মিষ্টাৰ এণ্ড মিচেছ আইয়াৰ (Mr. and Mrs. Iyer)

মিষ্টাৰ এণ্ড মিচেছ আইয়াৰ

মিষ্টাৰ এণ্ড মিচেছ আইয়াৰ (Mr. and Mrs. Iyer)

নগৰীয়া জানজঁটৰ পৰা দূৰৈৰ এক পাহাৰী হিল ষ্টেচনৰ পৰা বাচ যাত্ৰা আৰম্ভ কৰে ভাৰতৰ জনপ্ৰিয় ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ৰাজা চৌধুৰী (ৰাহুল বোস) ৷৷ একেখন বাচতে ৰাজাৰ সংগী হয় দক্ষিন ভাৰতীয় কঠোৰ পন্থী ব্ৰাক্ষ্মণ বোৱাৰী মিনাক্ষী আয়াৰ (কংকণা সেণ শৰ্মা) আৰু এবছৰীয়া শান্তানম ৷৷ বাছত উঠাই দিবলৈ অহা মিনাক্ষী আয়াৰৰ শহুৰে ৰাজা চৌধুৰীৰ ফটো পেপাৰ আলোচনীত দেখি অনুৰাগী হোৱাৰ বাবেই ৰাজাৰ লগত চিনাকী হৈ বাটটোত মিনাক্ষীৰ দায়িত্ব লবলৈ অনুৰোধ কৰে ৷৷
বাটত মিনাক্ষীয়ে গম পায় ৰাজা চৌধুৰী আছলতে মুছলমান সম্প্ৰদায়ৰ হে যাৰ আচল নাম জাহাঙ্গীৰ চৌধুৰী ৷৷ মিনাক্ষীয়ে ৰাজাৰ পৰা দূৰত্ব বনাই লবলৈ আৰম্ভ কৰে আনকি একেটা বটলত মুখ লগাই পানী খোৱাৰ কথা মনত পৰাত মিনাক্ষীৰ উকালি আহে বমি !!

আবেলিৰ সময়ত পাহাৰী গিৰিপথ এটাত বাছখন বিপদত পৰে ৷৷ সেই অঞ্চলত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত উতপ্ত পৰিস্থিতি তথা সান্ধ্য আইন চলি আছিল ৷৷ বাছৰ দৰজা বন্ধ কৰাৰ পিছতো উগ্ৰ মানুহৰ সম্পূৰ্ণ বাছখন জ্বলাই দিয়াৰ ভাবুকিত কণ্ডাক্টৰে দৰজা খুলি দিবলৈ বাধ্য হয় ৷৷
লগে লগেই হাতত তৰোৱাল লৈ প্ৰৱেশ কৰা মানুহবোৰে বাছৰ ভিতৰত প্ৰবেশ কৰি পুৰুষৰ সকলৰ যৌনাংগ পৰীক্ষা কৰি মুছলমান চিনাক্ত কৰিবলৈ আৰম্ভ কৰে ৷৷ পিছপিনৰ চিটত বহি থকা ইহুদী ব্যক্তি এজনে (উৎপল দত্ত) নিজক বচাবলৈ আঙুলিয়াই দিয়ে সত্তৰোৰ্ধ এহাল বৃদ্ধা (সুৰেখা চিক্ৰী আৰু ভীষ্ম চাহানী)ক ৷৷
হত্যাকাৰীৰ দলটো ৰাজা চৌধুৰীৰ কাষত ৰ’য়হি, কিংকৰ্তব্য বিমূঢ় ৰাজাৰ কাষত বহি থকা মিনাক্ষী আয়াৰে নিজৰ কেচুৱাটো জোৰকৈ ৰাজাৰ বুকত হেঁচি দি নিজৰ মংগল সুত্ৰডাল দেখুৱাই কৈ “মিষ্টাৰ এণ্ড মিচেছ আয়াৰ” বুলি ৷৷

হত্যাকাৰীৰ দলটোৱে বৃদ্ধ ব্যক্তি দুয়োজনক হত্যা কৰে ৷৷
ৰাজাৰ ফটোগ্ৰাফাৰ পৰিচয়ৰ সুবাদতে সেই অঞ্চলৰ দায়িত্বত থকা পুলিচ কমিশ্বনাৰ জনে দেখিয়েই চিনি পায় ৷৷ ৰাতিটো বাছৰ ভিতৰত থকা অসুৰক্ষিত হব বুলিয়েই ৰাজা আৰু মিনাক্ষীক পৰিত্যক্ত ফৰেষ্ট বাংলো এটাৰ ব্যৱস্থা কৰি দিয়ে ৷৷ সেই ৰাতি ৰাজা আৰু মিনাক্ষীয়ে দেখে কিদৰে দূৰৈত মানুহবোৰক খেদি খেদি হত্যা কৰা হৈছিল !!


ফৰেষ্ট বাংলোৰ পৰা পিছদিনা ঘূৰি অহাৰ পিছত বাছৰ বাকী যাত্ৰী সকলৰ মাজত সন্দেহ হয় ৰাজা আৰু মিনাক্ষী প্ৰকৃততে স্বামী স্ত্ৰী হয় নে নহয় ৷৷
সেই দূৰ্দশাৰ মাজতো নিজকে স্বামী স্ত্ৰী সজাবলৈ দুয়ো সঁচা মিছা বহুতো প্ৰেম কাহিনীৰ জোৰা দিবলৈ ধৰে ৷৷
ঘটনা পৰিঘটনা আগুৱাই যোৱাৰ লগে লগে মিনাক্ষীৰ মনৰ পৰা আতৰিবলৈ ধৰে উচ্চবৰ্ণৰ কুসংস্কাৰ তথা মুছলমানৰ প্ৰতি ঘৃণা ভাৱ ৷৷
গৃহ চহৰ কলিকতা পোৱাৰ পিছত ৰেলৱে ষ্টেচনত মিনাক্ষীৰ স্বামীয়ে নিবলৈ আহোতেও মিনাক্ষীয়ে ৰাজাৰ কাণত শেষ বিদায় বাক্যটো কয় “গুড বাই মিষ্টাৰ আয়াৰ !!”

অপৰ্ণা সেনৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে সমৃদ্ধ ছবি খনৰ মূল সম্পদ চিত্ৰনাট্য, কাহিনী আৰু দলগত অভিনয় ৷৷
হত্যাৰ বলি হোৱা দূৰ্ভগীয়া বৃদ্ধ-বৃদ্ধাৰ তেনেই কম সময়ৰ চৰিত্ৰত দূৰ্দান্ত অভিনয় কৰিছে সুৰেশা চিক্ৰি আৰু ভীষ্ম চাহনী(তমস উপন্যাসৰ লিখক) য়ে ৷৷


তাতোকৈ আকৰ্ষণীয় অভিনয় মিনাক্ষীৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা চুচৰিব পৰা কেঁচুৱাটো যাৰ কন্ঠৰ পৰা স্বাভাৱীক ভাবেই ৰাজা চৌধুৰীক উদ্দেশ্যি মতা “আয়াৰ, আয়াৰ” সংলাপটো বিচক্ষণতাৰে পৰিচালিকাই উলিয়াব পাৰিছিল ৷৷


অপৰ্ণা সেনৰ চিনেমা চোৱা দৰ্শকে এটা কথা মন কৰিব পাৰে তেওঁৰ বেছিভাগ চিনেমাতেই অসমৰ উল্লেখ থাকে ৷৷ মিষ্টাৰ এণ্ড মিচেছ আয়াৰো ইয়াৰ ব্যতিক্ৰম নহয়, মিনাক্ষী আৰু ৰাজাৰ মিছা প্ৰেম কাহিনীত কাজিৰঙালৈ এচকাৰ্চণত যাওঁতে প্ৰথম চিনাকী বুলি অসমৰ প্ৰসংগ উল্লেখ কৰিছে ৷৷


মানুহৰ জীৱনৰ চূড়ান্ত মূহুৰ্তত অৰ্থাৎ চকুৰ আগত মৃত্যু দেখা মূহুৰ্তত জাত পাতৰ কুসংস্কাৰ বা হিন্দু মুছলমান পৰিচয়তকৈ মানবীয় পৰিচয় হে গুৰুত্বপূৰ্ণ তাৰেই মূল বক্তব্য এই কথাছবিখন যাক আমি কব পাৰো ৰূপালী পৰ্দাত লিখা মানবীয় সম্পৰ্কৰ এটা শক্তিশালী কবিতা ৷৷


ইংৰাজী ভাষাৰ এই ছবিখনে ভাৰতীয় চলছিত্ৰ মহোৎসৱৰ ৰাষ্ট্ৰীয় সংহতি (National Integrity) শিতানত নাৰ্গিচ দত্ত সোঁৱৰণী স্বৰ্ণকমল বঁটাৰ লগতে কংকণা সেণ শৰ্মাই লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ৷৷
তবলাৰ উস্তাদ জাকিৰ হুছেইনৰ সংগীত পৰিচালনাৰ এটা সুন্দৰ গীত “Dont look away….)
বাৰে বাৰে চালেও হেঁপাহ নপলোৱা এখন চিনেমা “Mr and Mrs Iyer” …..

Directed by Aparna Sen

Starring Rahul Bose, Konkona Sen Sharma

(সৰ্বপ্ৰিয় দহ খন চিনেমাৰ ভিতৰত এখন)

🖋️ বাপুকন চৌধুৰী

Directed by Aparna Sen
Written by Aparna Sen
Produced by N. Venkatesan
Rupali Mehta
Starring Rahul Bose
Konkona Sen Sharma
Cinematography Goutam Ghose
Edited by Raviranjan Maitra
Music by Zakir Hussain
Distributed by MG Distribution
Tips Exports
Release date
  • 19 July 2002
Running time
120 minutes
Country India
Language English
Budget ₹10 million

The Japanese wife movie review

By