অসমৰ গৌৰৱ মানাহ ৰাষ্ট্ৰীয় উদ্যান

মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত আৰু লগতে চিৰাং জিলাৰ কিছু অংশ আগুৰি ভূতান- হিমালয়ৰ পাদস্হানত (foot hill) অবস্হিত এখন অতি পুৰণি মনোৰম পৰ্যতক ভুমি।

এই সংৰক্ষিত ভুমিখন্ড ১৯০৭ চনতে Manas Reserve Forest হিচাপে ঘোষনা কৰা হৈছিল। তাৰ পিছত ১৯৫০ চনত Manas Wildlife Sanctuary হিচাপে আৰু ১৯৭৩ চনত Manas Tiger Reserve হিচাবে আনুষ্ঠানিক ঘোষণা কৰা হৈছিল। ১৯৮৫ চনত মানাহ অভয়াৰণ্যক UNESCO ৰ অধীনত World Heritage Siteলৈ ৰূপান্তৰিত কৰা হৈছিল।

ভূতানৰ পাদস্হানৰ পৰা ওলোৱা মানাহ নদীখন দুটা ভাগত বিভক্ত হৈ এটা ভাগ বেকী নদী নাম লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে।

মানাহৰ উদ্ভিদ জগতক (vegetation) প্ৰধানকৈ দুভাগত ভগাই দিয়া হৈছে। ঘাঁহনি বা তৃণভূমি (grass land) আৰু গছ গছনিৰে ভৰা জংগল বা অৰণ্য ( forest). মানাহৰ প্ৰাণী কুলৰ (Fauna) প্ৰসাৰণ সম্পুর্ণ ৰূপে ইয়াৰ উদ্ভিদ জগতৰ উপৰত নিৰ্ভৰ কৰে।

প্ৰাণী কুলৰ ভিতৰত ৬০ বিধ স্তন্যপায়ী প্ৰাণী (mammals), ৪২ বিধ সৰীসৃপ (reptiles), ১৭ বিধ উভচৰ প্ৰাণী (amphibians) আৰু ৪৭৫ বিধতকৈও অধিক বিভিন্ন প্ৰজাতিৰ চৰাই আছে।

ঢেঁকীয়াপতীয়া বাঘ (Tiger), নাহৰফুটুকী বাঘ (Leopard), বেলেগ বেলেগ প্ৰজাতিৰ মেকুৰী জাতীয় সৰু বাঘ (small wild cats), ভালুক, বেলেগ বেলেগ প্ৰজাতিৰ হৰিণ (Barking deer, Sambar, Swamp deer, Hog deer), বনৰীয়া হাতী, বনৰীয়া মহ, বনৰীয়া গাহৰি, বাইচন (Gaur), এশিঙীয়া গড় (Great one horned Rhino), সোনালী বান্দৰ (Golden Langur) ইত্যাদি বন্যপ্রাণী অনায়াসে বিচৰণ কৰা দেখা যায়। পিগমি হক নামৰ লুপ্তপ্ৰায় প্ৰাণী বিধক ইয়াতেই সংৰক্ষণ কৰি ৰখা হৈছে। বিভিন্ন প্ৰজাতিৰ শগুণ (Vulture) আৰু বেংগল ফ্লৰিকান (Bengal Florican) নামৰ বিৰল (rare) চৰাই দুবিধ মানাহত দেখিবলৈ পোৱা যায়।

মানাহ ৰাষ্ট্ৰীয় উদ্যানখন তিনিটা বিচৰণ ভুমিত (range) বিভক্ত। ভুয়াপাৰা (পূব), বাচবাৰী (মধ্য) আৰু পানবাৰী (পশ্চিম) ৰেন্জ। মানাহৰ মুখ্য কাৰ্যালয় বৰপেটা ৰোডত অবস্থিত। বাচবাৰী ৰেন্জত প‌ৰ্যটকৰ বাবে জীপ আৰু হাতী চাফাৰীৰ ব্যৱস্থা আছে। বাচবাৰীৰ পৰা মথনগূৰিলৈ ১৭ কি:মি জীপ চাফাৰী কৰি মথনগূৰিত থকা ফৰেষ্ট বাংলোত নৈশ যাপন কৰিব পাৰি। তাৰ বাবে ফৰেষ্ট ৰেন্জাৰৰ লগত আগতীয়াকৈ কথা পাতি বুকিং কৰাব লাগে। বাচবাৰী ৰেন্জত পৰ্যটকৰ বাবে ভালেমান ৰিজোৰ্ট (resort) আৰু হোটেল উপলব্ধ আছে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ কেনেকৈ যাব পাৰি :——

গুৱাহাটীৰ পৰা নেচনেল হাইৱে- ৩১ হৈ গলে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ১৭৬ কি:মি দূৰত্ব।

বৰপেটা ৰোডৰ (বৰপেটা টাউন নহয়) পৰা বাচবাৰিলৈ ২২ কি:মি দূৰত্ব, যৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সোমাব পাৰি।

পৰ্যটকৰ বাবে উপযুক্ত সময় :——মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে নবেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে খোলা থাকে। অক্টোবৰ আৰু মে মাহত বতৰৰ উপৰত নিৰ্ভৰ কৰি সাময়িক ভাবে উদ্যানখন পৰ্যটকৰ বাবে খোলা ৰখা হয়। ডিচেম্বৰ আৰু জানুয়াৰী মাহত জীব জন্তু বোৰ অনায়াসে ঘুৰি ফুৰা চকুত পৰে সেইবাবে এই দুটা মাহত পৰ্যটকৰ বহুত ভীৰ হয়।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত নদী, বিল, ঘাঁহনি, হাবি-জংগল, সৰু সৰু পাহাৰ যি বোৰ ভুতানৰ পাহাৰৰ লগত সংলগ্ন হৈ আছে, এই সকলোবোৰে ইয়াৰ প্ৰাকৃতিক সৌন্দর্য অতি মনোৰমা কৰি তুলিছে। এই মনোৰম প্ৰাকৃতিক পৰিবেশত বন্য জীব জন্তু আৰু চৰাই চিৰিকতিৰ বিচৰণে মানাহ ৰাষ্ট্ৰীয় উদ্যানক পৃথিবীৰ ভিতৰতে এখন লেখত লবলগীয়া পৰ্যটক স্হলীলৈ ৰূপান্তৰিত কৰিছে। মানাহৰ প্ৰাকৃতিক সৌন্দর্য আৰু বন্য প্রাণী চাবলৈ প্ৰত্যেক বছৰে টুৰিষ্ট চিজনত (tourist season) অসংখ্য দেশী বিদেশী পৰ্যটকৰ সমাগম ঘটে ।

কৰবী ডেকা

By