অমৰাৰে মাছৰ টেঙা জোল

উপকৰণ

যিকোনো ডাঙৰ মাছ 7/8 পিচ

পকা অমৰা 4/5 টা

ডাঙৰ আলু এটা

সৰিয়হ তেল 3/4 চাহ চামুচ

পাচফোৰণ

গোটা সৰিয়হ

নিমখ /হালধি (আন্দাজ অনুসৰি)

শুকান জলকীয়া 2টা

চেনি

ৰন্ধন প্ৰণালী

আৰম্ভণিতে মাছ কেইপিচ ভালদৰে নিমখ হালধি সানি তেলত ভাজি ল’ব | তাৰ পিছত একেলগে সিজাই ল’ব অমৰা আৰু আলু | এতিয়া পাত্ৰ এটাত সিজাই লোৱা অমৰাকেইটাৰ গুটিৰ পৰা মঙহখিনি আঁতৰাই আৰু আলুৰ সৈতে পিটিকি লৈ দুগিলাচ পানী দি লগত নিমখ আৰু হালধি দিব | অমৰা গুটিকেইটা খুন্দনা বা পিহনাত অলপ থেতেলাই ল’ব | কেৰাহীত তেল গৰম হ’লে প্ৰথমতে শুকান জলকীয়া পাচফোৰন আৰু সৰিয়হ দি অমৰা আলুৰ সৈতে পিটিকি লোৱা পানীখিনি কেৰাহীত ঢালি দিব লগত থেতেলাই থোৱা গুটিকেইটাও দি দিব | যেতিয়া ভালদৰে ওতল আহিব মাছখিনি দি জুই বঢ়াই দিব অলপ সময়লৈকে | জোলখন অলপ তেঙা মিঠা সোৱাদ হ’বলৈ নামমাত্ৰ চেনি দিবও পাৰে | এতিয়া ঢাকনি মাৰি জুই কমাই দিব যেতিয়া জোলখিনি গাঢ় হ’ব নমাই থব |

👨‍🍳 পম্পি শইকীয়া

By