Khady Sombhar

বুটৰ বড়ৰ সতে ঢেকিয়াৰ টেঙা আঞ্জা

বুটৰ বড়ৰ সতে ঢেকিয়াৰ টেঙা আঞ্জা

উপকৰণ: ১/ ঢেকিয়া শাক এমুঠি ২/ বুট ১ পোৱা ৩/ বিলাহী ৩ মান ৪/ পিয়াজ ২ টা ৫/ নহৰু ৬ ফুট মান ৬/ কেঁচা জলকীয়া ৫ টা ৭/ আদা এটুকুৰা ৮/ মচুৰ দালি এমুঠিমান ৯/ নিমখ, হালধি পৰিমাণ অনুসৰি প্ৰণালী প্ৰথমতে বুটখিনি ৩ ঘন্টা তিয়াই থৈ মিক্সিত গুৰি কৰি ললো ।বুটৰ লগত কেঁচা জলকীয়া দুটা , নহৰু ৩ফুটা একেলগে দিব লাগে। এতিয়া কেৰাহিত তেল দি বৰ কেইটা বনাই ল'লো। ইয়াৰ পিছত ঢেকিয়া মুঠি বাছি ধুই মিহিকৈ কাটি ললো। তাৰপিছত মচুৰ দালি আৰু কাটি লোৱা ঢেকিয়া কন লগতে পৰিমাণ অনুসৰি নিমখ দি দুটা চিটি মাৰি নমাই থলো। বৰ ভাজা কেৰাহিত তেল…
Read More
জনগোষ্ঠীয় লেটাপলু ভজা

জনগোষ্ঠীয় লেটাপলু ভজা

উপকৰণ ১. ২৫০ গ্ৰাম লেটাপলু ২. মিঠাতেল জোখমতে ৩. মজলীয়া পিয়াজ 3টা লগতে কেঁচা ধনীয়া পাত ৪. নিমখ আৰু হালধি আৰু জিৰা পাউদাৰ জোখৰ ৰন্ধন প্ৰণালী ১. প্ৰথমে লেটাপলু কেইটা ২ কাপ গৰম পানীত ১0 মিনিত সময় ভালদৰে উতলাই পৰিষ্কাৰ কৰি লব। ২. পেনখনত তেল গৰম হবলৈ দি তাত পলুকেইতা বহাই জোখমতে নিমখ, হালধি আৰু জিৰা পাউদাৰ দি ভালদৰে কিছু সময় ৰঙচুৱাকৈ ভাজিব লাগিব। ৩. পলু খিনি পেনখনত লৰাই লৰাই তাতে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি আৰু কিছু সময় ভাজিব লাগিব। ৪. শেষত কেঁচা ধনীয়া পাতেৰে সজায় লেটাপলু ভজা পৰিবেশন কৰক। 👨‍🍳 ৰাজীৱ কায়স্থ
Read More
কল পাতত দিয়া মাছ

কল পাতত দিয়া মাছ

উপকৰণ ছপোৱা মাছ ১\২ পোৱা আদা এটুকুৰা নহৰু ৬/৭ফুট মান কেচা জলকীয়া ৩/৪টা কণ বিলাহী ৩/৪ টা মান নিমখ, হালধি পৰিমাণ অনুসৰি মান ধুনীয়া ৪পাট মান কলপাত দুখিলা ৰন্ধন প্ৰণালী কলপাত দুখিলা প্ৰথমতে মাছ খিনি ধুই লৈ নিমখ হালধি সানি লৱ।তাৰ পিছত আদা টুকুৰা চুৰুকি ললো।নহৰু কেইফুটা মিহিকৈ কাটি ললো। জলকীয়া ফালি ললো এতিয়া সকলো খিনি বস্তু মাছৰ লগত সানি ললো।কণ বিলাহী কেইটা ও তাতে দি দিলো। এতিয়া সকলো খিনি বস্তু কলপাত খনত মেৰিয়াই বান্ধি লৈ টাৱা এখনত ‌দি জুইত বহাই দি ঢাকি দিলো।মাজে মাজে লুটিয়াই দি থাকি ২৫/৩০মিনিত পিছত নমাই কেছা তেল সানি ভাতৰ সতে পৰিবেশন কৰিলো। 👨‍🍳 ৰীতা…
Read More
অমৰাৰে মাছৰ টেঙা জোল

অমৰাৰে মাছৰ টেঙা জোল

উপকৰণ যিকোনো ডাঙৰ মাছ 7/8 পিচ পকা অমৰা 4/5 টা ডাঙৰ আলু এটা সৰিয়হ তেল 3/4 চাহ চামুচ পাচফোৰণ গোটা সৰিয়হ নিমখ /হালধি (আন্দাজ অনুসৰি) শুকান জলকীয়া 2টা চেনি ৰন্ধন প্ৰণালী আৰম্ভণিতে মাছ কেইপিচ ভালদৰে নিমখ হালধি সানি তেলত ভাজি ল'ব | তাৰ পিছত একেলগে সিজাই ল'ব অমৰা আৰু আলু | এতিয়া পাত্ৰ এটাত সিজাই লোৱা অমৰাকেইটাৰ গুটিৰ পৰা মঙহখিনি আঁতৰাই আৰু আলুৰ সৈতে পিটিকি লৈ দুগিলাচ পানী দি লগত নিমখ আৰু হালধি দিব | অমৰা গুটিকেইটা খুন্দনা বা পিহনাত অলপ থেতেলাই ল'ব | কেৰাহীত তেল গৰম হ'লে প্ৰথমতে শুকান জলকীয়া পাচফোৰন আৰু সৰিয়হ দি অমৰা আলুৰ সৈতে পিটিকি লোৱা…
Read More
ভেদাইলতা নৰসিংহৰ মাছতৰকাৰী

ভেদাইলতা নৰসিংহৰ মাছতৰকাৰী

উপকৰণসমূহ নৰসিংহ-আন্দাজ মতে ভেদাইলতা-আন্দাজমতে মৰিচা থাৰি(নললেও হয়) আলু-১টা নহৰু-এটা পিয়াজ-১টা আদা-এটুকুৰা তিল-এচামুচ (নিদিলেও হয়) জলকীয়া মাছ ৰন্ধন প্ৰণালী: মাছখিনি ধুই ভাজি নিলগাই থলো। আদা,তিল নহৰু পিহি ললোঁ। ভেদাইলতা, নৰসিংহৰ ৰস অলপ পানী দি উলিয়াই ললোঁ। এতিয়া তেলত জলকীয়া ফালি দি পিয়াজ কুটি দিলো। অলপ ভাজি নহৰু আদাৰ পেষ্ট দি আকৌ ভাজিলো। মৰিচা থাৰিদাল দীঘল দীঘল কৈ কাটি ভাজিলো । এতিয়া সিজাই থোৱা আলুটো পিতিকি দিলো। পিছত ৰসখিনি দি আকৌ উতলালো। এতিয়া ভজা মাছ দি উতলাই নমাই থ'লো। 👨‍🍳 নয়নী হাজৰিকা
Read More