কিছু হুমুনিয়াহৰ আলেখ্য

তোমাৰ পৃথিৱীত নিষ্পেষিত প্ৰেমৰ যে স্থান নাই,

মই অজ্ঞ নাছিলোঁ….

তথাপিও মৰমবোৰ মাৰাত্মকভাৱে এপাট শৰ হৈ গুছি গৈছিল তোমালৈ।

এৰা, তোমাৰ মৰমবোৰ যে একেবাৰে কঠোৰ হৈ গ’ল

গাণ্ডীৱৰ শৰেও হয়তো বিন্ধিব নোৱাৰাকৈ…

কি কৰিবা এনে কঠিন হৃদয়ৰ আভৰণ লৈ,

পাৰিবা জানো নিৰানন্দ জীৱনৰ সৈতে লুকাভাকু খেলিবলৈ?

দীপাৱলীৰ দোমোজাত,

তোমাৰ পদুলিৰ চাকিবোৰ চুৰি কৰিবলৈ,

এৰি দিছিলোঁ মোৰ আকাংক্ষাবোৰক,

কিন্তু বিফলতাৰ বিসৰ্গৰে জৰ্জৰিত…

মোৰ আকাংক্ষা বোৰ ঘুৰি আহিল বুমেৰাং হৈ…

তোমাৰ প্ৰেমৰ ফুলাম গামোচা নহয়…

কিছু হুমুনিয়াহৰ আলেখ্য হৈ।

দৰজেক পালে এদিন সূধিলোঁহেতেন!

মৌন ওঁঠ হলেও হব পাৰেনে মুখৰ হৃদয়?

কৃষ ভটছ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

38 − 28 =