কৃষ্টি সংস্কৃতি

অসমীয়া মানুহৰ পৰম্পৰাগত সাজ-পাৰ

অসমীয়া মানুহৰ পৰম্পৰাগত সাজ-পাৰ

অসমীয়া মানুহৰ পৰম্পৰাগত সাজ-পাৰ (নাৰী আৰু পুৰুষ নিৰ্বিশেষে) ইতিহাসে বৰ্ণাব পৰা দিনৰে পৰা অসমীয়া মানুহে শালত কাপোৰ বৈ নিজৰ প্ৰয়োজনীয় সাজ-পাৰ আৰু ব্যৱহাৰ্য্য আন কাপোৰ ঘৰতে প্ৰস্তুত কৰিছিল ৷ কপাহী কাপোৰৰ উপৰি এৰী, পাট, মুগা, তাচ পলুৰ লেটাৰ পৰা সুতা প্ৰস্তুত কৰি তাৰ পৰা গামোচা, ধুতী/চুৰীয়া, মেখেলা-চাদৰ, পাগুৰি, চোলা, কমৰবন্ধনি, হাঁচতি আদি ভাগে ভাগে বৈ উলিয়াইছিল ৷ সুতাৰ আকাৰ আৰু প্ৰকৃতিৰ লগতে নিৰ্মাণ কুশলতা (technique) আৰু আৰ্হি (design) একেৰূপৰ কাপোৰৰ নাম আৰু ব্যৱহাৰ বেলেগ আছিল ৷ তলত তেনে আৰ্হি অনুসৰি নামৰ তালিকা এখন প্ৰস্তুত কৰাৰ চেষ্টা কৰিছোঁ ৷ কিবা ভুল অথবা সংযোজন থাকিলে সূধী বৃন্দই সোঁৱৰাই দিবলৈ নাপাহৰিব ৷ বিবিধ…
Read More
ব’হাগৰ সাত বিহু আৰু সাতশাকী

ব’হাগৰ সাত বিহু আৰু সাতশাকী

ব’হাগৰ সাত বিহু আৰু সাতশাকী সাত বিহু   অসমীয়া মানুহৰ জাতীয় উৎসৱ বিহুৰ পৰম্পৰাত ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ দিনা আৰম্ভহৈ ব’হাগ মাহৰ ষষ্ঠ দিনালৈ মুঠতে সাতদিন ব্যাপি উদযাপন কৰা হয় ৷ এই সাতটি দিন সাতটা বেলেগ বেলেগ নামেৰে পৰিচিত ৷ ঠাই ভেদে নামৰ খেলিমেলি আৰু বেলেগ ৰূপও দেখা যায় ৷ সেই সাতটা দিন তলত বৰ্ণনা কৰা ধৰণে উদযাপন হয় ৷ ১/ গৰুবিহু : ৰঙালীবিহুৰ প্ৰথম দিনটো অসমীয়া জন-জীৱন আৰু কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ গুৰুত্ব অনুধাৱন কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয় । সেইদিনা গৰুক লক্ষ্মীৰ ৰূপত সুশ্ৰূষা কৰা হয়। পুৱাতে গৰু-ম’হৰ গাত মাহ-হালধি সানি, কপালত তিলক আঁকি, দীঘলতি-মাখিয়তীৰ ডালেৰে…
Read More
আস! ভোগালী বিহু!

আস! ভোগালী বিহু!

তেলপিঠা, বৰপিঠা, সুতুলী পিঠা, টেকেলিপিঠাতুমি বাৰু পাইছানে খাই? খোলা চপৰীয়া, ঘিলা আৰু কঁকালছিগা পিঠাৰনাম তুমি শুনিছানে নাই? জোনপিঠা, জকাইপিঠা, ফেনিপিঠা, তৰাপিঠাটোপোলাপিঠা, জাপৰিপিঠা, কলপিঠাৰ সোৱাদ মিঠা। চিৰা, মুড়ি, তিল, গম, নাৰিকলৰ লাড়ুভাবি-গুণি জিভাৰ পানী নোলাবনে বাৰু? আখৈ, হুৰুম, সান্দহ- ক্ৰিম, গুড়, দৈভোগালীৰ ভোগ জানো শেষ হ'ব কৈ? উৰুকাৰ ভোজ ভাত- হাঁহ, পাৰ, শৰালিভাপৰ ইলিহী মাছ, তেঁতেলীৰে বৰালি, চিতলৰ কোলঠি, কাঠ-আলু-ভজা,খৰিকাৰ মঙহৰ লৈছা নে মজা? বিধে-বিধে খানা-পিনা চকুৰ আগত ভাহে….ভোগালী আহি গুচি গ'লে আনন্দও ঘূৰি নাহে…কাৰোবাক ক'লেও চোন মোক খকুৱা বুলি হাঁহে।। ✍ ম’নালিছা নাথ
Read More
ইছ! ইমানবোৰ শাক।

ইছ! ইমানবোৰ শাক।

মধুসোলেং, মৰলীয়াচিনি জানো পোৱা?মচন্দৰী, ভেদাইলতাখাই জানো চোৱা? মাটি কাঁন্দুৰী, হেলচিৰজানা জানো নাম?লাই জাবৰী, মানিমুনিৰকি বা সকাম? পদিনা, ধনিয়াচাটনিতহে ৰজে;কঁচুশাক, ঢেঁকীয়াচেচুকত গজে। পাঞ্জাৱত প্রিয় বৰসৰিয়হ শাক;চুকা বনাবলৈমাছ লাগে মাক। পূৰঠ পূৰৈ শাকপিচলীয়া কিয় হয়?ব্ৰাহ্মী শাক খাবলৈকৰিছানো কিয় ভয়? কলমৌ, দোৰোণঔষধি গুনেৰে ভৰুণ।পালেং খালেই "পোপাই"একে ঢাপে হয় তৰুণ। মৰিছাৰ ৰঙা শাকতভিটামিন হাই;ভাতৰ থালত দিলেপেলাবাচোন খাই। লাই, লফা, টেঙেচিবিধে বিধে শাক;শুকলতি, জিলমিলবাদ দিবা কাক? ইছ-আছ নকৰাকৈসব শাক খাবা।ভিন শাকৰ ভিন গুণতেতিয়াহে পাবা;বল আৰু বুদ্ধিৰেবহু ওপৰলৈ যাবা। ✍ ম’নালিছা নাথ
Read More