই দেখিছিলোঁ- তোমাৰ বাবে !
তোমাৰ বিষাদৰ আঁহ পাঁহ বোৰ
খুলি খুলি চাই
মই নিশ্চিত হ’লো ——
তুমিও ও নাৰী !

ম’নালিছা নাথ

By