04
Jul
পূৰ্ণিমাৰ নিশা খিৰিকীখন খুলি দিলো নিমিষতে সোমাই আহি এখিৰিকী মায়াময় জোনাকে চেদেলি ভেদেলি কৰিলেহি আটোমটোকাৰীকৈ সজাই থোৱা মোৰ আপোন দুখৰ শেতেলী, সুযোগৰ অপেক্ষাত বুকুত সোমাই থকা তৃষ্ণাতুৰ শব্দবোৰে থাওকতে ওলাই গৈ খোলা খিৰিকীয়েদি ডিঙি মেলি পান কৰে জোনাক মদিৰা.. ভৰুণ নদী খনলৈ যেতিয়া জোনটো নামি আহে জোনাকৰ ৰাগী লগা শব্দবোৰে সাজে এখন নাওঁ... পাল বিহীন বঠা বিহীন নাওঁখনে, এনাওঁ জোনাক সাৱটি পাৰি দিয়ে আপোন মনে যাযাবৰী যাত্ৰা অসীমৰ... জোনাকৰ ঢৌ খেলাই ৰূপোৱালী মাছবোৰে জাক পাতি চুচুক চামাক কৰি আহি খুটিয়াই চাই জোনাকে জিলিকাই তোলা নাৱঁৰ কুন্দত কটা শৰীৰ। ভৰা নদীত গা ধুই সগৰ্ভা মাছবোৰ মতলীয়া হয় সৃষ্টিৰ চিৰন্তন আহ্বানত ,…