কৃষি কথা

নাৰিকলত দেখা দিয়া বগা মাখি পোক আৰু ইয়াৰ নিয়ন্ত্ৰণ

নাৰিকলত দেখা দিয়া বগা মাখি পোক আৰু ইয়াৰ নিয়ন্ত্ৰণ

বৰ্তমান সময়ত এবিধ বগা মাখিয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবষত বিভিন্ন ধৰণৰ ফল-মূল যেনে: নাৰিকল, আম আদিকে ধৰি বিভিন্ন ধৰণৰ গছ আৰু বন–বাত আদিত দেখিবলৈ পোৱা যায়। এই বগা মাখিবিধক ইংৰাজীত Rugose spiralling whitefly বোলা হয়। এই বগা মাখিবিধ ২০০৯ চনত ফ্লৰিডাত প্ৰথমে দেখা গৈছিল । লাহে লাহে এই মাখিবিধ বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি যোৱাৰ লগতে ২০১৬ চনত দক্ষিণ ভাৰতত পোন প্ৰথম বাৰৰ বাবে চিনাক্ত কৰা হয়। ২০১৮ চনত কামৰূপ আৰু নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত নাৰিকল গছত বিস্তৰ ক্ষতি সাধন কৰাৰ লগত সম্প্ৰতি শোণিতপুৰ আৰু বিশ্বনাথ জিলাতো আক্ৰমণাত্মক ৰূপ লৈছে। পূৰ্ণাংগ বা অপৈনত মাখিবিধ পাতৰ তলফালে থুপ খাই থাকে। মাখিবিধক চুই…
Read More
জৈৱিক কৃষি খণ্ডত পোক – পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ

জৈৱিক কৃষি খণ্ডত পোক – পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ

জৈৱিক কৃষি খণ্ডত পোক – পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ জৈৱিক কৃষি পদ্ধতি বুলি ক’লে এনে এক কৃষি পদ্ধতিকে বুজা যায় য’ত ৰাসায়নিক সাৰ, কীটনাশক আদিৰ কম ব্যবহাৰ কৰি কৃষি খণ্ডত খেতি কৰা হয়। এনে কৃষিত আমি মাটিৰ উৰ্বৰতা শক্তি নষ্ট নোহোৱাকৈ, শস্য, জীৱ জন্তু আৰু জলজ পেলনীয়া সামগ্ৰীৰ ব্যবহাৰ  কৃষি খণ্ডত কৃষি কাৰ্য্য সম্পন্ন কৰা হয়। এনে কৃষিত প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টি কৰিবৰ বাবে জৈৱিক অণুজীৱৰ ব্যৱহাৰ অপৰিসীম।কৃষিখণ্ডত শস্যাৱৰ্তন,কেঁচু সাৰ,জৈৱিক সাৰ, সেউজ সাৰ যেনে: ধইঞ্চা আৰু বিভিন্ন জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি আদিবোৰ সন্নিবিষ্ট কৰা হয়। জৈৱিক কৃষিত কীট – পতংগ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা সেউজ বিপ্লৱৰ ঋণাত্মক দিশ সমূহ দূৰ কৰি,ৰাসায়নিক কীটনাশকৰ ওপৰত…
Read More
মাটি ঢাকনি হিচাপে প্লাষ্টিকৰ ব্যৱহাৰ

মাটি ঢাকনি হিচাপে প্লাষ্টিকৰ ব্যৱহাৰ

কৃষিত প্লাষ্টিকৰ ব্যৱহাৰে এক নতুন যুগৰ সূচনা কৰিছে। কৃষিত প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট। তাৰে ভিতৰত মাটিৰ ঢাকনি হিচাপে ব্যৱহাৰ এক উল্লেখনীয় কৌশল। আমাৰ কৃষক সকলে বিভিন্ন সামগ্রী যেনে - শুকান পাত, ধানখেৰ, ধানৰ তুঁহ, কাঠৰ গুড়ি, শুকান ঘাঁহ, শুকান কুঁহিয়াৰৰ পাত, শুকান নাৰিকলৰ পাত, নাৰিকলৰ বাকলি ইত্যাদি মাটিৰ আদ্ৰতা সংৰক্ষণ, অপতৃণ নিয়ন্ত্ৰণ তথা মাটিৰ উষ্ণতা প্ৰশমিত কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ ফলত মাটিৰ উৰ্বৰা শক্তি অটুট থাকে আৰু মাটিৰ গঠন ভাল হয়। কিন্তু এই সমগ্ৰীবিলাক প্ৰচুৰ পৰিমাণে প্লাষ্টিকৰ অৱৰণবিলাক সহজে পোৱা যায়। পৰিবহন আৰু ব্যৱহাৰত সুবিধাজনক। সেই কাৰণে এই প্লাষ্টিক অৱৰণবিলাক মাটিৰ ঢাকনি বা মালচ হিচাপে বৰ্তমান কৃষক সকলে অগ্ৰাধিকাৰ…
Read More
কৰ’ণা মহামাৰী আৰু ঘৰুৱা বাগিছাৰ প্ৰয়োজনীয়তা

কৰ’ণা মহামাৰী আৰু ঘৰুৱা বাগিছাৰ প্ৰয়োজনীয়তা

সমগ্ৰ বিশ্বতে আজি কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে মানুহৰ ভয়াবহ মৃত্যুৰ লগতে বিভিন্ন সমস্যা গা কৰি উঠিছে। তাৰ ভিতৰত প্ৰধান সমস্যা হৈছে পুষ্টিকৰ খাদ্য। জীয়াই থাকিবলৈ চাউল,দাইল,আলু,পিয়াঁজৰ এতিয়ালৈ নাটনি হোৱা নাই যদিও অদুৰ ভৱিষ্যতৰ কথা কোনেও নাজানে। সেয়েহে,সকলোৱে যদি ঘৰতে এখন এনেকুৱা বাগিছা তৈয়াৰ কৰি ল'ব পাৰে য'ত পৰিয়ালৰ সকলোৰে পৰিপুষ্টি পূৰ্ণ হোৱাকৈ লাগতিয়াল শাক-পাচলি তথা ফল-মুল ইত্যাদি উৎপাদন কৰিব পাৰি,তেন্তে আমি খাদ্য সংকটৰ লগত মোকাবিলা কৰিব পৰাকৈ স্বনিৰ্ভৰশীল হৈ থাকিলোহেতেন। সেয়েহে সকলোৱে লাভান্বিত হ'ব পৰাকৈ কম ঠাইত,কম খৰচত আৰু কম পৰিশ্ৰমত ঘৰুৱা বাগিছা এখন প্ৰস্তুত কৰিবলৈ কিছু দিহা-পৰামৰ্শ আগবঢ়াব লৈছো। শাক-পাচলি তথা ফল-মুলৰ উপকাৰিতাৰ বিষয়ে কম-বেচি পৰিমাণে আমি সকলোৱে অৱগত।…
Read More