khirikire

তিলপিঠা বা খোলাপিঠা

তিলপিঠা বা খোলাপিঠা

তিলপিঠা বা খোলাপিঠা উপকৰণ সমূহ : বৰা চাউল তিল গুড় কমলাৰ বাকলি (নিদিলেও হয়) প্ৰণালী : বৰাচাউল খিনি ৰাতিয়েই বা তিনি ঘন্টামান তিয়াই টুকি খুন্দি মিহি গুড়ি চালনীৰে চালি চৰিয়া এটাত হেচি থৈ ওপৰত কলপাত বা তিতা কাপোৰেৰে ঢাকি থব লাগে। এতিয়া জুইত টাৱা বা কেৰাহী পাতি এহেতা পিঠাগুৰি তাৱাত দি পাতলাই তাত পিহা তিল আৰু গুড়ৰ (কমলা বাকলিৰ গুড়িও দিব পাৰি) মিশ্ৰণটো দি তাড়ু বা হাতেৰে গোল কৰি তাৱাৰ কাষলৈ অলপ জৰজৰিয়া হ'বলৈ থৈ দিব লাগে। 👨‍🍳 নয়নী হাজৰিকা 🏠
Read More
বড়ো জনগোষ্ঠীয় বিলাহীৰ সৈতে গাহৰিৰ মাংস।

বড়ো জনগোষ্ঠীয় বিলাহীৰ সৈতে গাহৰিৰ মাংস।

উপকৰণ সমূহ : 1. আধাকেজি গাহৰি মাংস 2. মিঠাতেল জোখমতে 3. আদা+নহৰু+জিৰা+কেচা জলকীয়া পেষ্ট 4. মজলীয়া পিয়াজ 3টা লগতে 3-4টা বিলাহী 5. এখিলা তেজপাত 6. নিমখ আৰু হালধি জোখৰ ৰন্ধন প্ৰণালী : 1. পিঁয়াজখিনি গৰম তেলত ৰঙচুৱাকৈ ভাজি লব। 2.হালধি আৰু নিমখ জোখৰ দি দিব। 3. মাংস খিনি পেনখনত দি লৰাই থাকিব। 4. মছলা পেষ্ট আৰু তেজপাত দি মাংসখিনি ৰঙচুৱাকৈ ভাজি তাত সৰু সৰুকৈ কাটি লোৱা 3-4 টা বিলাহী দি আকৌ ভালদৰে ভাজিব। পেনখনত মাংসৰ সৈতে তেল উঠি অহাকৈ ভাজিব। 5.শেষত মাংসখিনি ডুবি যোৱাকৈ পানী দি 20মিনিত উতলাই দিব। পানী উতলি শেষ হোৱাৰ পিছত মাংস খাবলৈ প্ৰস্তুত। 👨‍🍳 ৰাজীৱ কায়স্থ
Read More