বাসুদেৱ থান

ভ্ৰমণৰ বাবে আমাৰ সৌন্দৰ্য্য পিপাসু মনটোৱে বিচাৰে নদ ,নদী, পৰ্বত,পাহাৰ,যাৰ অনাবিল আনন্দত ভাগৰুৱা মনবোৰ জুৰ পৰিব বিচাৰে।কিন্তু আজি মই অসমৰ উত্তৰ পাৰৰ চাৰিকড়ীয়া নদীৰ কাষৰ মোৰ ভাল লগা এখন ঠাইক পৰ্যটন ক্ষেত্ৰ হিচাপে আপোনালোক আগত দাঙি ধৰিব বিচাৰিছো।য’ত প্ৰতিটো বাৰিষাতে উটি যায় ভঁৰালৰ ভোগালী ।তথাপিও যেন প্ৰকৃতি নিজ সৌন্দৰ্য্যত আপোন পাহৰা।

উত্তৰ পূৰ্বাঞ্চল ভৌগোলিক ভাৱে সম্পদশালী।এই ৰাজ্য খনৰ বিভিন্ন স্থান পৰ্যটন ক্ষেত্ৰ হিচাপে অধিক সম্ভাৱনীয়তা আছে ।প্ৰয়োজন মাত্ৰ সঠিক ব্যৱস্থাপনাৰ। চৰকাৰ তথা সচেতন মহলৰ সময়োপযোগী পদক্ষেপে অসমৰ এই পৰ্যটন স্থান সমূহেও বাহিৰৰ আন ঠাইৰ লগত সমানে ফেৰ মাৰিব পাৰিলেহেতেন।কিন্ত্ত সদভাৱনাৰ অভাৱত অসমৰ এনে বহুতো সাম্ভাৱ্য পৰ্যটন ক্ষেত্ৰ আজিও লোকচাক্ষুৰ অাঁৰত থাকি গৈছে।

অসমৰ উত্তৰ পাৰৰ বিশ্বনাথ চাৰিআলিৰ পৰা ২২১কি.মি. দূৰত্বত থকা এনে এখন ঠাই হৈছে বাসুদেব থান। লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাৰ পশ্চিম প্ৰান্তত অৱস্থিত এই অনুষ্ঠান ভাগ। ঢকুৱাখানা চাৰিআলিৰ পৰা পশ্চিম মূৱাকৈ ১০ কি.মি.গলেই প্ৰসিদ্ধ বাসুদেব থান বা নৰোৱা সত্ৰ। মুঠ মাটিকালি প্ৰায় ২০০ বিঘা।বৰ্তমান এই সত্ৰ বলাহী চামপৰা আৰু সৌপাৰৰ মাজত সোৱণশিৰিত অৱস্থিত।

প্ৰাপ্ত তথ্য মতে চুতীয়া ৰজা সত্যনাৰায়ণে ১৩৯২ খ্ৰীষ্টাব্দত বিষ্ণু পূজা কৰিবলৈ নাৰায়ণ দিজিক মাটি দান কৰিছিল আৰু লগতে মন্দিৰ নিৰ্মাণ কৰি দিছিল।বানপানীৰ কাৰণে ১৪০১খ্ৰীষ্টাব্দত ৰজা লক্ষ্মীনাৰায়নে এভাগ নতুন মন্দিৰ পাতি বনসপতি নামৰ এজন পুৰোহিতক দান কৰে।পাছত পৰ্যায়ক্ৰমে বাহুদ নামৰ এজন ব্ৰাহ্মণে দামোদৰ আতাক সত্ৰ প্ৰতিষ্ঠাৰ বাবে মন্দিৰভাগ হস্তান্তৰ কৰিছিল।চৰিত পুথিৰ মতে ১৭ শতিকাত শংকৰদেৱৰ নাতি দামোদৰ দেৱে আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত নৰোৱা সত্ৰ নামে সত্ৰ প্ৰতিষ্ঠা কৰাৰ তথ্য পোৱা যায়।

১৮৫৮ চনত দামোদৰ ঠাকুৰৰ মৃত্যুৰ পাছত পুত্ৰ ৰমাকান্তৰ দিনত বাসুদেৱ থান নৰোৱা সত্ৰ নামে প্ৰসিদ্ধ হৈ পৰে।কিন্ত্ত ৰমাকান্ত আতাৰ মৃত্যু হোৱাত সোৱণশিৰিয়ে খহায় নিয়াত পূৰ্বৰ স্থানৰ পৰা তুলি আনি চামপৰা আৰু কাঢ়নৈৰ মাজত স্বৰ্গদেউ শিৱসিংহৰ ৰাজসাহায্যত ৰামচৰণ আতাই মহাপুৰুষ জনাৰ আৰ্দশৰে সত্ৰ ভাগ প্ৰতিষ্ঠা কৰে।”সাতসৰী অসম বুৰঞ্জী “ত উল্লেখ থকা মতে মানৰ আক্ৰমণত সত্ৰ খন ধ্বংস হোৱাত অচ্যুত আতাই পুনৰ সংস্কাৰ কৰি সত্ৰ ভাগ স্থাপন কৰে।

অচ্যুত আতাৰ মৃত্যুৰ পাছত তেওঁৰ চাৰিপুত্ৰৰ দায়িত্বত ১৯৩৫ চনত পূৰ্ববংগ(বৰ্তমান বাংলাদেশ)ৰ পৰা ৰাজমিস্ত্ৰী আনি চাৰিকোনীয়া বিশিষ্ট পকী মন্দিৰ নিৰ্মাণ কৰি নাম দিয়ে নৰোৱা সত্ৰ, এই নামাকৰণ তো বহুজনৰ মতবিৰোধ ঘটিছিল। সত্ৰখনৰ লগতে থকা নামঘৰত প্ৰত্যেক বছৰে মাঘী পূৰ্ণিমাত অতি জাক জমকতাৰে পাল নাম উদযাপন কৰা হয়। প্ৰবাদ মতে এই থান খন ভক্ত সকলে যি মনোবাঞ্চা লৈ দৰ্শন কৰে, সেই মনোবাঞ্চা সকলোৰে পূৰণ হয়। বাসুদেৱ থান খনলৈ সমগ্ৰ দেশ খনৰ ভক্ত প্ৰাণ ৰাইজৰ লগতে চুবুৰীয়াৰ ৰাষ্ট্ৰ নেপালৰ পৰাও যথেষ্ট সংখ্যক দৰ্শনাৰ্থীৰ সমাগম ঘটে।

অসমৰ পৰ্যটন ক্ষেত্ৰ সমূহ লোক চাক্ষুসৰ আঁৰত থাকি যোৱাৰ মূল কাৰণ হ’ল দূখ লগা যাতায়ত ব্যৱস্থা। দুটা পথৰে বাসুদেৱ থান খনলৈ যাব পাৰি। এটা হৈছে গোগামুখৰ পৰা ঢকুৱাখানা চহৰহৈ বাসুদেৱ থানলৈ আৰু আনটো হৈছে ঘিলামৰাৰ পৰা বৰদৈবামহৈ। সৰ্বজনবিদিত ঢকুৱাখনা চহৰৰ পৰা বাসুদেৱ থানলৈ দূৰত্ব প্ৰায় দহ কিলোমিটাৰ। ৰেলৰ যোগাযোগ কেৱল গোগামুখলৈকেহে আছে। ঠিক সেইদৰে আকাশী পথৰ যোগাযোগ লক্ষীমপুৰৰ লীলাবাৰীলৈ।উল্লেখযোগ্য যে ঢকুৱাখনা চহৰৰ মাজেৰে বাসুদেৱ থানলৈ যি পথৰে যাব পাৰি, সেই একেটা পথেই দক্ষিণলৈ ফাটি গৈ সত্ৰ নগৰী মাজুলী পাইছেগৈ,বাসুদেৱ থানৰ পৰা কমলাবাৰী(মাজুলী)লৈ মাত্ৰ কেই কিলোমিটাৰ মানহে বাট।পৰ্য্যটক সকলে ইচ্ছা কৰিলে মাজুলীৰ পৰাও আহিব পাৰে।

সত্ৰলৈ সোমাই যোৱাৰ দুয়োকাষৰ প্ৰাকৃতিক পৰিৱেশে যিকোনো প্ৰকৃতিপ্ৰেমীৰ মন আলোড়িত কৰি তুলিব পাৰে।চাৰিকড়ীয়া নদীৰ পাৰৰ আদ্ৰভূমি সমূহত উভৈনদী মৎসকুলৰ বাবেই থলুৱা পৰিভ্ৰমী জলচৰ পক্ষীৰ আৱাস্থলিত পৰিণত হৈছে দাতিকাষৰীয়া অঞ্চলসমূহ।শীতৰ অগমণৰ লগে লগে সত্ৰৰ চৌহদৰ ওখ ওখ গছ বোৰত পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰে। মূল প্ৰৱেশদ্বাৰৰ দুয়োকাষে আৰু চৌহদত ১৯৯৮ চন মানৰ পৰাই নিগাজিকৈ পক্ষীকুলে বাস কৰিবলৈ লৈছে বুলি বৈষ্ণৱ সকলৰ পৰা জানিব পাৰিছিলো।

উল্লেখযোগ্য যে হাজাৰ বিজাৰ পৰিভ্ৰমী পক্ষীৰ অ‍াৱাসস্থলীত পৰিণত হোৱা এই অঞ্চলতো অনাগত দিনত পক্ষী পৰ্যৱেক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ অধিক সম্ভাৱনীয়তা আছে।

চিনাকি অচিনাকী পক্ষীকোলাহলৰ মাজেৰে সত্ৰ খনৰ প্ৰৱেশ পথতে শুৰত পদ্ম ধৰি আদৰিব দুই গজৰাজে।নাতিদূৰ গলেই মূল কীৰ্তনঘৰ। য’ত সত্ৰীয়া পৰম্পৰাৰে নাম প্ৰসংগ চলি থাকে।কীৰ্তন ঘৰৰ পিঠিতে লাগি আছে মূল বাসুদেব থানৰ দৌল ভাগ। দৌলৰ ভিতৰত প্ৰায় ৪ ফুট অৰ্থাৎ ১২২ চে.মি.উচ্চতাৰ কৃষ্ণবৰ্ণ শিলত খোদিত মূৰ্তি ভাগৰ শিল্পকাৰ্য্য অতি নিখুঁত আৰু চিত্তাকৰ্ষক। দৌলৰ কাষৰ চাকিঘৰত নিতৌ হাজাৰ প্ৰদীপৰ আলোকৰে গঢ়ি উঠে ভক্তিময় পৰিৱেশ। সত্ৰৰ চৌহদতে আছে নৰোৱা গোসাঁই আৰু ভকত সকলৰ বাহা সমূহ। আৰু নিলগতে আছে দূৰনিবটীয়া ভক্ত সকলৰ বাবে এটি অতিথিশালা। ইয়াৰ উপৰিও ঢকুৱাখনা চহৰত থকা চাৰিকড়ীয়া ল’জ বা কনচেং হোটেলতো পৰ্যটক সকলে নৈশযাপন কৰিব পাৰে।

বিগত বছৰ ঐতিহাসিক বাসুদেৱ থান খন চোৱাৰ সৌভাগ্য হৈছিল। সত্ৰ খনৰ চাৰিওকাষৰ সেউজ পৰিবেশে সকলোকে আকৃষ্ট কৰিব পাৰে। পক্ষী নিৰীক্ষণৰ পৰা আৰম্ভ কৰি ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানলৈকে সকলো উপকৰণৰ সমাহাৰে আঞ্চলটি ৰাজ্য খনৰ এখন লেখত লবলগীয়া পৰ্য্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ যথেষ্ঠ থল আছে।

নিবেদিতা শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

76 + = 83