ভেদাইলতা নৰসিংহৰ মাছতৰকাৰী

উপকৰণসমূহ

নৰসিংহ-আন্দাজ মতে

ভেদাইলতা-আন্দাজমতে

মৰিচা থাৰি(নললেও হয়)

আলু-১টা

নহৰু-এটা

পিয়াজ-১টা

আদা-এটুকুৰা

তিল-এচামুচ (নিদিলেও হয়)

জলকীয়া

মাছ

ৰন্ধন প্ৰণালী:

মাছখিনি ধুই ভাজি নিলগাই থলো। আদা,তিল নহৰু পিহি ললোঁ। ভেদাইলতা, নৰসিংহৰ ৰস অলপ পানী দি উলিয়াই ললোঁ। এতিয়া তেলত জলকীয়া ফালি দি পিয়াজ কুটি দিলো। অলপ ভাজি নহৰু আদাৰ পেষ্ট দি আকৌ ভাজিলো। মৰিচা থাৰিদাল দীঘল দীঘল কৈ কাটি ভাজিলো । এতিয়া সিজাই থোৱা আলুটো পিতিকি দিলো। পিছত ৰসখিনি দি আকৌ উতলালো। এতিয়া ভজা মাছ দি উতলাই নমাই থ’লো।

👨‍🍳 নয়নী হাজৰিকা

By