ব্ৰাহ্মণকন্যা ৰ কৰুণ গাঁথা

ব্ৰাহ্মণকন্যা

ব্ৰাহ্মণকন্যাৰ কৰুণ গাঁথা

ৰতি এগৰাকী ব্ৰাহ্মণ কন্যা । তাইৰ মাজত আচলতে ৰূপ অথবা গুণ কোনোটোৰে অকনো অভাৱ নাই , কিন্তু ৰূপ – গুণ দুয়োৰে অধিকাৰী হৈও তাই আজি পৰিত্যক্তা । প্ৰকৃততে , বহুজনৰ মতে এয়াই তাইৰ ভাগ্য , যি জনম লওঁতেই তাই লগত লৈ আহিছে ।

দূৰ্গেশ্বৰ শৰ্মাবৰদলৈৰ সৰু জী ৰতি । যাৰ জন্মই এনে ক্ষণত হৈছিল যে গণকৰদ্বাৰা বনোৱা জন্মপত্ৰিকাত তাইৰ ভবিষ্যতৰ সকলো ভালেই উল্লেখ আছিল । হওঁতেতো তাইৰ দেউতাকে নিজেই আন আন লোকৰ জনমপত্ৰিকা তৈয়াৰ কৰিছিল , কিন্তু নিজৰ ঘৰ বা পৰিয়ালৰলোকৰ এনেবোৰ কামৰপৰা তেওঁ সদায় দূৰত আছিল । অৱশ্যে , এই নিয়ম মুখে মুখেই চলি আহিছিল অতীজৰ পৰা যে যেনেকৈ নিজে নিজৰ জনমপত্ৰিকা চাব নাপায় তেনেদৰে পৰিয়ালৰ আপোনলোকেও নাপায় , কিয়নো জনম পত্ৰিকাভাগতে জীৱনৰ সকলো ভাল – বেয়া উল্লেখ থাকে , ভালখিনিৰ বাবে পৰিয়ালৰ লোক আনন্দিত হ’ব বাৰু , কিন্তু বেয়াখিনিৰ বাবে তেওঁলোকে কি কৰিব ? যদিও বহু দোষ খণ্ডাব পাৰি , কিন্তু সকলো দোষটো নোৱাৰি , এয়া নেদেখাজনৰ হাততহে থাকে মাথো । সেয়ে এনেবোৰ কথা জানি বুজিয়ে দূৰ্গেশ্বৰদেৱে কোনোদিনেই ঘৰৰলোকৰ জনমপত্ৰিকাত হাত লগোৱা নাছিল । মাথো বছৰেকৰ প্ৰথমতেই তেওঁ বেলেগ এজন গণকৰদ্বাৰা সেইখিনি চোৱাই , যাৰ যেনেকৈ বৰ্ষদোষ পৰে তেনেকৈ খণ্ডাবলৈ বুলি দান দি যায় ।

ৰতিৰ পাঁচোজনীকৈ বায়েকৰ প্ৰতিজনীৰে সাত – আঠ বছৰ বয়সতে বিবাহ সম্পন্ন হৈছিল , সেয়ে যেতিয়াই ৰতিয়ে ছয় বছৰত ভৰি দিলে , তাইৰ বাবেও পাত্ৰৰ সন্ধান কৰা হ’ল । ইতিমধ্যেই তাইৰ দুয়োজন ককায়েকৰ বিয়া হৈ গৈছিল , ডাঙৰ ককায়েকৰ ঘৈনীয়েকে আহি ঘৰ ধৰিছিল যদিও সৰুজনৰ ঘৈনীয়েক মাকৰ ঘৰতেই আছিল । হয়টো দুই – এমাহতে তোলনী হ’ব , আৰু আহি এইখন ঘৰৰ সদস্যা হৈ পৰিব । এয়াই নিয়ম , যি যুগ যুগ ধৰি ৰতিহতঁৰ ঘৰৰ দৰে ব্ৰাহ্মণসকলৰ মাজত চলি আহিছে ।

ৰতিৰ যদিও আইতাক জীয়াই আছে , ককাকক কিন্তু তাই নেদেখিলেই , মনত পৰা দিন ধৰি তাই আইতাকক বগা সাজেৰেই দেখি আহিছে । এনেও তাই আছিল আইতাকৰ কণাৰ লাখুটি স্বৰূপ , পুৱাৰেপৰা নিশালৈকে তাই আইতাকৰ ওচৰে ওচৰেই থাকিছিল । আনেহে নালাগে তাই আইতাকৰ হাতৰ নিৰামিষ খায়ো বৰ ভাল পাইছিল , সেইদৰে সাথ লগা দিনকেইটাতো আইতাকৰ বাবে তাই নহ’লে নোহোৱাৰ দৰে । অৱশ্যে বছৰেকৰ বাকীবোৰ দিনত আইতাকে মৰমতে বৰ বেছি কাম কৰিবলৈ দিয়া নাছিল তাইক , কিন্তু সাথৰ চুৱাৰ কেইদিনত তাইৰ হ’লে কাম অলপ কৰিবলগীয়া হৈছিল। আইতাকৰ বাবে ফল – মূল যোগাৰ কৰি অনা , পানী কঢ়িয়াই জেগাত থোৱা ইত্যাদি কিমান যে কাম কৰিছিল তাই সেইকেইদিনত । অৱশ্যে কাম কৰি বেয়া পোৱা বিধৰ ছোৱালী নাছিল ৰতি , সেয়ে সকলো হেলাৰঙে কৰি গৈছিল । তীক্ষ্ণ মগজুৰ গৰাকী হোৱাৰ বাবেই পূৰ্ণিমা – অমাৱশ্যাৰো হিচাপ তাইৰ নখ দৰ্পনত আছিল , অৱশ্যে এই দুটা দিনত ঘৰৰ সকলোৱেই নিৰামিষ খাইছিল , তাৰোপৰি সপ্তাহৰ বৃহস্পতিবাৰৰ দিনাও নিৰামিষ চলিছিল ঘৰখনত । আইতাকৰ দুকোঠালীৰ সৰু ঘৰটো তাহাঁতৰ মুলঘৰৰ বিপৰীত দিশে আছিল । মাজত এখন ডাঙৰ চোতাল , চোতালৰ এমুৰে পূব দিশে গোঁসাইঘৰটো আছিল । তাৰ ঠিক সন্মুখত তুলসীৰ ভেটিতো সদায় সুন্দৰকৈ লেপা – মোচা কৰি থোৱা হৈছিল । গোটেইকেইটা ঘৰেই সাধাৰণ খেৰী ঘৰ যদিও ইমান পৰিস্কাৰকৈ ৰখা হৈছিল যে ফু মাৰিয়ে যেন ভাত খাব পাৰিব ।

যেতিয়ালৈকে ৰতিৰ ন বছৰ বয়সলৈকে জনমপত্ৰিকাৰ সকলো মিল থকা দৰা নোলাল , তাইক লৈ ঘৰখনত সকলোৰে চিন্তা লাগিবলৈ ধৰিলে । কেনেবাকৈ যদি বিয়াৰ আগতেই তাই তোলনী হৈ যায় তেতিয়া কোন আগবাঢ়ি আহিব তাইক বিয়া পাতিবলৈ বুলি , এই চিন্তাত আইতাকৰো টোপনি নহা হ’ল ৰাতি ৰাতি । কিন্তু সকলো বিচাৰিলেতো নহ’ব , তাইৰ দহ বছৰ বয়স সোমাওতেই পাত্ৰ এজন ওলাল , জনমপত্ৰিকাৰ মতে দুয়োজনৰ সকলোবোৰ সুন্দৰকৈ মিলিছে , মাথো পাত্ৰজনহে বয়সত তাইতকৈ অলপ ডাঙৰ , অৱশ্যে বয়স বহুত বেছিও হোৱা নাই তেওঁৰ , পন্চল্লিশ বছৰহে হৈছে । অনতিপলমে , ভাল দিন বাৰ চাই বিয়াখন পাতি পেলালে দেউতাকে , ৰতিৰো মনত বহুত আনন্দ , সকলোৰে বিয়া হয় তাইৰহে নহয় , সেইবাবেই । সময়ত দৰাই কইনাৰূপী ৰতিক মাকৰ ঘৰতে এৰি ওলটি গ’ল , সদায়খেলা কইনা – দৰাৰ খেলখনত ৰতিৰ কিন্তু আজিহে বেছি মজা লাগিল ।

সেইদিনা আছিল ৰবিবাৰ , খবৰটো যেতিয়া দূৰ্গেশ্বৰ শৰ্মাবৰদলৈৰ ঘৰৰ মানুহে গম পাইছিল তেতিয়া ৰতিৰ দেউতাকে পুৱাৰ শালেগ্ৰামভাগ ধোৱাইছিল মাথো । গোসাঁইঘৰৰপৰা টিলিঙা আৰু শংখৰ শব্দৰ লগে লগে এই দুঃসংবাদটোও শুনিছিল ঘৰৰ মানুহখিনিয়ে । অথচ কোনোজনেই কিন্তু গৈ গোসাঁইঘৰৰ একান্তমনে মন্ত্ৰ পাঠত থকা শৰ্মাবৰদলৈক দিবগৈ পৰা নাছিল দুঃসংবাদটো । তেওঁ এসময়ত সকলো কাম কৰি ওলাই আহি যেতিয়া গোসাঁইঘৰৰ দুৱাৰ জপাইছিল , ৰতিৰ মাকৰ কান্দোন তেওঁৰ কাণত পৰেগৈ । তৎক্ষণাত কথাৰ ওৰ ল’বলৈ বুলি তেওঁ গৈ ঘৈনীয়েকৰ ওচৰ পায়গৈ , আৰু যেতিয়া আচল কথাটো গম পাই মানুহজন মুক হৈ পৰে । হাবিৰ চুকত বগৰী পাৰি থকাৰপৰা আইতাকে ৰতিক টানি আনেগৈ , কোনো কথা নোকোৱাকৈ তাইৰ গাত একলহ পানী ঢালি দিয়া হয় । আইতাকৰ এনে আচৰণত ৰতি আচৰিত হয় , একোবত নবৌয়েকে আহি তাইৰ কপাল আৰু শিৰৰ সেন্দুৰ ঘহি ঘহি মোহাৰি পেলাই , ৰতিয়ে মাথো খঙতে চিঞঁৰি কয় —-

: মই নিজেই গা ধুব জানো নহয় , কিয় গোটেইসোপা আহিছ’ মোক ধোৱাবলৈ ।

: আই , আজিৰপৰা সচাঁকৈয়ে তই মোৰ লগৰী হ’লি , তোৰ মানুহটো মৰিল অ’, আজিৰপৰা তয়ো মোৰদৰেই এজনী বিধবা হ’লি —- বুলি আইতাকে ৰতিক সাবতি ধৰি চিঞঁৰি – চিঞঁৰি কান্দিবলৈ আৰম্ভ কৰিলে , এনে চিঞঁৰ – বাখৰ শুনি ওচৰ – চুবুৰীয়া যি যেনেকৈ আছিল ল’ৰি আহিল তাহাঁতৰ ঘৰলৈ বুলি । ৰতিৰ কিন্তু তেতিয়াও ইমান সোনকালে গা ধুৱাই দিয়াৰ বাবেহে খংটো উঠি আছিল ।

সেইদিন ধৰি ৰতি আইতাকৰ লগতে ৰাতিও থাকে , তাতে খায় তাতে শোৱেও । অৱশ্যে তাই ভালেই পাই আইতাকৰ লগত থাকি , খালী যেতিয়া বহুদিন নিৰামিষ খাই খাই এসময়ত আমনি লাগিল , তাই গৈ মাকক ক’লেগৈ :

: আই , বহুদিন হ’ল একেসোপাকে খাই আছো , আজি তই বনোৱা খাবলৈ বৰ মন গৈছে । যদি মাছ – মঙহ কিবা আছে দিবিচোন মোকো । —– ৰতিৰ মুখৰপৰা ওলোৱা কথাত মাকৰ মাত হৰিল , তেওঁ চিধাই গৈ শাহুৱেকক কথাবোৰ ক’লেগৈ , আইতাকে পুনৰ ফুচলাই তাইক লৈ আহিল নিজৰ ওচৰলৈ । মাক আৰু আইতাকে এই চেগতে পুনৰ এসোঁতা কান্দিলে ।

দিন গৈ থাকিল , এসময়ত সৰুজনী নবৌয়েকো আহিল তাহাঁতৰ পৰিয়ালৰ সদস্যা হৈ , ডাঙৰ নবৌয়েকেও ল’ৰা এটি পালে , তেনেতে ৰতিৰ জীৱনলৈও পুনৰ নতুনত্ব আহিল । ৰতি তোলনী হ’ল , মাকে কি কৰিবলৈনো তোলনী হ’লি বুলি পুনৰ কন্দা – কটা কৰিলে , আইতাক সতৰ্ক হ’ল আগতকৈও অধিক , কিয়নো এতিয়াৰেপৰা তেওঁ এজনী ‘জীয়া বাৰী’ লগত ৰাখিব লাগিব । যিমান যি নহ’লেও পৰাশ্ৰিতটো হ’বই লাগিব , সেয়ে সাতদিনৰ দিনা বামুনে আহি পৰাশ্ৰিত কৰি থৈ গ’ল ৰতিক , ৰতিয়ে পুনৰ ঘৰৰ বাহিৰ – ভিতৰ কৰিব পৰা হ’ল । তথাপিও এইবাৰ তাইৰ বাবে সীমা বান্ধি দিয়া হ’ল আগচোতালৰ জপনাৰপৰা পিছচোতালৰ গোহালীলৈকে বুলি । বাৰবছৰীয়া ৰতিয়ে উভতি ধৰিলে পুনৰ , তাই বাৰীৰ চুকৰ বগৰী গছজোপালৈ যাবই , কিমান সুস্বাদু তাৰ বগৰী , নাখায় পাৰিনে ! তাৰোপৰি নিজে পাৰি খোৱাৰ আমেজেই সুকীয়া । এইবাৰ ৰতিৰ জীদৰ আগত সেও মানি আইতাকে নিজেই যোৱা কৰিলে তাইৰ লগত বগৰী গছৰ তললৈ । অৱশ্যে নামতহে বগৰীৰ তল , নুনি – বগীজামু – কৰ্দৈ এইবোৰ তাই নাখালে যেন নহ’বই , ফলত ৰতি আগে – আগে আইতাক পিছে – পিছে , এনেকৈয়ে চলিল বহুকেইটামাহ ।

ৰতিৰ বয়স তেতিয়া তেৰবছৰ হৈছিল , তাইৰ সৰুগৰাকী নবৌয়েকে এজনী ছোৱালী জন্ম দিলে , আনৰদৰে তায়ো হেপাহেৰে গ’ল ছোৱালীকনক ল’বলৈ বুলি , কিন্তু তাইক হ’লে ল’বলৈ দিয়া নহ’ল । ৰতিয়ে ক’লে যে অশৌচৰ চুৱা ভাঙিল কাৰণেহে আহিছে ল’বলৈ তাই , কিন্তু যেতিয়া সৰু নবৌয়েকে তাইৰ আগত কাতৰ বিননি কৰিলে এইবুলি যে

“ভণী , তুমি বেয়া নাপাবা , কিন্তু মোৰ ছোৱালীকনৰ অৱস্থাও যাতে তোমাৰ দৰে নহয় , সেয়ে তুমি এইৰপৰা দূৰে দূৰেই থাকিবা , তোমাক দেখি থাকোযে , ভয় এটা সোমাই গৈছে মোৰ মনত জানা । ‘ সেইদিনা তেৰবছৰীয়া ৰতিয়ে যেন আগতে কেতিয়াও অনুভৱ নকৰা এক আচহুৱা অথচ অতি যন্ত্ৰণাদায়ক আঘাতহে পালে মনত , কোনো কথা নোকোৱাকৈয়ে চিধা দৌৰ দিলে আইতাকৰ বিচনাৰ কাষতে থকা তাইৰ বিছনাখনলৈ বুলি , গোটেই দিনটো বহু কিবা – কিবি ভাবিয়েই পাৰ কৰিলে তাই সেইদিনা । সেইদিনাৰপৰাই তাইৰ চাল – চলন সলনি হ’বলৈ ধৰিলে লাহে – লাহে। আচলতে তেতিয়াহে তাই অনুভৱ কৰিব পাৰিলে যে দহৰ বাবে তাই কিছু সুকীয়া । ‘জীয়া বাৰী’ৰ অৰ্থটো যেন তাই এতিয়াহে বুজি পালে ।

আজিকালি ৰতি নিজৰ মাজতে আবদ্ধ থাকে । পুৱাই উঠি চোতাল ঘৰ সাৰি – মুচি গা ধুই চৰুত অগ্নি দিয়ে , তাৰপাছত আইতাকৰ সৈতে বহি ৰঙা পানী অকন খাই বাৰীৰ শাক – পাত বিচাৰি আনি ভাতসাজ সিজায় । যেতিয়া আইতাকেও গা ধুই প্ৰভূ সেৱা কৰি আজৰি হয় দুয়ো একেলগে বহে খাবলৈ বুলি । খোৱানো কি আৰু , সদায় একেধৰণৰ সেউজীয়া শাক – পাত – পাচলি , মগু দাইল আৰু চাউল সিদ্ধ , অৱশ্যে কেতিয়াবা চাটনি বনাই তাই । তাইৰ বৰকৈ বনাবলৈও মন নাযায় কিয়নো খোৱা বস্তুৰ আধাভাগচোন তাইৰ বাবে নিষিদ্ধই । কিন্তু কেতিয়াবা মচুৰ দাইল অকন , পোৰা বিলাহী – নহৰুৰ পিতিকা অকন , ভেদাইলতা আঞ্জাত কাঠমাছ অকন দি খাবলৈ বৰ মন যায় তাইৰ । কিন্তু , মনৰ লোভ মনতেই সামৰি থয় কাকো নোকোৱাকৈ । আইতাকে ধৰ্মীয় কাহিনীবোৰ কৈ যায় , তাই মাথো শুনি থয় , কথাবোৰ হ’লে বিশ্বাস – অবিশ্বাসৰ মাজতে দোলা দি ৰৈ যায় । এনেদৰেই এজনী ‘ বুঢ়ী বাৰী ‘ আৰু এজনী ‘ জীয়া বাৰী ‘ৰ জীৱন পাৰ হয় দুকোঠালীৰ ঘৰটোৰ মাজতেই ।

ৰতিয়ে নিজৰ ভাগ্যৰ লগত ইতিমধ্যেই বুজা – পৰা কৰি লৈছিল যে মৃত্যুপৰ্য্যন্ত এয়াই তাইৰ জীৱন হ’ব বুলি । কিন্তু তাতো যেন নিয়তিৰ সহ্য নহ’ল , এদিন আইতাকেও তাইক এৰি থৈ গুচি গ’লগৈ । ৰতি কান্দি – কান্দি মূৰ্চা গ’ল এসময়ত , যথা সময়ত শ্ৰাদ্ধৰ সকলো কাজ হৈ যায় যদিও ৰতি সুস্থিৰ হৈ পুনৰ আগৰ নিচিনা হ’বলৈ কিন্তু বছৰ লাগি যায় । কিয়নো জন্ম হোৱা দিন ধৰি তাই যদি একেবাৰে কাষত কাৰোবাক পাইছিল , সেয়া আছিল তাইৰ আইতাকজনী । তেওঁৰপৰাই তাই নিয়ম – নীতিৰপৰা আৰম্ভ কৰি ধৰ্মীয় কথালৈকে সকলো শিকিছিল । এতিয়া তেঁৱো তাইক এনেকৈ অকলশৰীয়া কৰি গুচি গ’লগৈ , তাই এতিয়া কৰে কি বাৰু !

আজি ৰতিৰ লগৰ ছোৱালী জোন আহিছিল । তাইৰ এটা সন্তানে যদি তাইৰ মেখেলাত ধৰি খোজ কাঢ়ি আহিছিল , আনটো আকৌ তাইৰ কোলাত উঠি আহে , লগতে আৰু এটি গৰ্ভতে আছে এতিয়াও হেনো , জোনে কথাটো লাজ – লাজকৈ কৈছিল তাইৰ আগত । ৰতিয়ে চুই চাইছিল সেই নিস্পাপ শিশুকেইটিক , মৰমতে গালে – মুখে চুমা খাইছিল , আগতে ইমান ওচৰৰপৰা শিশু তাই তেনেকৈ পোৱাই নাছিল বুলিব পাৰি , কিয়নো ঘৰৰ ভতিজীকেইজনীক যে তাইৰ পৰা সদায় আতৰায়েই ৰখা হৈছিল সেয়ে । অকল ভতিজা ল’ৰাটোকে যি অলপ তাই পালে আৰু , মানুহবোৰে যেন পাহৰিয়েই পেলালে তাই শিশু ভালপোৱাৰ কথাটো । এসময়ত জোন গ’লগৈ ল’ৰাকেইটাক লৈ , কিন্তু জোনৰ এই আগমনে যেন ৰতিক বিদ্ৰোহীহে কৰি তুলিলে । তাই নিজকে ব্ৰাহ্মণৰ জী হোৱাৰ বাবে ধিক্কাৰ দিবলৈ ধৰিলে , কিয়নো এনেবোৰ নিয়ম মাথো বাহ্মণৰ বাবেহে অধিককৈ আছিল , জোনৰ দৰে কলিতা মানুহৰ জীৰ বাবে নাছিল । খঙতে জোনে খোৱা কাঁহি – বাতিও তাই নিজেই ধুই পেলায় , তাই বহা ধৰাখনতো পানী নচতিয়ালে , মনত তাইৰ এনে ভাব জাগ্ৰত হ’ল যে যাহ মই ব্ৰাহ্মণ হৈয়ে নাথাকো । কিন্তু , এনেকৈ তাই ব্ৰাহ্মণ কুলৰ পৰা ওলাই যাব পৰা হ’লেটো ভালেই আছিল , কিন্তু এয়া যে অসম্ভৱ । এজন সূৰ্য্যবিপ্ৰ ব্ৰাহ্মণৰ ঘৰত জন্মি এজন সূৰ্য্যবিপ্ৰ ব্ৰাহ্মণৰ লগত অজানিতে হ’লেও বিয়াত বহি তাই এতিয়া ব্ৰাহ্মণ্য কুলৰ পৰা মুক্তি পায়নো কেনেকৈ ! অকল যেন মৃত্যুৱেহে তাইক মুক্তি দিব পাৰিব এনে যন্ত্ৰণাময় জীৱন এটাৰ পৰা ।

ৰতিৰ বয়স এতিয়া হয়টো পচিশ মান হৈছে । তাইৰ ৰূপে এনে পৰ্য্যায় পাইছেগৈ যে যিয়ে দেখে তাইক আকৌ এবাৰ নোচোৱাকৈ থাকিব নোৱাৰে । অলপ দিনৰ আগতে আগচোতাল সাৰি থাকোতে ল’ৰা দুজনমানে হেনো তাইক কিবা ইংগিত দি থৈ যায় , যেতিয়া এইকথা তাইৰ মাকৰ কাণত পৰে , মাকে তাইকে গালি দি আগচোতাললৈ ওলোৱা বন্ধ কৰি দিলে । এতিয়া মাথো তাই নিজৰ দুকোঠালীৰ ঘৰটো আৰু পিছ চোতালখনতে কিবা – কিবি কৰি থাকে ।

বহাগৰ বিহুলৈ বেছি দিন নাই , ঘৰে ঘৰে ঢেকীৰ শব্দ শুনা গৈছে । পিছে বিহু জানো অকলে আহে , বিহু খাবলৈ বুলি বিহুৰ লগতে বৰদদৈচিলাজনীও মাকৰ ঘৰলৈ নাহে জানো ! এইবাৰো আহিল , আহিল মানে ভালকৈয়ে আহিল , ৰতিৰ কোঠাৰ চালৰ খেৰ গৈ ক’ৰবাত পৰিলগৈ বতাহ – বৰষুণৰ কোবত , সেইদিনা গোটেইজনী তিতি বুৰি থাকিল যেনেতেনে । পিছদিনাখন বতৰটো অলপ দঙাত তাইৰ দেউতাকে পুনৰ খেৰেৰে চোৱাৰ দিহা কৰিলে , গাৱঁৰে দুজন ল’ৰা আহি চালখনৰ মেৰামতিত লাগিল । ৰতিয়ে দেখিলে চালৰ ওপৰত সৌটোচোন তাইৰ খেলৰ লগৰী মন , তাই একোবত পাহৰি গ’ল যে তাই ‘জীয়া বাৰী’ , সেয়ে চিঞঁৰি মাতিলে —

: ঐ , মন —- তাইৰ মাতত মনে ইফালে সিফালে চালে।

: ঐ , মই ৰতি — তাই পুনৰ মাত দিলে , এইবাৰহে যেন সি কিবা বুজিলে , আকাৰে – ইংগিতে তাইৰ ৰ’বলৈ ক’লে সি ।

: হ’ব —- বুলি কৈ ৰতি পিছচোতাললৈ বুলি পিৰাখন লৈ আগবাঢ়িল । এইবাৰ তাই মুল ঘৰটোৰ ছাঁত পিৰাখন পাৰি বহি ল’লে অলপ আগতে ধোৱা তাইৰ দীঘল চুলিকোচা আচুৰিবলৈ বুলি , তাই মনতে ভাবিলে যিমানে দীঘল হৈছে চুলিকোচা চম্ভালিবলৈও কষ্ট হৈছে চোন , তাতে মুৰ ধোৱাৰ দিনাৰ কথাটো ক’বই নালাগে , আচুৰোতে বাৰে বাৰে ফণীৰ দাতঁ ভাঙে ।

: ৰতি , কি কৰি আছ’ এনেকৈ অকলে অকলে বহি ? —— ঘপককৈ আহি মনে মাত দিলে , তাই তাৰ মাতত উচপ খাই উঠিল ।

: বহ — বুলি তাই নিজৰ পিৰাখন আগবঢ়াই দিলে তালৈ , সি বহিল পিৰাখনত , তাইক ভৰিৰপৰা মুৰলৈকে এবাৰ চালে , তাৰপিচত সি সুধিলে তাইক —-

: ৰতি , এইবোৰ কেতিয়া কেনেকৈ হ’ল ? মই একো নাজানো জান’ । ইমান বছৰে মই মামাহতঁৰ ঘৰতেই আছিলো , যোৱা মাহতহে আহিছো ইয়ালৈ । মই তোক এনে ৰূপত দেখিম বুলি সপোনতো ভবা নাছিলো । এতিয়া পিছে কি কৰিম বুলি ভাবিছ তই ?

: কি কৰিমনো মই , কি কৰিব পাৰে এজনী ‘জীয়া বাৰী’য়ে ! — ৰতিয়ে তাচ্ছিল্যপূৰ্ণ হাঁহি মাৰি ক’লে ।

: বুজিছ মন , আইহঁতে মোকনো কাৰ লগত বিয়া পাতি দিছিল তেওঁক চাবলৈয়ে নহ’ল মোৰ , বিয়াৰ দিনাই যি গ’ল তেওঁ আকৌ আহিবলৈ সুবিধাই নাপালে , বিয়াৰ মাথো দুটা বছৰৰ পিছতে মানুহটো মৰি থাকিল । মই তেওঁৰ ঘৰ দেখিয়েই নাপালো । তাৰো বহুবছৰ পাছত মই তোলনী হ’লো যদিও নতুনত্ব বুলিবলৈ একো নাহিল মোৰ জীৱনলৈ । আইতায়েও মোক এই জীয়া জুইকুৰাত জ্বলি পকি থাকিবলৈয়ে বুলি এৰি থৈ গুচি গ’ল । এতিয়া মই একেবাৰেই অকলশৰীয়া । দিনটোলৈ বুলি এবাৰেই যি অন্ন সিজাও, সেয়াৰে গোটেই দিনটোলৈ আতি যায় । বামুণৰ ঘৰত জনম ল’লো যেতিয়া এইবোৰ ভোগ কৰিবই লাগিব , নহয় জানো ! আচলতে মোৰ আৰু একো কাম নাই এই পৃথিৱীখনত কৰিবলৈ এতিয়া , মাথো যমে নিয়া নাই কাৰণেহে আছো আৰু । —- ৰতিৰ কথাত মন অবাক লাগিল —-

: মানে তই যে এনেকৈ বিধবাৰ নীতি নিয়ম পালি আছ’, তই যাৰ বিধবা তেওঁৰ লগত তোৰ চিনাকিয়েই নহ’ল । একেলগে দাম্পত্য জীৱন কটোৱাতো দূৰৰ কথা , হুহ , কিযে নিয়ম এইচব —- মনে ক্ষোভেৰে ক’লে । সি তাৰপাছত বেছিপৰ নৰ’ল তাত , তাত ৰৈ থাকিনো কি কৰিব সি , শৈশৱৰ লগৰীজনীৰ এনে অৱস্থা জানো চাই থাকিব পাৰি !

মন যোৱাৰ পিছত বহুদেৰিলৈকে ৰতিয়ে সৰুতে তাৰ লগত কটোৱা সময়খিনিৰ কথাই ভাবি থাকিল , কিমান যে সুন্দৰ আছিল সেই জীৱন , তাই মনতে ভাবিলে । পিছে নিজৰ কৈ থাকোতেই গ’লচোন তাইৰ , মনৰ সংসাৰৰ বিষয়ে সোধাই নহ’ল , তাই ঠিক কৰিলে তাহাঁতৰ মুল ঘৰটোও তাকেই চাবলৈ দিছে দেউতাকে , সেয়ে সিটো আহিবই আকৌ , তেতিয়াই সুধিব তাৰ পৰিয়াল – ল’ৰা – ছোৱালীৰ কথা ।

বিহু পাৰ হ’ল , মনে লগত আৰু দুজন মানুহক লৈ হাজিৰ হ’লহি ৰতিহঁতৰ ঘৰৰ চোতালত । খেৰৰ ব্যৱস্থাও সিয়েই কৰি আনিছে , গতিকে এতিয়া কামত লগাহে কথা ।

: ৰতি , তই বৰ গা ঘেলাই নাথাকিবি , তিনিটাকৈ মতা মানুহে কাম কৰি আছে ঘৰত , মন বাৰু তোৰ সৰুকালৰ লগৰীয়া , তাৰ স্বভাৱো ভাল , কিন্তু তাৰ লগত অহাকেইজনকটো ময়ো নাজানো তয়ো নাজান , গতিকে অলপ বাচি থাকিবি । — মাকে আহি ৰতিৰ কাণ চোৱাই গ’ল পুনৰ , আজিকালি মাজে – মাজে মাকৰপৰা তাই এনেবোৰ কথা শুনিয়েই থাকে , আচলতে মাক মানুহজনীৰ বৰ ভয় বদনামত পৰে বুলি ।

: ঐ মন , ৰ’চোন — মনক পিছফালৰপৰা ৰতিয়ে চিঁঞৰিলে , অনিচ্ছাস্বত্তেও মন ৰ’ল ।

: কি হ’ল ক ।

: সেইদিনা মই মোৰ কথাবোৰহে কৈ থাকিলো , তোৰ কথা সুধিবলৈকে থাকিল । ঐ এদিন মানুহজনীকো লগত লৈ আহিবিচোন , চিনাকী হ’ম , এনেও মোৰ সময় নাযায় নোপোৱায় ।

: ক’ৰ মানুহজনীক আনি দিব লাগে এতিয়া ? নাম ক’ – সি আচৰিত হৈ সুধিলে তাইক

: তোৰ মানুহজনীক লৈ আহিবলৈ কৈছো আকৌ । — ৰতিয়ে পুনৰ ক’লে

: মোৰ কোনো মানুহ চানুহ নাই

: মানে তই বিয়া পতাই নাই নেকি ? – ৰতি আচৰিত হ’ল এইবাৰ

: নাই পতা অ’ , আৰু নাপাতোও কেতিয়াও , বুজিলি নহয় , এতিয়া যাওঁ — বুলি সি একেবাৰে গ’লগৈয়েই ।

ঘৰ চাই শেষ হোৱাৰপৰা ৰতি আৰু মনৰ মাজত দেখা – দেখি হোৱা নাই । অৱশ্যে এয়া সাধাৰণ কথা , সিটো তাইৰ আপোন নহয় যে দেখা – সাক্ষাত হৈয়েই থাকিব , তথাপিওচোন ৰতিয়ে আজিকালি সপোনত প্ৰায়েই তাক দেখে , কিয় দেখে তায়ো নাজানে , কিন্তু দেখিলে দেখিয়েই থাকিবৰ মন যায়চোন ।

মনহঁত চুতীয়া মানুহ , সেয়ে বিনাকাৰণত তাহাঁতৰ নিচিনা লোকৰ লগত অহা – যোৱা নচলে ৰতিহতঁৰ ঘৰৰ মানুহৰ , কিন্তু দৰকাৰ পৰিলে মাতে , তেওঁলোকো আহে , যি কৰিবলৈ দিয়ে কৰি থৈ যায়গৈ , বিনিময়ত কেতিয়াবা যদি কিছু মূল্য কেতিয়াবা আকৌ অৱস্থা চাই ধান – চাউল এমোন । এইবাৰ ৰতিহতঁৰ বাৰীৰ চুকৰ বৰগছজোপা ধুমুহাত উঘাল খাই পৰিল , সেয়ে পুনৰ খবৰ দিয়া হ’ল মনহতঁক , গছজোপা কাটি ঠান – ঠিক লগাব লাগে । বামুণৰ ল’ৰাই এইবোৰ কাম নকৰে , তাহাঁতি পুথি চাই কুণ্ডলী বনায় , প্ৰয়োজনত দোষ খণ্ডোৱা মানো লয় । গতিকে বাৰীখনত কিবা এটা হ’লেও বাহিৰৰ মানুহ মাতিব লগীয়া হয় দূগেশ্বৰদেৱে ।

: ঐ , তই মোৰপৰা কিয় পলাই থাক’? আনৰ দৰে তয়ো ভাব নেকি মোৰ লগত থাকিলে তোৰ অমংগল হ’ব বুলি ? — মনক লগ পাই চিধাই প্ৰশ্ন কৰিলে ৰতিয়ে । সি কিন্তু কোনো উত্তৰ নিদিলে । মাথো ক’লে —

: তই মনক কেতিয়া চিনি পাবি ৰতি !

ৰতিয়ে আজিকালি বহুত ভাবে কিয় সেইদিনা মনে তাইক তেনেকৈ ক’লে বুলি , কিন্তু ইমানকৈ ভাবিছে যদিও উত্তৰ হ’লে নাই পোৱা তাই । কিন্তু তাই এটা কথা ঠিকেই ধৰিব পাৰিছে যে মনৰ চিন্তা – ধাৰা বেলেগৰ নিচিনা নহয় । সি খাৰাং – খাচ কথা কয় যদিও মানুহটো বেয়া নহয় । কিন্তু ৰতিৰ কিয় জানো আজিকালি তাৰ কথাই ভাবি ভাললাগে ! আজিকালি যেন মনটোও অলপ ফৰকাল লাগি থাকে তাইৰ , এনে অনুভৱ হয় তাইৰ ।

: তই মোক সুধিছিলি নহয় , মই তোৰপৰা কিয় পলাই থাকো । শুন তই মোৰ উত্তৰটো । তোক মই এনেকৈ বিধবাৰ ৰূপত চাই থাকিব নোৱাৰো , দুখ লাগে মোৰ । তইটো মোতকৈয়ো সৰু , গোটেই জীৱনটো পৰি আছে আগত , কেনেকৈ থাকিবি তই গোটেই জীৱনটো এনেকৈ ! নীতি নিয়ম মানিবলৈ গৈ সকলো এৰিলি , আনেহে নালাগে নিজৰ পচন্দৰ এসাঁজ খাবও নোৱাৰ’ , অলপ বাহিৰলৈ বুলি ওলাবও নোৱাৰ’ । সেয়ে মই পলাই থাকো তোৰ পৰা আজিকালি । মনতে ভাবো , ক’ত গ’ল সেই ব্ৰহ্মকচু হাহিঁমুখীয়া মোৰ খেলৰ লগৰী ৰতিজনী ! বৰ দুখ লাগে জান’ ।

: মন , বামুণ কুলত জনম ল’লো যেতিয়া এয়াই মোৰ বাবে সত্য । দুখ নকৰিবি তই মোৰ বাবে ।

: মই দুখ কৰিব নালাগে যদি ব’ল মোৰ লগত । —- মনে ৰতিৰ চকুত চকু থৈ ক’লে এইবাৰ ।

: ক’লৈ যাব লাগে সেইটোতো ক’ মোক — ৰতিয়ে পুনৰ সুধিলে তাক

: মই কৈছো নহয় , ব’ল মোৰ লগত , মই বিয়া কৰাম তোক , এনেকৈ আৰু থাকিব নালাগে তই । —- মনৰ মাত থুকা – থুকি হৈ আহিল এইবাৰ , তাই মাথো তাক ক’লে —-

: পূৰ্ণিমাৰ দিনা আহিবি , মই যাম তোৰ লগত ।

প্ৰকৃততে সেই পূৰ্ণিমা তিথিটো ৰতিৰ জন্ম তিথি আছিল, সেয়ে সকলোতকৈ আগত শুই উঠি তাই মাক – দেউতাকক সেৱা কৰিলে সেইদিনা , মনে মনে ক্ষমাও খুজিলে তাই কৰিবলৈ আগবঢ়া কামটোৰ বাবে , আৰু তাৰ ক্ষন্তেক পিছৰেপৰা ৰতি নাইকীয়া হ’ল ঘৰখনৰ পৰা । মাথো যাবৰ সময়ত সৰু ককায়েকৰ ল’ৰাটোক কৈ যায় যে তাৰ পেহীয়েকৰ আজি বিয়া হ’ব বুলি , যাতে কথাটো ঘৰৰ ডাঙৰ কাৰোবাৰ কাণত পৰেগৈ । হয়ো , ৰতিয়ে বিয়া পাতিবলৈ গৈছে বুলি দেউতাকৰ কাণত পৰিবলৈ বেছি পৰ নালাগিল , মাথো কথাষাৰ কিমান সত্য সেয়াহে জনাটো ঘৰৰ সকলোৰে বাবে দৰকাৰ হৈ পৰিল ।

পূৰ্ণিমাৰ সেই নিশাই শিৱবাবাক সাক্ষী কৰি মনে ৰতিক নিজ পত্নীৰূপে স্বীকৃতি দিলে । ৰতিৰ কপালত জিলিকি উঠিল সেন্দুৰী বেলিটো , শিৰতো বেলিটোৱে সেন্দুৰী ৰেখা টানিলে । তাৰপাছত মনে তাইক লৈ নিজ ঘৰলৈ গ’ল যদিও সি ভবাৰ দৰেই দেউতাকৰ চৰ খাই ঘৰৰপৰা খেদা খালে সি , ইপিনে ৰতিৰ ঘৰত তাইৰ মৃত্যু হোৱা বুলি ধৰি শ্ৰাদ্ধ পাতিব বুলি ঘোষণা কৰিলে । সিহঁতি যি যি অনুমান কৰিছিল সেইবোৰেই হ’ল তাহাঁতৰ লগত ।

———————

মনজিৎ চুতীয়া আৰু ৰতি চুতীয়াৰ বয়স এতিয়া এশৰ ওচৰা ওচৰি , তথাপিও বুঢ়া – বুঢ়ীহালৰ মন হ’লে ডেকা এতিয়াও । নাতি – আজুনাতিৰে ভৰা ঘৰ তেওঁলোকৰ , তথাপিও মাজে – মাজে সোঁৱৰে অতীতক দুয়োজনেই , কৈ যায় তেওঁলোকৰ দিনত সমাজৰ নীতি – নিয়ম কেনেকুৱা আছিল সকলোবোৰ এটা – এটাকৈ । কিন্তু , এটা ক্ষণৰ বাবেও তেওঁলোকৰ কোনোজনেই নাভাবে তেওঁলোকে কিবা ভুল বা পাপ কৰিছিল বুলি , বৰং ভাবে সেয়া প্ৰভূৰ আশিৰ্বাদ আছিল বুলিহে , যাৰবাবেই এতিয়াও দুয়ো এনেদৰেই আছে যেনেদৰে আজিৰপৰা চাৰে তিনি কুৰি বছৰ আগতে আছিল ।

 উজ্জ্বলা বৰদলৈ

🏠

By