Traditional recipes of Assam

তিলপিঠা বা খোলাপিঠা

তিলপিঠা বা খোলাপিঠা

উপকৰণ সমূহ : বৰা চাউল তিল গুড় কমলাৰ বাকলি (নিদিলেও হয়) প্ৰণালী : বৰাচাউল খিনি ৰাতিয়েই বা তিনি ঘন্টামান তিয়াই টুকি খুন্দি মিহি গুড়ি চালনীৰে চালি চৰিয়া এটাত হেচি থৈ ওপৰত কলপাত বা তিতা কাপোৰেৰে ঢাকি থব লাগে। এতিয়া জুইত টাৱা বা কেৰাহী পাতি এহেতা পিঠাগুৰি তাৱাত দি পাতলাই তাত পিহা তিল আৰু গুড়ৰ (কমলা বাকলিৰ গুড়িও দিব পাৰি) মিশ্ৰণটো দি তাড়ু বা হাতেৰে গোল কৰি তাৱাৰ কাষলৈ অলপ জৰজৰিয়া হ'বলৈ থৈ দিব লাগে। 👨‍🍳 নয়নী হাজৰিকা
Read More
বড়ো জনগোষ্ঠীয় বিলাহীৰ সৈতে গাহৰিৰ মাংস।

বড়ো জনগোষ্ঠীয় বিলাহীৰ সৈতে গাহৰিৰ মাংস।

উপকৰণ সমূহ : 1. আধাকেজি গাহৰি মাংস 2. মিঠাতেল জোখমতে 3. আদা+নহৰু+জিৰা+কেচা জলকীয়া পেষ্ট 4. মজলীয়া পিয়াজ 3টা লগতে 3-4টা বিলাহী 5. এখিলা তেজপাত 6. নিমখ আৰু হালধি জোখৰ ৰন্ধন প্ৰণালী : 1. পিঁয়াজখিনি গৰম তেলত ৰঙচুৱাকৈ ভাজি লব। 2.হালধি আৰু নিমখ জোখৰ দি দিব। 3. মাংস খিনি পেনখনত দি লৰাই থাকিব। 4. মছলা পেষ্ট আৰু তেজপাত দি মাংসখিনি ৰঙচুৱাকৈ ভাজি তাত সৰু সৰুকৈ কাটি লোৱা 3-4 টা বিলাহী দি আকৌ ভালদৰে ভাজিব। পেনখনত মাংসৰ সৈতে তেল উঠি অহাকৈ ভাজিব। 5.শেষত মাংসখিনি ডুবি যোৱাকৈ পানী দি 20মিনিত উতলাই দিব। পানী উতলি শেষ হোৱাৰ পিছত মাংস খাবলৈ প্ৰস্তুত। 👨‍🍳 ৰাজীৱ কায়স্থ
Read More
কাচকলৰ কোফটা কাৰি

কাচকলৰ কোফটা কাৰি

উপকৰণ (৫জনৰ বাবে) ১.কাচকল চাৰিটা ২.পিয়াঁজ ডাঙৰ ৩ টা ৩.আদা একটুকুৰা ৪.নহৰু১টা ৫.কেঁচা জলকীয়া ৪ টা ৬.তেজ পাট ২টা ৭.জলকীয়া গুৰা এক চাহ চামুচ ৮.জিৰা গুৰা এক চাহ চামুচ ৯.বেচন ৪/৫চামুচ ১০.নিমখ ১১.হালধি (আন্দাজমতে) ১২.ৰিফাইন তেল ১৩.ধনীয়া বা মান ধনীয়া ৰন্ধন প্ৰণালী : প্ৰথমে আমি কাচকল চাৰিটা সিজাই ললোঁ।এতিয়া আমি পিয়াঁজ, আদা, নহৰু , পেষ্ট বনাই ললোঁ।সিজাই লোৱা কাঁচকল কেইটা পিটিকি তাত পিয়াঁজ কুটা,কেঁচা জলকীয়া কুটা,জিৰা গুৰা,নিমখ,হালধি ,জলকীয়া গুৰা,বেচন দি ভালকৈ গোটেইখিনি সানি গোল গোলকৈ বল আকাৰত বনাই এখন কেৰাহীত তেল গৰম কৰি ভাজি ললোঁ।তাৰ পিছত সেই তেলত তেজপাত ,বনাই লোৱা পেষ্ট খিনি দি তাত হালধি ,নিমখ,দি ভাজি থাকিলোঁ।ধুনীয়া ৰং…
Read More
জনগোষ্ঠীয় শামুকৰ আঞ্জা

জনগোষ্ঠীয় শামুকৰ আঞ্জা

উপকৰণ সমূহ : ১. ২০০ গ্ৰাম বোৱতী জুৰিত পোৱা শামুক ২. চাৰি চামুচ মিঠাতেল ৩. আদা+নহৰু+জিৰা+কেচা জলকীয়া ২ টা পেষ্ট ৪. মজলীয়া পিয়াজ 2টা ৫. এখিলা তেজপাত ৬. নিমখ আৰু হালধি জোখৰ ৰন্ধন প্ৰণালী : ১. প্ৰথমতে শামুকখিনি নিমখ পানীত ২-৩  বাৰ ভালদৰে ধুই লব। ২. পিঁয়াজখিনি তেলত ৰঙচুৱাকৈ ভাজি লব। ৩. মছলা পেষ্ট টো পিয়াঁজৰ সৈতে কেই চেকেণ্ডমান ভাজি জোখৰ নিমখ, হালধী আৰু তেজপাত দিব। ৪.  পেনখনত শামুকখিনি দি ভালদৰে পানীখিনি শুহি নোযোৱালৈকে ভাজি লব। ৫.  শেষত পেনখনত শামুকখিনি ডুবি যোৱাকৈ পানী দি ১০ মিনিত উতলাই দিব। আঞ্জা প্ৰস্তুত। 👨‍🍳 ৰাজীৱ কায়স্থ
Read More
পচলা মচুৰ দালিৰ তৰকাৰী

পচলা মচুৰ দালিৰ তৰকাৰী

উপকৰণ: ভীম কলৰ পচলা এটুকুৰা মচুৰ দাইল এমুঠি নহৰু আদাৰ পেস্ট-এচামুচ পিয়াজ এটা জলকীয়া ৩ টা আলু ২টা মিঠাতেল-এক টেবুল চামুচ নিমখ সোৱাদ অনুসৰি তেজপাত এখিলা ৰন্ধন প্ৰণালী : পচলা খিনি মিহিকৈ কাটি নিমখ অকণ সানি মোহাৰি ল'লো আৰু আলু কাটি ললো।কেৰাহীত তেল গৰম কৰি শুকান জলকীয়া এটা আৰু তেজপাত এখিলা দি অকণমান লৰাই কাটি থোৱা পিয়াজ খিনি দি অলপ সময় ভাজি নহৰু আদাৰ পেষ্ট খিনি দি ভালকৈ ভাজি কেচা জলকীয়া দুটাও দি দিলো কাটি থোৱা পচলা আৰু আলু খিনি দি ভালকৈ লৰাই মচুৰ দাইল কেইটা দি অকণমান কলাখাৰ দি ঢাকোন মাৰি দিলো।অলপ সময় মুৰে মুৰে ঢাকোন খুলি লৰাই থাকিলো…
Read More
জনগোষ্ঠীয়  কোমোৰাৰ সৈতে খাঁচি কুকুৰাৰ আঞ্জা।

জনগোষ্ঠীয় কোমোৰাৰ সৈতে খাঁচি কুকুৰাৰ আঞ্জা।

উপকৰণ: ১/ এক কেঃজিঃ খাঁচি কুকুৰাৰ মাংস ২/ চাল কোমোৰা এফাল ৩/ মিঠাতেল জোখমতে ৪/ মজলীয়া পিয়াজ ৩ টা ৫/ আদা+নহৰু+জিৰা+কেচা জলকীয়া পেষ্ট ৬/ নিমখ আৰু হালধি আৰু মিটমছলা জোখৰ ৰন্ধন প্ৰণালী : প্ৰথমে মাংসখিনি সৰু সৰুকৈ টুকুৰা কৰি ভালদৰে ধুই লওক পেনখনত তেল গৰম হবলৈ দি পিয়াঁজখিনি ৰঙচুৱাকৈ ভাজি লওক আৰু তাত নিমখ আৰু হালধি দি কেই চেকেন্ডমান ভাজি লওক মাংসখিনি পেনখনত দি ভালদৰে লৰাই দিয়ক এতিয়া মচলা পেষ্টৰ লগত মিট মচলা আৰু ধনিয়া গুড়ি দি মাংসখিনি 5মিনিত ভাজি লওক এতিয়া ভালদৰে টুকুৰা কৰি লোৱা কোমোৰাখিনি দি মিশ্ৰণটো 10মিনিট ভাজি লওক এতিয়া মাংস-কোমোৰা মিশ্ৰিণ  ডুবি যোৱাকৈ পানী দি 10মিনিটৰ…
Read More
বুটৰ বড়ৰ সতে ঢেকিয়াৰ টেঙা আঞ্জা

বুটৰ বড়ৰ সতে ঢেকিয়াৰ টেঙা আঞ্জা

উপকৰণ: ১/ ঢেকিয়া শাক এমুঠি ২/ বুট ১ পোৱা ৩/ বিলাহী ৩ মান ৪/ পিয়াজ ২ টা ৫/ নহৰু ৬ ফুট মান ৬/ কেঁচা জলকীয়া ৫ টা ৭/ আদা এটুকুৰা ৮/ মচুৰ দালি এমুঠিমান ৯/ নিমখ, হালধি পৰিমাণ অনুসৰি প্ৰণালী প্ৰথমতে বুটখিনি ৩ ঘন্টা তিয়াই থৈ মিক্সিত গুৰি কৰি ললো ।বুটৰ লগত কেঁচা জলকীয়া দুটা , নহৰু ৩ফুটা একেলগে দিব লাগে। এতিয়া কেৰাহিত তেল দি বৰ কেইটা বনাই ল'লো। ইয়াৰ পিছত ঢেকিয়া মুঠি বাছি ধুই মিহিকৈ কাটি ললো। তাৰপিছত মচুৰ দালি আৰু কাটি লোৱা ঢেকিয়া কন লগতে পৰিমাণ অনুসৰি নিমখ দি দুটা চিটি মাৰি নমাই থলো। বৰ ভাজা কেৰাহিত তেল…
Read More
গাহৰিৰ মাংসৰ লগত টেঙামৰাৰ পাত আৰু ভোটজলকীয়া

গাহৰিৰ মাংসৰ লগত টেঙামৰাৰ পাত আৰু ভোটজলকীয়া

উপকৰণ: গাহৰিৰ মাংস ৫০০গ্ৰাম পিয়াজ ১টা (ডাঙৰ) আদা বটা ১চামুচ নহৰু বটা ১চামুচ টেঙামৰাৰ পাত ১মুঠি ভোটজলকীয়া স্বাদ অনসৰি নিমখ, হালধি স্বাদ অনসৰি প্ৰণালী প্ৰথমে মাংসখিনি আধা সিজাই পানী পেলাই নমাই থওক| এইবাৰ কেৰাহীত ২চামুচ মান তেল গৰম কৰি প্ৰথমে পিয়াজ খিনি ভাজি লৈ এইবাৰ মাংসখিনি ভাজিব লাগে, লগতে পৰিমান অনুযায়ী নিমখ, হালধি দি ধাকি অলপ সিজিব দিয়ক| এইবাৰ আদাবটা, নহৰু বটা খিনি দি তাৰ কেচা গন্ধ যোবালৈকে ভাজক| এইবাৰ টেঙামৰাৰ পাত আৰু ভোটজলকীয়া টো দি সকলো খিনি ভালকৈ মিহলাই অলপ সময় ভাজি নিজৰ জোখমতে পানী দি অলপ উতলিব দিয়ক | নমোব়াৰ আগতে ধনীয়া পাত দুটামান দি ভাতৰ লগত পৰিবেশন…
Read More
জনগোষ্ঠীয় লেটাপলু ভজা

জনগোষ্ঠীয় লেটাপলু ভজা

উপকৰণ ১. ২৫০ গ্ৰাম লেটাপলু ২. মিঠাতেল জোখমতে ৩. মজলীয়া পিয়াজ 3টা লগতে কেঁচা ধনীয়া পাত ৪. নিমখ আৰু হালধি আৰু জিৰা পাউদাৰ জোখৰ ৰন্ধন প্ৰণালী ১. প্ৰথমে লেটাপলু কেইটা ২ কাপ গৰম পানীত ১0 মিনিত সময় ভালদৰে উতলাই পৰিষ্কাৰ কৰি লব। ২. পেনখনত তেল গৰম হবলৈ দি তাত পলুকেইতা বহাই জোখমতে নিমখ, হালধি আৰু জিৰা পাউদাৰ দি ভালদৰে কিছু সময় ৰঙচুৱাকৈ ভাজিব লাগিব। ৩. পলু খিনি পেনখনত লৰাই লৰাই তাতে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি আৰু কিছু সময় ভাজিব লাগিব। ৪. শেষত কেঁচা ধনীয়া পাতেৰে সজায় লেটাপলু ভজা পৰিবেশন কৰক। 👨‍🍳 ৰাজীৱ কায়স্থ
Read More
কল পাতত দিয়া মাছ

কল পাতত দিয়া মাছ

উপকৰণ ছপোৱা মাছ ১\২ পোৱা আদা এটুকুৰা নহৰু ৬/৭ফুট মান কেচা জলকীয়া ৩/৪টা কণ বিলাহী ৩/৪ টা মান নিমখ, হালধি পৰিমাণ অনুসৰি মান ধুনীয়া ৪পাট মান কলপাত দুখিলা ৰন্ধন প্ৰণালী কলপাত দুখিলা প্ৰথমতে মাছ খিনি ধুই লৈ নিমখ হালধি সানি লৱ।তাৰ পিছত আদা টুকুৰা চুৰুকি ললো।নহৰু কেইফুটা মিহিকৈ কাটি ললো। জলকীয়া ফালি ললো এতিয়া সকলো খিনি বস্তু মাছৰ লগত সানি ললো।কণ বিলাহী কেইটা ও তাতে দি দিলো। এতিয়া সকলো খিনি বস্তু কলপাত খনত মেৰিয়াই বান্ধি লৈ টাৱা এখনত ‌দি জুইত বহাই দি ঢাকি দিলো।মাজে মাজে লুটিয়াই দি থাকি ২৫/৩০মিনিত পিছত নমাই কেছা তেল সানি ভাতৰ সতে পৰিবেশন কৰিলো। 👨‍🍳 ৰীতা…
Read More