02
Aug
জৈৱিক কৃষি পদ্ধতি বুলি ক’লে এনে এক কৃষি পদ্ধতিকে বুজা যায় য’ত ৰাসায়নিক সাৰ, কীটনাশক আদিৰ কম ব্যবহাৰ কৰি কৃষি খণ্ডত খেতি কৰা হয়। এনে কৃষিত আমি মাটিৰ উৰ্বৰতা শক্তি নষ্ট নোহোৱাকৈ, শস্য, জীৱ জন্তু আৰু জলজ পেলনীয়া সামগ্ৰীৰ ব্যবহাৰ কৃষি খণ্ডত কৃষি কাৰ্য্য সম্পন্ন কৰা হয়। এনে কৃষিত প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টি কৰিবৰ বাবে জৈৱিক অণুজীৱৰ ব্যৱহাৰ অপৰিসীম।কৃষিখণ্ডত শস্যাৱৰ্তন,কেঁচু সাৰ,জৈৱিক সাৰ, সেউজ সাৰ যেনে: ধইঞ্চা আৰু বিভিন্ন জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি আদিবোৰ সন্নিবিষ্ট কৰা হয়। জৈৱিক কৃষিত কীট – পতংগ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা সেউজ বিপ্লৱৰ ঋণাত্মক দিশ সমূহ দূৰ কৰি,ৰাসায়নিক কীটনাশকৰ ওপৰত প্ৰতিৰোধ ক্ষমতা লাভ কৰা, কীট – পতংগবোৰৰ নিয়ন্ত্ৰণৰ জৰিয়তে…