সৌন্দৰ্যৰে ভৰা শিলঘাট

মৰাপাট কল থকাৰ বাবে বিখ্যাত শিলঘাট ঠাইখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা! মই কলিয়াবৰৰে জীয়ৰী হোৱাৰ বাবে এই ঠাইখনলৈ যোৱাৰ সৌভাগ্য বহুবাৰ ঘটিছিল । আমি ঘৰৰ পৰা গাড়ীৰেই যাওঁ বিশেষ আকৰ্ষণ ‘ মা কামাখ্যা মন্দিৰ ‘সেই ঠাইত অৱস্থিত । মৰাপাট কলৰ প্ৰায় গাতে লাগি থকা যেন বহুত ওপৰত কামাখ্যা মা ৰ মন্দিৰৰ অপৰূপ সৌন্দৰ্য তথা মহিমা আছে ।আগতে আমি খটখটিৰে কেৱল উঠি যাব লগা হৈছিল কিন্তু এতিয়া বাট বান্ধি দিয়াত গাড়ী ওপৰলৈকে নিব পাৰি সেয়ে বয়সস্থ মানুহ যাবলৈও সুবিধা হ’ল ।এবাৰ মোৰ মনত আছে মোৰ আইতাক দেউতায়ে লৈ গৈছিল তেতিয়াতো খটখটিৰে বগাই যাব লাগিছিল আইতা ৰৈ ৰৈ ‘জয় মা কামাখ্যা ‘বুলি কৈ কৈ উঠি গৈ মা কামাখ্যাৰ দৰ্শন কৰিছিল আৰু আমি কণমানিকেইটামানে দৌৰি দৌৰি বহুদূৰ গৈ তলত থকা আইতা হঁতক চাই ৰিঙিয়াই ৰাঙিয়াই জোকাই হেঁপাহ পলাইছিলো !সেইবোৰ অতীত ।এতিয়া বাট পথৰো বহুত সুবিধা হ’ল ।

মন্দিৰৰ নিলগতে থকা চাহপাতৰ বাগানখনৰ সেউজীয়া পাতবোৰে সকলোৰে মন মুগ্ধ কৰে’ এটি কলি দুটি কুঁহিপাত ‘।।।।। সদায় গ’লেই দেখা চাহপাতৰ জোপোহা গছবোৰৰ মাজত ৰৈ ৰৈ ফটো উঠাৰ কি যে চখ আছিল মোৰ । মুক্ত বিহংগিনী আছিলো ! সঁচাই আজিও জীপাল হৈ পৰে মনবোৰ ।

শিলঘাটত প্ৰত্যেক বছৰে চ’তৰ শেষত /বহাগৰ প্ৰথম ভাগত ‘অশোকাষ্টমী’মেলা হয় !এইবাৰ পিছে স্থগিত থাকিল কৰোণাৰ আতংকৰ বাবেই । মা কামাখ্যা মন্দিৰৰ তলৰ পৰাই এই মেলাৰ দোকানবোৰ বহে কি নোলাই তাত মোৰ কিন্তু সৰুৰ পৰাই আকৰ্ষণ বিন্দু আছিল ডাঙৰ ডাঙৰ চকৰীত উঠা আৰু চুৰি(আইনাৰ খাৰু) কিনি হাতখন ভৰ্তি কৰি জুনজুনাই শব্দ কৰা, বহুবাৰ এই চখে মোৰ হাত কাটি ৰাঙলীও কৰিছিল দেই, তথাপিচোন হেপাহ জাগে ! কি যে ভাল লাগিছিল সেইবোৰ দিন, বিয়া হোৱাৰ পৰা সেই মেলা চাব পোৱাই নাই ।

শিলঘাটতে ‘ত্ৰিশূলধাৰী ‘বুলি এখন ঠাই আছে ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা ত্ৰিশূলধাৰীত বনভোজ খাবলৈ প্ৰত্যেক বছৰে মানুহৰ লানি লাগে ।অপৰূপ সৌন্দৰ্যৰে ভৰা মনোমোহা প্ৰকৃতিয়ে নিজে যেন হাত বুলাই এই ঠাইৰ সৃষ্টি কৰিছে ।

শিলঘাটৰ ওচৰতে থকা আৰু এখন ঠাই হ’ল হাটীমূঢ়া !ইয়াতো ওপৰত ‘মা দূৰ্গা মন্দিৰ’ অৱস্থিত তথা তলত ব্ৰহ্মপুত্ৰৰ বালিত বনভোজ খোৱাৰ সুন্দৰ ব্যৱস্থা আছে ।

শিলঘাটতে ‘কলিয়াবৰ মানৰ’ ‘Kaliabor Manor ‘ বুলি এখন খুব সুন্দৰ ৰিজৰ্ট আছে য’ত থকা খোৱাৰ সুন্দৰ ব্যৱস্থা আছে সেই ৰিজৰ্টৰ মালিকজনৰ নাম প্ৰশান্ত বৰগোঁহাই (৭৬৩৫৮০০৮৭৮)তেওঁক উক্ত ফোন নম্বৰটোত ফোন কৰিলেই সকলো থকাৰ ব্যৱস্থা কৰি দিয়ে।ৰিজৰ্ট খনত অনলাইন বুক কৰা হয় । (কেতিয়াবা যদি কোনোবা যায় আগতেই ফোন কৰি ৰিজৰ্ট বুক কৰিব সুবিধা হ’ব বুলিয়েই মই ফোন নম্বৰটো তেখেতৰ অনুমতি লৈয়ে দিছো দেই) ৰিজৰ্ট খনৰ পৰিৱেশ ইমান ধুনীয়া যে লিখি প্ৰকাশ কৰিবলৈ মোৰ ভাষা কম হ’ব হয়তো (মই দুকপিমান ফটো সংলগ্ন কৰিছো আপোনাসৱে চাবচোন ) মোৰ মাৰ ঘৰ তেনেই ওচৰতে বাবে মোৰ ৰাতি থকা হোৱা নাই যদিও ৰাতি ৰিজৰ্ট খনত থকাৰ হেঁপাহকণ আছে এইবাৰ গৰমৰ বন্ধত ঘৰলৈ গৈ তালৈ যোৱাৰ কথা আছিল পিছে কৰুণাৰ বাবে সকলো বন্ধ হ’ল ! যি নহওক আমি মানুহ সদায় আশাবাদী আমাৰ ভাললগা দিনবোৰ পুনৰ ঘূৰি আহিব, পুনৰ আমি মুক্ত আকাশৰ তলত উশাহ ল’ম ।

[বি:দ্ৰ: — শিলঘাটলৈ আহিবলৈ গুৱাহাটীৰ পৰা আহিলে যাত্ৰীসকলে ট্ৰেইনৰ সুবিধাও গ্ৰহণ কৰিব পাৰিব ।ট্ৰেইনেৰে আহিলে শিলঘাটত নামিলেই হ’ব আৰু বাছেৰে যাত্ৰা কৰাসকলে জখলাবন্ধা নামৰ ঠাইখনত নামি তাৰপৰা অট’টেক্সি নাইবা গাড়ী এখন ভাড়া কৰি সুন্দৰকৈ আহিব পাৰিব ।]

মমী বৰঠাকুৰ

By