বিহাৰী সম্প্ৰদায়ৰ ছটপূজাৰ প্ৰসাদ

উপকৰণসমূহ:

১/  আটা- ২৫০গ্ৰা:

২/ ময়দা- ২৫০গ্ৰা:

৩/ চেনি- ২৫০গ্ৰা:

৪/ ৰিফাইন- ৫০০গ্ৰা:

৫/ পান মচলা- ১ চামুচ

৬/ নাৰিকল- এফালৰ আধা ভাগ (ৰুকি লোৱা)

প্ৰণালী: আটা আৰু ময়দা, পান মচলা, ৰুকা নাৰিকল একেলগে মিহলাই লৱ, পিছত একাপ ৰিফাইন তেল লগতে মিহলাব, ৰিফাইন মিহলোৱা পিছত আটা অলপ হাতত লৈ মুঠি কৰি চাব লাড়ু দৰে হৈছে নে নাই যদি হোৱা নাই আৰু অলপ ৰিফাইন দিব, পিছত চেনি দিব আৰু অলপ অলপ পানী দি সকলোবোৰ মিহলাব, পানী বেছি নিদিব। (ফটোত দিয়া ধৰণে)। এতিয়া আটাৰ টান কে লাড়ু বনাব আৰু কাঠৰ ফ্ৰেম ডালেৰে চেপ দিব( সকলোৰে ঘৰত ফ্ৰেম নাথাকে বাবে হাতেৰে চেপেটা কৰি বনাব পাৰি বুলি ফটোত দেখাই দিছো)। শেষত-আটাৰ লাড়ু খিনি ৰিফাইনত ৰঙচুৱা কৈ ভাজিব।

👨‍🍳 মুন্নী গুপ্তা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

+ 20 = 21