এটা কলম কিনক

মানুহৰ মনত আঘাত কৰিব পৰা কেইখন মান তীক্ষ্ণ আৰু হৃদয় বিদাৰক ফটো ৷৷ লেবাননৰ ৰাজধানী বেইৰুটৰ ব্যস্ত ৰাজপথত সাধাৰণ আৰু কমদামী কলম কেইটামান লৈ বিক্ৰিৰ বাবে গ্ৰাহকৰ সন্ধানত এজন ব্যক্তি, মুখত হতাশা, ভাগৰ, অন্ধকাৰৰ চিন ৷৷ সেইখিনিলৈকো ঠিকেই আছিল পিছে ফটোখনত দেখা গৈছিল তেওঁৰেই চাৰি পাঁচ বছৰীয়া কন্যা সন্তানটি এটি কান্ধত শুই আছিল ৷৷ এহাতে শুই থকা কন্যাটিক চম্ভালি আনখন হাতেৰে মানুহক ৰখাই ৰখাই কলম কিনিবলৈ অনুৰোধ কৰি ফুৰিছিল মানুহজনে ৷৷

মানুহজনৰ নাম আছিল আব্দুল হালিম আল আট্টাৰ ৷৷ গৃহযুদ্ধত জৰ্জৰিত চিৰিয়াত নিজৰ পত্নী সহ সৰ্বস্ব হেৰুৱাই কন্যা ৰিম সহ বাকী সন্তান দুটিক লৈ লেবাননত আশ্ৰয় লোৱা এজন দূৰ্ভগীয়া শৰণাৰ্থী ৷৷

চিৰিয়াৰ ৰাজধানী ডামাস্কাচত মিঠাই আৰু চকোলেটৰ দোকান থকা এসময়ৰ আধ্যবন্ত ব্যৱসায়ী আব্দুল হালিম আল আত্তাৰক লেবাননৰ ৰাজধানী বেইৰুটৰ ৰাজপথত কলম বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল কান্ধত ৰোগীয়া সন্তানেৰে চিৰিয়াৰ গৃহ যুদ্ধই ৷৷

“জীৱনে মোক পৰীক্ষা লোৱা নাছিল, যুদ্ধই বাধ্য কৰাইছে আমাক ৷৷ শান্তিপূৰ্ণ দেশৰ নাগৰিক সকলে আমাৰ অৱস্থা চাই বুজা উচিত গৃহযুদ্ধ কিমান মাৰাত্মক হব পাৰে য’ত নিজৰ দেশতে অঘৰী হয় শত সহস্ৰ মানুহ “

“মোৰ অকনমানি ছোৱালীজনীক এৰি ক’লৈকো যাব নোৱাৰা হৈছিলো ৷৷ মই বহুত ঠাইত কামৰ সন্ধানত ঘূৰিছিলো কিন্তু মাতৃহীন ছোৱালীজনীক লগত লৈ কাম কৰাটো কোনো মানুহেই পচন্দ নকৰিছিল, অৱশেষত কলম বিক্ৰি কৰাটোৱেই মোৰ শেষ সম্বল আছিল সন্তানৰ মুখত কিবা এটা দিবৰ বাবে ৷৷ তেত্ৰিশ বছৰীয়া জীৱনটোত মই মোৰ সন্তানৰ সন্মূখত ভিক্ষাৰী ৰূপত ধৰা দি ভিক্ষা বৃত্তি কৰিবলৈ মুঠেই পচন্দ কৰা নাছিলো, মোৰ বিবেকেও অনুমতি দিয়া নাছিল মোক”

বেইৰুটৰ ৰাজপথত আব্দুলে হাঁহি মূখেৰে কলম বেছি ফুৰিছিল লগত ৰীমক লৈ ৷৷ তেওঁৰ আশা আৰু হাঁহি ভৰা মূখ মণ্ডলক লৈ বহুতে বিদ্ৰুপ কৰিছিল “ইমান দূৰ্য্যোগৰ পিছতো হাঁহিবলৈ কেনেকৈ পাৰা তুমি?”

“ঈশ্বৰে সকলোবোৰ কাঢ়ি নিলেওঁ অন্তত হাঁহিটো কাঢ়ি নিয়া নাছিল মোৰ পৰা ৷৷ অলংকাৰৰ দৰে পিন্ধিছিলো সেই হতাশা ভৰা দূৰ্য্যোগৰ দিনবোৰত”

বেইৰুট চহৰৰ ৰাজপথত এজন সৰ্বস্ব হেৰুওৱা পিতৃয়ে কন্যা সন্তানক কান্ধত লৈ কলম বিক্ৰি কৰাৰ এই তীক্ষ্ণ ফটোবোৰ প্ৰথমে ধৰা দিয়ে নৰৱে ৰ এগৰাকী ব্যক্তি গিচ্চুৰ চিমনাৰ’চনৰ চকুত ৷৷ পেচাত এগৰাকী সাংবাদিক চিমনাৰ’চনে ইন্টাৰনেটত অসহায় পিতা পুত্ৰীৰ ফটোবোৰ দেখি নিজৰ টুইটাৰ একাউন্টত প্ৰচাৰ কৰে ৷৷ লেবাননৰ স্থানীয় নাগৰিক আৰু সাংবাদিক সকলে বিশেষকৈ লেবাননৰ সাংবাদিক কেৰ’ল মালাফে সক্ৰিয় আৰু যুটীয়া ভাবে চিমনাৰচনক এইক্ষেত্ৰত আব্দুল হালিম আল আত্তাৰ আৰু ৰিমক বিচাৰি উলিওৱাত সহায় কৰে টুইটাৰ যোগে ৷৷ চিমনাৰচনৰ সেই টুইটাৰ চচিয়েল মিডিয়াত ব্যাপক খলকনি তোলে ৷৷ প্ৰতিটো চেকেন্ডত হৃদয় কঁপোৱা ফটো দুখনৰ প্ৰতি সমগ্ৰ বিশ্বৰে ইন্টাৰনেট আৰু চচিয়েল মিডিয়াত সক্ৰিয় সকলৰ সঁহাৰি দেখি চিমনাৰচনৰ মনলৈ নতুন আশা এটিয়ে ধৰা দিলে ৷৷ পিছদিনাই তেখেতে “এটা কলম কিনক” বুলি ক্ৰাউড ফাণ্ডিং অভিযান আৰম্ভ কৰি দিয়ে টুইটাৰৰ যোগেৰে ৷৷

লেবাননৰ বাটে পথে ফুল বেছি ফুৰা হাজাৰ হাজাৰ শৰণাৰ্থী শিশুৰ মাজৰ পৰা দূৰ্ভগীয়া ৰীম আৰু আব্দুলৰ ফটোখনে বিশ্ববাসীক জোকাৰি গৈছিল ৷৷

“মই আছৰিত হৈছিলো লেবাননৰ নাগৰিক আৰু পৰ্য্যটক সকলে বাটে পথে মোবাইল ফোনত মোৰ আৰু ৰীমৰ ফটোখন দেখুৱাই সুধিছিল তোমাক কিবা সহায় কৰিব পাৰো নেকি কোৱা ৷৷”

“মই নিৰবে কলম এটা কিনিবলৈ অনুৰোধ কৰিছিলো মাত্ৰ ৷৷” ইন্টাৰনেট আৰু চচিয়েল মিডিয়াৰ পৰা শত যোজন দূৰৈত থকা আব্দুলে কৈছিল এনেদৰে, তেওঁ নাজানিছিল যে তেওঁলোকৰ অজ্ঞাতে সমগ্ৰ পৃথিবী এক হৈ পৰিছিল পিতা পুত্ৰীক সহায় কৰিবলৈ ৷৷

অভূতপূৰ্বভাবে “এটা কলম কিনক” টুইটাৰ অভিযানৰ বাইশ ঘন্টাৰ ভিতৰতে সমগ্ৰ বিশ্বৰ পৰা 60752 মাৰ্কিণ ডলাৰ জমা হৈছিল আৰু বানপানী বঢ়া দি আৰ্থিক সাহাৰ্য্য বাঢ়ি গৈয়ে আছিল ৷৷

“মই আচৰিত হৈ পৰিছিলো ‘এটা কলম কিনক’ অভিযানটোৱে ইমান কম সময়তে এক বিপ্লৱৰ ৰূপ ললে যিটো ময়ো ভবা নাছিলো ৷৷ বিশ্বাসৰ বাহিৰলৈ গুছি গৈছিল সংগ্ৰহিত ধনৰ পৰিমান” চিমনাৰ’চনে নিজৰ আশ্চৰ্য্য লুকুৱাই ৰাখিব পৰা নাছিল ৰাইজৰ সহাৰিত, আবেগিক হৈ পৰিছিল তেওঁ ৷৷

ইয়াৰ পিছত সমস্যা আৰম্ভ হৈছিল চিমনাৰ’চনৰ, পৰ্বত সদৃশ সেই বৰঙনি তেওঁ লেবাননৰ ৰাজধানী বেইৰুটৰ দূৰ্ভগীয়া পিতা পুত্ৰীলৈ প্ৰেৰণ কৰাত ৷৷ তেওঁ আব্দুল হালিম বিন আত্তাৰক নৰৱেলৈ আনিব নোৱাৰে ইপিনে আগপিছ নভবাকৈ এই বিশাল ধনৰাশি তেখেতলৈ প্ৰেৰণো কৰিব নোৱাৰে ৷৷

ষ্টিফেন হেল, ৰিফিউজি সকলৰ বাবে ধন সংগ্ৰহৰ দাতব্য অনুষ্ঠাণ এটাৰ মূখ্য কাৰ্য্যবাহী এগৰাকীয়ে বিবিচি বাৰ্তা সংস্থাৰ জড়িয়তে চিমনাৰ’চনে সংগ্ৰহ কৰা বিশাল ধনৰাশি আব্দুল হালিম বিন আত্তাৰ আৰু ৰিমৰ কাষলৈ নিয়াত সহায় কৰিবলৈ আগবাঢ়ি আহে ৷৷

ৰাষ্ট্ৰসংঘৰ ৰিফিউজী হাই কমিছণৰ সেই সময়ত চিৰিয়াৰ শৰণাৰ্থী সকলৰ সাহাৰ্য্যৰ বাবে প্ৰায় পাঁচ দশমিক পাঁচ বিলিয়ণ মাৰ্কিণ ডলাৰৰ প্ৰয়োজন আছিল ৷৷ তেনে সময়ত চিমনাৰ’চনৰ দৰে মানব দৰদী সাংবাদিকৰ চচিয়েল মিডিয়াৰ এই ধন সংগ্ৰহৰ অভিযান সমগ্ৰ ৰাষ্ট্ৰ সংঘৰ কাৰ্য্যববীয়া সকললৈ কঢ়িয়াই আনিছিল আশাৰ বতৰা ৷৷

এজন মানুহৰ বাবে আন এজন মানুহে সমগ্ৰ বিশ্ববাসীৰ পৰা সহায় বিচৰাতো মানবতাৰ দৃষ্টি ভংগীৰে অতিশয় আশা ব্যঞ্জক আছিল ৷৷

তেতিয়ালৈকে সমগ্ৰ পৃথিবী কঁপোৱা ফটো দুখনৰ মূল পিতা পুত্ৰী সমগ্ৰ বিষয়টোৰ পৰা অজ্ঞাত আছিল ৷৷

ৰিমৰ অসুষ্ঠ অৱস্থাত চিন্তিত আব্দুলক যেতিয়া জনোৱা হৈছিল যে সমগ্ৰ পৃথিবীয়ে তেওঁক সহায় কৰিবলৈ এক বিশাল ধনৰাশি পঠিয়াইছে প্ৰথম অৱস্থাত জীৱন আৰু মানুহৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলোওৱা পিতৃ গৰাকীয়ে নিত্য নৈমত্তিক ঠাট্টা মস্কৰাৰ মূখামূখি হোৱাৰ দৰেই এক স্বাভাৱিক তাচ্ছিল্য বুলি গ্ৰহন কৰিছিল কথাটো ৷৷ কিন্তু কম্পিউটাৰৰ সন্মূখত বহুৱাই যেতিয়া দেখুওৱা হৈছিল তেওঁক সমগ্ৰ ঘটনা চাৰিবছৰীয়া কন্যা ৰিমক সাৱতি ধৰি হুক হুকাই কান্দোনত ভাগি পৰিছিল তেওঁ ৷৷

“কেতিয়াবা শুই থকা মানুহবোৰৰ বিবেকক জগাবলৈ একোটা সৰু ফিৰিঙতিৰ প্ৰয়োজন হয়, আচলতে পৃথিবীৰ সকলো মানুহেই ভাল কিন্তু মাজে মাজে মানুহৰ অন্তৰৰ মৰমিয়াল হৃদয় খন শুই পৰে কেতিয়াবা ৷৷ তেনেসময়ত ‘এটা কলম কিনক’ নামৰ ফিৰিঙতি বোৰৰ প্ৰয়োজন হয় মানুহৰ হৃদয়ত জুই জ্বলাই মৰমবোৰ গলাই পেলাবলৈ” চিমনাৰ’চনৰ অভিযানৰ সফল সমাপ্তিত মানব দৰদী সাংবাদিক জনে এনেদৰে কৈছিল ৷৷

আব্দুলে তেখেতৰ আত্মসন্মান আৰু জীয়াই থকাৰ অৱলম্বন ঘূৰাই পাইছিল সমগ্ৰ বিশ্ববাসীৰ যোগেৰে ৷৷

“সমগ্ৰ বিশ্বই এতিয়াওঁ মানবতা পৰিত্যাগ কৰা নাই, মানবতা জীয়াই থকাৰ বাবেই মোৰ দৰে শৰণাৰ্থী সকলে নিজৰ বিধ্বস্ত জীৱনৰ কাহিনী কবলৈ আৰু আত্মসন্মান পুনৰোদ্ধাৰৰ সংগ্ৰাম কৰিবলৈ সাহস পাইছে”

লেবাননৰ ৰাজধানী বেইৰুটত বৰ্তমান হোটেল এখন আৰম্ভ কৰা আব্দুলে কৰ্মসংস্থাপন আৰু খাদ্যৰ সন্ধানত হাঁহাকাৰ কৰি থকা বহুতো শৰণাৰ্থীকে এই হোটেলত কৰ্ম সমস্থাপন দিব পাৰিছে লগতে অকনমানি ৰিম আৰু পুত্ৰৰ বাবে সৰুকৈ এটা ঘৰৰ যোগাৰ কৰি লৈছে লেবাননত ৷৷

” মোৰ ফটো উঠাওতে মই আহত হৈছিলো, মই দূৰ্ভগীয়া হলেও মোৰ সন্তান সকলক দূৰ্ভগীয়া বুলি আনে কোৱাটো নিবিচাৰো আনহাতে মই কলম বিক্ৰী কৰিছিলো সন্তানৰ বাবে এমুঠি আহাৰ গোটাবলৈ ৷৷ মইতো ভিক্ষা খোজা নাই কাৰো ওচৰত, মোক পৃথিবীয়ে কলম বিক্ৰেতা বুলি জানক মোৰ আপত্তি নাই কিন্তু ভিক্ষাৰীৰ ৰূপত পৰিচিত হবলৈ কাহানিও আগ্ৰহ নকৰো মই ৷৷”

“ৰকেট বোৰে আমাৰ দেশ চিৰিয়াৰ আকাশখন এনেদৰে বিদীৰ্ণ কৰি পেলালে যে এতিয়া মোৰ অকনমানি কন্যা সন্তান ৰীমে আকাশেৰে উৰাজাহাজ এখন গলেওঁ শংকিত হৈ পৰে, তাইৰ সেই শংকিত শৈশৱটোৱে আমনি কৰে মোক ৷৷ এনেকুৱা ভয় আৰু শংকাৰে পৃথিবীৰ শিশুবোৰ ডাঙৰ হলে ভৱিষ্যতৰ পৃথিবীখনত সুন্দৰ বুলি কিনো ৰবগৈ” গৃহ যুদ্ধৰ ত্ৰাসৰ এতিয়াওঁ মুক্ত হব নোৱাৰা আব্দুলৰ বাবে যুদ্ধ আৰু ঘৃণা কেতিয়াওঁ পৰিবৰ্তণৰ মাধ্যম হব নোৱাৰে••••

বাপুকণ চৌধুৰী

By