Pranabesh Barman

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ  চানডুবি

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চানডুবি

আমি গৌৰৱেৰে কব পাৰো যে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত প্ৰাকৃতিক সৌন্দৰ্যৰ দিশত অতিকৈ চহকী। ইয়াত বহুতো ভাল ভাল চাবলগীয়া ঠাই আছে যাক আমি সাধাৰণতে আওকান কৰি সৌন্দৰ্যৰ সন্ধানত আন ঠাইলৈ ফুৰিবলৈ যাওঁ। আমি কিছুসংখ্যক লোকে হয়তো অসমৰ সকলো স্থানীয় ঠাই সমূহৰ কথা ভালদৰে নাজানো। উত্তৰ পূৰ্বাঞ্চলখনৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে বিভূষিত কৰি ৰাখিছে। আজি আপোনালোকৰ মাজত তেনে এডোখৰ ঠাই চিনাকি কৰোৱাৰ মানসেৰে মোৰ এই লিখনিটো লিখিবলৈ ওলাইছোঁ। ঠাইডোখৰ হল অসম আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত, গাৰো পাহাৰৰ পাদস্থানত স্থিত চানডুবি বিল। কামৰূপ জিলাৰ ৰাভা হাচং…
Read More