পুৰী যাত্রাৰ স্মৃতি কথা

প্ৰকৃতি যেতিয়া ৰূষ্ট হয় তেতিয়াই আহে নেকি প্ৰলয়? সৃষ্টি হয় নেকি তেতিয়াই প্ৰকৃতিৰ তাণ্ডবলীলা।প্ৰকৃতি কিয় হয় বাৰু ৰূষ্ট!!জানোনে বাৰু আমি,নেজানোঁ হয়তোবা জানো।কিন্তু পাৰোনে ৰুধিব আমি প্ৰকৃতিৰ তাণ্ডবক।সৌ সিদিনা যে বতৰ বিজ্ঞানীয়ে বতৰৰ আগলি বতৰা দিছিল,বঙ্গোপসাগৰৰ গৰ্ভত সৃষ্টি হ’বলৈ গৈ আছে এক ধ্বংস যজ্ঞৰ পাতনি।জনসাধাৰণক সাবধান কৰি দিছিল। সমাগত বিধ্বংসী প্ৰাকৃতিক প্ৰলয়ৰ মুখামুখি হ’বলৈ প্ৰস্তুত হোৱাৰ বাবে সকিয়নি দিছিল।উৰিষ্যা চৰকাৰে বতৰবিজ্ঞানীৰ আগজাননীক গুৰুত্ব সহকাৰে লৈ জনগণক প্ৰাণৰক্ষাৰ হেতু স্থানান্তৰিত কৰিছিল নিৰাপদ স্থানলৈ। আগলি বতৰাক শুদ্ধ প্ৰমাণিত কৰি ফণী আহিল।ফণীৰ উতনুৱা বতাহজাকে তাণ্ডবৰ সূচনা কৰি বিধ্বস্ত কৰি পেলালে উৰিষ্যাভূমি। বঙ্গোপসাগৰত উৎপত্তি হোৱা ফণীৰ প্ৰবল প্ৰতাপত সকলো থানবান হৈ গৈ আছে ।ঠনঠনাই ভাগি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকাৰ সুদৃশ্য কাঁচসমূহ।ধুমুহা ৰ প্ৰকোপত হালি জালি গছবোৰেও ঠাউনি হেৰুৱাই ভূমিৰ পৰা বিচ্ছিন্ন হৈ পৰিছে ।ভাগি গৈছে ঐতিহ্যমণ্ডিত বহু বৃক্ষ,অট্টালিকা,নামঘৰ।মুঠতে তচ্ নচ্ হৈ পৰিছে পুৰীৰ তীৰ্থস্থলৰ শান্ত সমাহিত ৰূপ।এই সময় অতি ভয়ংকৰ ।প্ৰত্যক্ষদৰ্শীৰ বাবে ই হৈ ৰ’ব স্মৃতিৰ মণিকোঠাত এক বিভীষিকাৰ স্বৰূপত। পুৰীবাসী আতংকগ্ৰস্ত,জৰ্জৰিত– তথাপি বতৰ বিজ্ঞানীৰ আগলিবতৰা আৰু উৰিষ্যা চৰকাৰৰ তৎপৰতাই জনসাধাৰণৰ মৃত্যুৰ হাৰ ৰোধ কৰিব পাৰিলে। যদিও স্থাবৰ- অস্থাবৰ সম্পত্তিৰ বিস্তৰ ক্ষতি হ’ল।

বিস্তাৰিত নেত্রে শ্বাসৰুদ্ধকাৰী বাতৰিবোৰ দূৰদৰ্শনত প্ৰত্যক্ষ কৰি আছিলোঁ ।ফোনটো বজাত হাতত তুলি ললো ।: হেল্লো–

: এই তোমালোক পুৰীৰ পৰা আহি পালানে?

: অ– আহিলোঁ আহিলোঁ

: কেতিয়া আহি পালা? উৰিষ্যাত যে ফণীৰ তাণ্ডব চলিছে,কি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ,তেনেকুৱা তে আকৌ তোমালোকৰ হাঁহি থকা ফটোবোৰ ফেইচবুকত দেখি আছো —উস্ ভয়েই খাইছিলো জানা তাতেই আছা বুলি।ভালে ভালে পালাহি মানে ন ,ৰক্ষা।

: অ জানা ! ঈশ্বৰৰ কৃপাত আমি দুদিন আগতে অৰ্থাৎ ৩০ এপ্ৰিলৰ দিনাখন আহি পালো।আমি অহাৰ পিছদিনা ১ মে’ ৰ পৰা সাগৰতীৰৰ হোটেলসমূহৰ দৰ্শনাৰ্থী যাত্রীসমূহক হোটেল খালী কৰি ওভতি যোৱাৰ নিৰ্দেশ জাৰি কৰিছে ।আমাৰ যে কি কপাল আমি ৩০ এপ্ৰিল ত আকাশীযানেৰে গুৱাহাটী পালোহি।

:ইচচচ্ হয় দেই, প্ৰকৃতিৰ ৰোষত পৰাৰ আগে আগে আহি যে ঘৰ সোমালাহি পাই।তোমালোকতো মহিলা দল এটাহে গৈছিলা ন?

: অ…আমি ১২জনীয়া মহিলা দল এটাই পুৰীৰ জগন্নাথ ধাম দৰ্শনৰ উদ্দেশ্যে ২৭\৪\২০১৯ এপ্ৰিল শনিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা আকাশীযানেৰে ৰাওণা হৈছিলোঁ ভূবনেশ্বৰৰ বিজুপাটনায়ক বিমান বন্দৰলৈ।দুপৰীয়া এক বাজি ত্ৰিশ মিনিটত উৰা মাৰি আমাৰ ইণ্ডিগো বিমানখনে আবেলি দুই বাজি পঞ্চল্লিছ মিনিটত ভূবনেশ্বৰৰ বিজুপাটনায়ক বিমান বন্দৰত অবতৰণ কৰিলে।আগতীয়াকৈ সংৰক্ষণ কৰি থোৱা ট্ৰেভেলাৰ বাহনখনত আটায়ে বয়- বস্তু বোৰ ভৰাই বহি ললো গৈ।শীত-তাপ নিয়ন্ত্ৰিত বাহনখনত বহি আমি যাত্রা কৰিলো পুৰীৰ সাগৰতীৰত পূৰ্বে সংৰক্ষিত হোটেললৈ।খিৰিকীৰে বাহিৰলৈ চাই ৰ’দৰ তীক্ষ্ণতা অনুভৱ কৰিব পাৰিছিলো।ফটফটীয়া আকাশ।কিন্তু গাড়ীখন সুবিধাজনক হোৱাত আমাৰ যাত্রা কষ্ট কিছু লাঘব হৈছিল ।বাৰ গৰাকী মহিলাৰ উচ্চল হাঁহি ধেমালিৰে বাছৰ ভিতৰচ’ৰা গমগমাই উঠিছিল ।তথাপিও তাৰমাজতে আমাৰ মনত অলপ দুখ লাগি আছিল,কিয়নো এই দলটোৰ আন এগৰাকী সদস্য অসুস্থ হৈপৰা বাবে আজি এই যাত্ৰাত আমাক সঙ্গ দিব নোৱাৰিলে।এগৰাকী সহযাত্ৰীক এৰি আহিবলগীয়া হোৱাত আমিবোৰে তেওঁৰ অভাব মাজে মাজে অনুভৱ কৰি ব্যথিত হওঁ ।সেয়ে যাত্রাৰ ডাঁৰৰ বাতৰি যাতে ডাঁৰে পাই থাকে তাৰ ব্যৱস্থা কৰি লৈছিলো ।বিয়লি চাৰি বাজি পঞ্চল্লিছত আমি পুৰীত উপস্থিত হলোহি।ইমান খিনি বাট কথা- বতৰাৰ মজলিছৰ মাজেৰে কেনেকৈ আহি পালোহি গমকে নাপালোঁ ।যাত্রাত খাবলৈ ঘৰতে বনাই নিয়া বাদাম ভজা,কেকৰ মজা লৈ লৈ বেছ স্ফূৰ্তিৰে পাৰ হৈ গ’ল সময়কণ।ৰ’দৰ প্ৰখৰতা তেতিয়াও কমা নাছিল ।পূৰ্বতে বুক কৰি থোৱা হোটেলখন মন পছন্দ নোহোৱাত আমাৰ দলনেত্রীয়ে আন দুগৰাকী সতীৰ্থৰ সতে গৈ ” চি- গাল” নামৰ হোটেলখন ঠিক কৰিলে ।সেই সময়কণতে আমি বাকীকেইজনে সাগৰতীৰত ৰৈ একো একোটা ডাবৰ পানী পান কৰি ডিঙিটো জীপাল কৰিলোগৈ।প্ৰকৃতিৰ এক আশ্চৰ্য্য সেই বিশাল জলৰাশিলৈ অপলক নেত্রে চাই ৰলো।মূৰৰ ওপৰত যে ৰ’দ একুৰা আছে তালৈ ভ্ৰূক্ষেপ নকৰি ওফন্দি আহি সাগৰতীৰত খুন্দা মাৰি পুনৰ স্ব- স্থানলৈ ওভতি যোৱা নীলিম সলিল ৰাশিৰ দৃশ্য উপভোগ কৰিলো।লগৰ এগৰাকীৰ মাতত সম্বিত ঘূৰি আহিল।আমি আহি ৰোৱা ঠাই খিনিতেই আছে আমাৰ থকাৰ ব্যৱস্থা কৰা হোটেল “চি গাল” (SEA GULL)খন।ট্ৰেভেলাৰখনৰ পৰা বয়- বস্তু নমাই আটায়ে নিজা নিজা কোঠাত প্ৰৱেশ কৰিলো গৈ।মোৰ চকুত লাগি ৰ’ল সাগৰ পাৰৰ সৰু সৰু মণিহাৰীৰ পোহাৰবোৰ। আলিবাট আৰু সাগৰৰ বালিময় ঠাইকণৰ মিলনস্থলিতেই নানা খাদ্য সামগ্ৰীৰ পয়োভৰ ।হবওতো,য’ত মানুহৰ সমাগম হ’ব তাতটো খোৱা বস্তুৰ প্ৰয়োজন হবই ।এয়াই আকৌ একশ্ৰেণী মানুহৰ জীৱন জীয়াই থকাৰ সম্বলো।দেখিলো ৰ’দৰ উত্তাপকো হেলাৰঙে নেওচি তেওঁবিলাকে নিজ নিজ সাধ্যানুসাৰে পোহাৰবোৰ মেলিছেহি।চুলাত এটা ডাঙৰ চচ্ পেনত পানী উতলি আছে।তাতে পুৰঠ গোমধানবোৰ দি ঢাকনি মাৰি সিজাই আছে।গ্ৰাহক আহিলে ভিতৰৰ পৰা এটা উলিয়াই মাজতে দুটুকুৰা কৰি মছলা চটিয়াই সুন্দৰকৈ পৰিৱেশন কৰে।সৰু সৰু পোহাৰবোৰতো পৰিবেশনৰ সুন্দৰ কলাই আপ্লুত কৰিলে।আকৌ দেখিলো কোনোৱে তৈয়াৰ কৰিছে চাইনিজ খাদ্য মম’ চাউমিন।আন এজনৰ তাত দেখিলো পুৰী তৰকাৰীৰ লগতে আকৌ ইডলীৰ সংযোজন ।মুঠতে যেয়ে যেনেকৈ পাৰে মুখৰোচক খাদ্য প্ৰস্তুত কৰাত ব্যস্ত ।একো একোটা ৰঙা নীলা ছাতিৰ তলেই হৈছে তেওঁলোকৰ বিপনী। শাৰী শাৰী ৰঙীণ চকী কেইখনমান পাতি গ্ৰাহকক বহি খাবলৈ সুবিধাকণো কৰি দিছে।তেওঁলোকৰ চকু মুখত আশাৰ ৰেঙনি দেখিছো; এনেকৈয়ে হয়তো দিনটোৰ মূৰকত জমা হোৱা টকাখিনিৰে পোহপাল দিয়ে নিজ নিজ পৰিয়ালক।ল’ৰা- ছোৱালীক পঢ়ুৱাই ডাঙৰ মানুহ কৰাৰ সপোনো দেখিব।

কোঠাতে বৈদ্যুতিক কেটলিৰ সহায়ত গ্ৰীণ টি আৰু বিস্কুট, বাদাম খাই সতেজ হৈ কাপোৰ কানি সলাই ঢাপলি মেলিলো সাগৰতীৰলৈ।আমি থকা হোটেলখনৰ মূল দুৱাৰেৰে ওলায়েই ৰাজপথটো আৰু সেইটো অতিক্ৰম কৰিয়ে অৰ্থাৎ হোটেলৰ বিপৰীত দিশতে সাগৰখন।মাথো তিনি মিনিটৰ বাট।চল্লিশৰ পৰা পছপন্ন বছৰৰ ভিতৰৰ মহিলাখিনি যেন নিমিষতে ষোড়শী গাভৰু হৈ পৰিলো।বালিময় পথাৰ সদৃশ বালিচৰত শামুক,শংখ,খাৰু- মণিৰ বিপণীৰ মাজে মাজে খোজ ললো সাগৰতীৰলৈ।লোকে লোকাৰণ্য তেতিয়া ।বিয়লিৰ হালি পৰা বেলিৰ কিৰণৰ অৱশেষখিনিৰ লগত জলৰাশিৰ ৰামধেনুৰ মিতিৰালি চোৱাৰ হেঁপাহে আমাক বাউলি কৰিছিল।চাগে তাত সেইসময়ত গোট খোৱা প্ৰত্যেকেই এই মধুৰ ক্ষণৰ আমেজ লৈছিল ।আমি আটায়ে জলকেলি কৰাত লাগিলো।ঢৌৰ গৰ্জনে সাগৰতীৰক এক অদ্ভুত মাত্রা প্ৰদান কৰিছিল ।প্ৰকাণ্ড প্ৰকাণ্ড ঢৌবোৰে ফেণীল ৰাশি হৈ পাৰক চুমিবলৈ আহি পুনৰ উভতি যায় স্ব স্থানলৈ।এই নিৰলস অহা- যোৱা বোৰ চাই চাই অভিভূত হৈ পৰো।ক’ত বাৰু সেই যন্ত্ৰ টো স্থাপন কৰা হৈছে যাৰ ফলশ্ৰুতিত এই ঢৌবোৰৰ সৃষ্টি ।মই ভাবসাগৰত বুৰ যাওঁ,বঙ্গোপসাগৰৰ পাৰত ৰৈ

সাগৰতীৰৰ বালিময় অংশত আসিন হৈ মন আকাশত বুৰবুৰনি উঠে নানা প্ৰশ্নৰ।সীমিত জ্ঞানেৰে পাৰ নেপাওঁ চিন্তা কৰি প্ৰকৃতিৰ এই অদ্ভুত সৃষ্টিৰাজিৰ উৎপত্তিৰ সেই ৰহস্য কি? তথাপি সৌন্দৰ্য্য আৰু ভয়াবহতাৰ মাজত ৰৈ আনন্দ লোৱাত কাৰ্পণ্য নকৰোঁ ।তৰংগায়িত ঢৌৱে আহি পাৰ চুমি উভতি যাওঁতে খহাই নিয়ে ভৰিৰ তলৰ মাটি ।খোপনি পুতিব নোৱাৰিলে বাগৰি পৰাৰ সম্ভাৱনাই অধিক।বহুপৰ এইদৰে ঢৌৰ অহাযোৱাৰ আলেখ লেখ চাই থাকোঁতে আমাৰ দেহ লুণীয়া পানীয়ে সম্পূৰ্ণকৈ তিয়াই পেলালে,যদিও কাৰো হোটেললৈ উভতি যোৱাৰ সমূলি আগ্ৰহ দেখা নগ’ল।ক্রমান্বয়ে মানুহৰ সমাগমো বাঢ়িব ধৰিলে।প্ৰাণভৰি সাগৰখন চোৱাৰ হেঁপাহ আমাৰ।ইফাল সিফাল চাওঁতে নজৰ পৰিল বালিৰ মাজত থকা দোকান বোৰে চকী কিছুমান ঘন্টা হিচাপ ত ভাড়ালৈ দিয়াৰ ব্যৱস্হা ৰাখিছে।এই সুব্যৱস্থা দেখি তাৰ সুবিধাকণ লোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ ।সেয়া ভাড়ালৈ আমি ভিজা কাপোৰেৰেই বহি ৰলো সন্ধিয়াৰ দৃশ্য উপভোগ কৰিবলৈ ।সুসজ্জিত উট কেইটামান আমাৰ চকুৰ সন্মুখত অহা যোৱা কৰিব ধৰিলে সিহঁতৰ মালিকৰ নিৰ্দেশনাত।বুজিলো,সিহঁতৰ পিঠিত উঠি সাগৰতীৰত আৰামত কিছুদূৰ ভ্ৰমণবিলাসৰ ব্যৱস্থা এয়া।গৰম হৈ থাকিবৰ বাবে বিশেষভাবে সজাই লোৱা কেটলী হাতত লৈ জনসমাগমৰ আশে পাশে ঘূৰি ফুৰা চাহ কফিৰ বেপাৰী কেইটাই সুন্দৰ সন্ধিয়াটোক আৰু উপভোগ্য কৰি তুলিছে ।বিভিন্ন ৰং বিৰঙী বেটেৰীৰে জ্বলি উঠা পুতলা খেলনা বোৰেৰে যাত্রীক আকৰ্ষিত কৰি দুই এটা বিক্রয়ৰ লক্ষ্য ৰে ঘূৰি ফুৰা ফেৰিৱালা কেইটা,হাতত মুকুতামণিৰ বিভিন্ন আকাৰৰ মালা কঢ়িয়াই ফুৰা জন নাইবা জগন্নাথ পুৰীৰ ইতিহাস সমৃদ্ধ হাতপুথি আৰু যে কত কি!! মুঠতে তাত বহি থাকোতেই যদি মন কৰা যায় এমোনা বজাৰ কৰিব পৰা যাব।অদূৰত বিবিধ ভজা মাছ মাংসই ‘মোক খা”মোক খা’ কৰি আছে ।আমিষভোজীৰ বাবে নিশ্চয়কৈ এয়া লোভনীয়।মুঠতে এক মেলা সদৃশ পৰিবেশ ।

বালিচৰৰ পৰা আহি আমি আলিবাটত উঠিলোহি।সাগৰমুখী দোকানবোৰ চাই চাই কিছুদূৰ এনেয়ে খোজ কাঢ়িলো।মানুহৰ সমাগমে এই অঞ্চলসমূহত সদায়ে এক উৎসৱমূখৰ পৰিবেশৰ সৃষ্টি কৰি ৰাখে।শাৰী শাৰী দোকান পোহাৰবোৰত দেখিলো প্ৰস্তুত বেশভূষাৰ উপৰিও উৰিষ্যা কটকক প্ৰতিনিধিত্ব কৰা বিশেষ কটকী প্ৰিন্টৰ বিশ্ব প্ৰসিদ্ধ ঠান কাপোৰ সমূহ ।কাপোৰৰ প্ৰতি মহিলাৰ আছে এক আজন্ম হেঁপাহ তথাপিও সেইদিনা আটায়ে মন সম্বৰণ কৰি হোটেললৈ উভতি আহিলো।দলনেত্রীৰ পৰিচিত পাণ্ডাগৰাকীয়ে ইতিমধ্যেই হোটেলত আহি পিংকী,উৰ্মীক লগ কৰিছিলহি।আমাৰ বাবে তেখেতে জগন্নাথ প্ৰভু ৰ বিশেষ ভোগ ৰাব্ ৰী লৈ আহিছিল ।আটায়ে বৰ হেঁপাহ আৰু শ্ৰদ্ধাৰে সেই ভোগ গ্ৰহণ কৰিছিলোঁ ।এনে লাগিছিল আমি যেন অমৃতৰ ভাগ হে পালোঁ ।নিশাৰ ভাতসাজ হোটেলৰ ৰেষ্টুৰেন্টখনতে খালো ।দিনটোৰ যাত্রাৰ অৱসাদে তেতিয়ালৈ আমাক অলপ আমনি কৰিব ধৰিছিল ।সাত্বিক ভোজনেৰে সেই নিশা আমি আমাৰ ভোজন সামৰি নিজ নিজ কক্ষলৈ প্ৰত্যাবৰ্তন কৰিলো ।কোঠাৰ পৰাই খিৰিকিৰে সাগৰখনলৈ চকূ পৰাত ক’ৰ টোপনি জানো কলৈ উৰা মাৰিলে তলকিবই নোৱাৰিলোঁ । বহি বহি সেই বিশাল

জলৰাশিৰ উত্তাল গতিক চাই আপোন পাহৰা হৈ থাকিলো।কোঠাৰ পৰা সাগৰখন দেখি মোৰ এনে ভাব হৈছিল, নিশাৰ নিস্তব্ধতাত কাকো কতো নেদেখি সাগৰখনে যেন আগুৱাই আহিছে হোটেলৰ নিচেই কাষলৈ।তৃতীয় মহলাৰ পৰা মই প্ৰত্যক্ষ কৰি ৰৈছিলো সাগৰৰ অভিমানী ৰূপটো।যেন প্ৰেমিকাক আলিংগন কৰিব আহি বিচাৰি নাপাই গুজৰি গুমৰি অসন্তোষ মনে উভতি যায় স্ব -স্থানলৈ। সাগৰখনক কিয় নাজানো বৰ অভিমানী যেন লাগে মোৰ।এনে লাগে মনৰ অব্যক্ত কথাবোৰ ক’ব নোৱাৰি ছটফটাই থাকে যেন। অনবৰতে উখল মাখল হৈ থাকে হৃদয়স্থল।মনৰ উন্মাদনা আৰু বিষাদবোৰৰেই হয়তো প্ৰতিফলন ঘটে ফেণে ফুটুকাৰে ওফন্দি অহি আছাৰ খাই পৰা জলৰাশিত। একো কৰিব নোৱাৰাৰ বেজাৰত সাগৰতীৰৰ ভূমিভাগকেই খান্দি খহাইলৈ আঁতৰি যায় ।কি যে এক ছন্দ,আহ্ যেন চাইয়েই থাকিম,চায়েই থাকিম।পুৰীৰ সাগৰতীৰৰ আছে এক স্বকীয় গৰিমা….

: বাইদেউ আজি নুশুৱে নেকি?

: অস ,কেইটা বাজিল অ।পিংকীৰ মাতত ভাব সাগৰৰ পৰা ওলাই আহিলো।

: নিশা ২:৩০ বাজি গল বাইদেউ ।মোবাইলত চাই কলে তাই।পুৱা ৬:৩০ বজাতে মন্দিৰলৈ যাব সাজু হ’ব লাগিব কিন্তু ….

ভাবপ্ৰবণ মনটোক শিকলি লগাই গাটো এৰি দিলো নিদ্ৰাদেবীৰ কোলাত।

২৮\৪\২০১৯ দেওবাৰ ।ৰাতিপুৱাই আটায়ে সাজু হৈ উঠিছিলো শুৱনি অসমৰ ৰূপহী সাজেৰে অৰ্থাৎ আমাৰ জাতীয় সাজ মেখেলা চাদৰেৰে।দলটো দেখিবলৈ সঁচাকৈয়ে চকুত লগা হৈছিল ।আটায়ে গোট খোৱাৰ লগে লগে মোৰ মূখেৰে ওলাই অহিছিল

” অসম আমাৰ ৰূপহী গুণৰ নাই শেষ

ভাৰতৰে পূৰ্বদিশৰ সূৰ্য্য উঠাৰ দেশ ।”

বাৰজনীয়া দলটোৱে তিনিখন টমটমত উঠি শাৰী পাতি যাত্ৰা কৰিলো আমাৰ যাত্রাৰ মূল উদ্দেশ্য জগন্নাথ ধামলৈ। পুৱাৰ শান্ত সমাহিত পৰিবেশে আমাৰ মনবোৰো পৱিত্ৰ কৰি তুলিছিল ।সেই সময়ছোৱাত কেবল মাথো কেৱল প্ৰভু জগন্নাথৰ দৰ্শনৰ উদ্দেশ্যে মন ব্যাকুল হৈ পৰিছিল ।উৰিষ্যাৰ এই পুৰী জগন্নাথ প্ৰভুৰ আছে অলেখ অলৌকিক কাহিনী।অৰ্দ্ধ নিৰ্মিত প্ৰভুৰ স্বৰূপৰ আছে এক প্ৰচলিত কাহিনী ।সেই আখ্যান মতে,দ্বাদশ শতিকাতে সেই অঞ্চলৰ ৰজা ইন্দ্ৰদুম্যই সপোনত শ্ৰী জগন্নাথ প্ৰভুক দৰ্শন লভে।তেওঁৰ ইচ্ছাতেই পুৰীৰ মধ্যমণি এই মন্দিৰৰ স্ৰজন কৰে।মন্দিৰৰ বিগ্ৰহ সাজিবৰ বাবে সাগৰত উটি অহা বৃক্ষ ব্যৱহাৰ কৰিছিল।কথিত মতে,এই বিগ্ৰহ নিৰ্মাণৰ বাবে বিশ্বকৰ্মাই দায়িত্ব গ্ৰহণ কৰিছিল এটা চৰ্তত।চৰ্ত অনুসৰি তেওঁ দ্বাৰ বন্ধ কৰি মূৰ্তি নিৰ্মাণ কৰিব।কিন্তু তেওঁৰ কৰ্মত ব্যঘাত জন্মিলেই তেওঁ সেই ঠাই পৰিত্যাগ কৰিব।ৰজাই চৰ্ত মানি ল’লে আৰু বিশ্বকৰ্মাই মূৰ্তি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে।এনেদৰেই বন্ধ দ্বাৰৰ ভিতৰত কাম চলি থাকিল।কিন্তু বাহিৰৰ পৰা একো উমান নোপোৱাত এদিন ৰজাই উৎকন্ঠাবশতঃ ফুটাৰে ভিতৰলৈ চোৱাৰ প্ৰয়াস কৰিলে।চৰ্ত ভংগ হোৱাত বিশ্বকৰ্মা অন্তৰ্ধান হ’ল ।অৰ্দ্ধ নিৰ্মিত ৰূপত ৰৈ গ’ল প্ৰভু জগন্নাথ, সুভদ্ৰা আৰু বলোভদ্ৰৰ মূৰ্তি কেইটা ।ৰজাই এয়া ঈশ্বৰৰে ইচ্ছা জ্ঞান কৰি তেনেদৰেই প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰিব ধৰিলে।

জগন্নাথ ধামৰ আছে চাৰিখন দ্বাৰ,পূবে সিংহদ্বাৰ,পশ্চিমে ব্যঘ্ৰদ্বাৰ,উত্তৰে হস্তীদ্বাৰ আৰু দক্ষিণে অশ্বদ্বাৰ।আমি মন্দিৰলৈ প্ৰবেশ কৰিছিলো ব্যঘ্ৰদ্বাৰেৰে।সেইদিশে আমাৰ পাণ্ডাগৰাকীৰ ভবনটো অবস্থিত।তেখেতৰ ভবনতে আমি মোবাইল আদি যাবতীয় দুই এপদ বস্তু থলো। বাহিৰতে ভৰি হাত ধূই ব্যঘ্ৰদ্বাৰেৰে সোমাই গলো। সোমায়ে দেখিলো ৰামভক্ত হনুমানে বেৰতে কাণখন লগাই থিয় দি আছে যাতে সাগৰৰ গৰ্জনে আহি জগন্নাথ প্ৰভু ৰ বিশ্ৰামত ব্যাঘাত জন্মাব নোৱাৰে।প্ৰস্তৰৰ খটখটিত সেৱা কৰি মূল মন্দিৰৰ দিশে অগ্ৰসৰ হলো।চকুত ভাঁহি আহিল এই প্ৰাঙ্গণতে বহু বছৰ পূৰ্বে মা- দেউতা, বাই- ভনীৰ সতে আহি প্ৰভুক সেৱা কৰা সময়ৰ কথা ।মায়ে সেৱা কৰোতে বিৰাবিৰাই কোৱা ৰিণি ৰিণি কাণত ভাঁহি আহিল ‘ এইযোৰেই সেই উজ্জ্বল চকুযোৰ প্ৰভু,যিযোৰ চকুৱে মোক স্বপ্ন- দিঠকত খেদি ফুৰিছিল আৰু আহ্বান জনাইছিল স্বচক্ষে প্ৰত্যক্ষ কৰাৰ ।’আজি একুৰি ষোল্ল বছৰৰ পিছত পুনৰ বাৰ দৰ্শন কৰিব পাই মই ধন্য হৈছো।

পাণ্ডা মহাৰাজে মন্দিৰ প্ৰাঙ্গণৰ ভিতৰ চ’ৰাত

আমাক সকলোবোৰ বিশেষ বিশেষ স্থান দেখুৱাই গৈছিল ।ঐতিহ্যমণ্ডিত ৰন্ধনশালটো দেখুৱাই তেখেতে কৈছিল কিদৰে ভাগে ভাগে ইয়াৰ কামবোৰ সম্পন্ন হয় ।পৌৰাণিক প্ৰথাৰেই ৰন্ধণকাৰ্য্যৰ পানী যোগান ধৰা হয় ।পানী ভাড়ীসকলে গংগা যমুনা নামৰ কুঁৱা দুটাৰ পৰা পানী কঢ়িয়াই আনি বিশেষ প্ৰক্রিয়াৰে বাহিৰৰ পৰাই ভিতৰলৈ পানীখিনি যোগান ধৰে।প্ৰত্যেকেই একোটা নিৰ্দিষ্ট সীমাৰ ভিতৰত নিজ নিজ কৰ্ম সম্পাদন কৰে এক নিৰবিচ্ছিন্ন গতিত, যেনে নাৰিকল ৰোকা,পাচলি কটা আদি। ভোগ ৰন্ধনৰ বাবে মাটিৰ মলা ব্যবহাৰ কৰা হয়।এবাৰ ব্যবহাৰ কৰি পেলাই দিয়া হয় বাবেই প্ৰতিদিনে ইয়াত শত সহস্ৰ মাটিৰ পাত্রৰ প্ৰয়োজন।

ইয়াৰ পিছত আমি গৈ এডৰা তুলসীৰ খেতিৰ কাষ পাইছিলো গৈ।ইয়াৰ নিচেই কাষতে দৃষ্টি গোচৰ হৈছিল এটা দ’ হোলা। প্ৰতি বাৰ বছৰৰ অন্তত হেনো প্ৰভু ৰ নৱ কলেৱৰৰ সৃষ্টি কৰা হয় আৰু সেই হোলাটোতেই পুৰণা কলেৱৰক সমাধিস্থ কৰা হয়। সেই প্ৰসঙ্গতে তেখেতে উল্লেখ কৰিছিল মাতৃ মঙ্গলাৰ অনুমতিৰ বাবে যাগ- যজ্ঞ,উপাসনা কৰা হয় ।মাতৃ মঙ্গলাৰ অনুমতি সাপেক্ষেহে নৱ কলেৱৰৰ নিৰ্মাণ কৰা প্ৰথা চলি আহিছে ।মাতৃ মঙ্গলাক দৰ্শনৰ হাবিয়াস জন্মিল।কিন্তু তাৰ পূৰ্বে মন্দিৰৰ পৰা কিছু নিলগত থকা আমাৰ অসমৰ ঐতিহ্য নামঘৰটোলৈ গৈ ‘ মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো,ৰসময় মাগোহো ভকতি’আটায়ে এফাঁকি ঘোষা গাই সেৱা এভাগ ললো।

হোটেললৈ গৈ পুনৰ সাজু হলোঁ মঙ্গলা দেবীৰ মন্দিৰ দৰ্শনাৰ্থে।তেতিয়া দিনৰ ১১ বাজিছিল।যাত্রা পথত সুদূৰত কোণাৰ্কৰ সূৰ্য্য মন্দিৰটো দৃষ্টি গোচৰ হ’ল।ওভতনি ত তাতে সোমোৱাৰ মানসেৰে আমি গন্তব্য স্থানলৈ গতি কৰিলোঁ ।গাঁৱৰ লুঙলুঙীয়া অথচ মসৃণ পথেৰে আমাৰ বাহন ধাবমান হৈছিল।বিনন্দীয়া প্ৰকৃতিৰ ৰূপ চাই চাই আমি আগবাঢ়িছিলো।নিৰ্বাচনৰ সময় আছিল বাবে ঠায়ে ঠায়ে আমি নিৰ্বাচনী ফলকবোৰ দেখিছিলো।এঘন্টাৰ যাত্রাৰ অন্তত আমি আমাৰ গন্তব্যস্থল পালোঁ ।প্ৰবেশ পথতে উপলব্ধ পূজাৰ সামগ্ৰী ক্রয় কৰি এজন পাণ্ডাৰ সহায়ত ঐতিহ্যমণ্ডিত মাতাৰ মন্দিৰ গৰ্ভত প্ৰবেশ কৰি সভক্তিৰে প্ৰণাম কৰিলোঁ ।পাণ্ডা মহাৰাজে ঐতিহাসিক মন্দিৰটোৰ বিশেষত্বৰ থূলমূল আভাস এটা দি পূজাৰ প্ৰসাদ আৰু অঞ্জলি ৰ লগতে একোটা শুকান তামোল আঁচল পাতি ল’ব দিলে আমাক ।অসমতো আমি পূজা পাৰ্বনত তামোলৰ ব্যৱহাৰ কৰো কিন্তু তেওঁলোকে দেখিছো তামোলকেই পুজে। আপ্লুত হলো।

এইবাৰ কোণাৰ্কৰ সূৰ্য্য মন্দিৰ ।আস্ কিমান যে ছবি মানস পটত অহাযোৱা কৰিব ধৰিলে ।পৰলোক গত মোৰ পিতৃ মাতৃৰ মুখদুখন জ্বলজ্বল পটপট হৈ ধৰা দিলেহি।গাড়ীৰ পৰা নামি আমি খোজ লৈছিলো সূৰ্য্য মন্দিৰৰ দিশে ।দুপৰীয়াৰ প্ৰচণ্ড ৰ’দ,উষ্ণতাই দেহত পোৰণি তুলিছিল তথাপি মই যেন সেই মুহুৰ্তত উভতি গৈছিলো ল’ৰালিৰ দিনবোৰলৈ ।দেও দি দি লৱৰি যাম যেন ৰথৰ চকাটোৰ কাষলৈ।এই চকাটোৰ কাষতে আমি পৰিয়ালটোৰ যে আছে এখন আলোকচিত্ৰ ।এৰি অহা দিনৰ মধুৰ স্মৃতি সেইবোৰ।

:বাইদেউ, টুপী কিনি লও নেকি,ৰ’দে তালুলৈকে পুৰিছে দেখোন

: অ’ লওঁ দিয়া, পুৰিছে

মূল গেইটৰ পৰা ভালে খিনি বাট খোজ কাঢ়িহে আমি সূৰ্য্য মন্দিৰ চৌহদ পালোগৈ ।ৰ’দৰ প্ৰখৰতা দেখি আমাৰ লগত অহা কেইগৰাকীমান জিৰণি চ’ৰাতে বহি ৰ’ল। সাতোটা ঘোঁৰাই চলোৱা সূৰ্য্যৰ ৰথৰ চকাটোৰ কাষ পালোগৈ ।পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।আটায়ে হেঁপাহেৰে অনেক ফটৌ তুলিলো ।কাষতে থকা সিংহৰ মূৰ্তি ৰ ভগ্নাৱশেষ দেখিলো।আৰ্কিঅলজিকেল বিভাগে ৰক্ষণাবেক্ষণ দি থকা মন্দিৰটোত এটা সময়ত সূৰ্য্য দেৱতাৰ পূজা হৈছিল ।সন্মুখতে থকা ৰঙ্গমঞ্চত সেইসময়ত দেবদাসী সকলে নৃত্য কৰিছিল।কথিত আছে সূৰ্য্যৰ ৰথৰ চকাত থকা উঘবোৰে সময় ঘড়ীৰ কাম কৰিছিল ।মন্দিৰৰ মূধচত আছিল এক শক্তিশালী চুম্বক।ই নাবিকসকলক আহুকালৰ সৃষ্টি কৰে বাবে জলদস্যু সকলে মন্দিৰটো ধ্বংস কৰি লুটপাট চলাইছিল ।অতি সুক্ষ্ম কাৰুকাৰ্য খচিত ইয়াৰ প্ৰতিটো শিলাখণ্ডই ভাৰতীয় কলা সংস্কৃতিৰ পৰিচয় বহন কৰে।

পলম নকৰি সোনকালেই আমি আহি আমাৰ সহযাত্ৰী সকলৰ কাষ পাইছিলোহি। নেমুৰ চৰ্বত,ডাবৰ পানী সেৱন কৰি পুনৰ গাড়ীত বহিলো।আমাৰ বাবে দুপৰীয়াৰ জগন্নাথ প্ৰভু ৰ ভোগ সাজু হৈ আছিল পাণ্ডা মহাৰাজৰ ভবনত ।অমৃত সেৱন কৰাৰ দৰে পৰম তৃপ্তিৰে আমি সেই সাজ উদৰস্থ কৰিছিলোঁ ।ক্ষণিক বিশ্ৰামৰ প্ৰয়োজন আছিল আমাৰ ।এঘন্টা মান বিশ্ৰাম কৰি পুনৰ আমি মন্দিৰ প্ৰাঙ্গণলৈ গৈছিলোঁ ।চাকি বন্তি জ্বলাই আকৌ প্ৰভুক দৰ্শন কৰি আহি বহি লৈছিলো জগন্নাথ মন্দিৰৰ বিশেষ দৰ্শনীয় দৃশ্য উপভোগ কৰাৰ মানসেৰে।এই মন্দিৰৰ চূড়াত থকা পতাকাখন নিতৌ সন্ধিয়া সলনি কৰা হয় ।পতাকা উত্তোলনৰ লোকদুজন নিৰ্দিষ্ট থাকে।সূৰ্য্যৰ ৰশ্মিয়ে উত্তপ্ত কৰি ৰখা মাৰ্বলৰ ওপৰত বহিও ধৈৰ্য্যৰে আটায়ে অপেক্ষা কৰিছিল পতাকা উত্তোলনৰ দৃশ্য চাক্ষুস অভিজ্ঞতা লবৰ বাবে।নাতিদূৰতে দেখিছিলোঁ এজনলোকে প্ৰকাণ্ড এটোপালো ৰঙা হালধীয়া বগা পতাকা থলেহি।কৰ্মী জনে ডাঙৰ, মজলীয়া আৰু সৰু পতাকা ভাগে ভাগে থলে।ত্রিভূজাকৃতিৰ পতাকাসমূহ আকাৰ অনুযায়ী মূল্য নিৰ্ধাৰণ কৰা হৈছে ।দৰ্শনাৰ্থীয়ে নিজ পছন্দ অনুসৰি ক্রয় কৰি কৰ্মীৰ হাতত অৰ্পণ কৰে নিজ নিজ মনোবাঞ্চা সাৰোগত কৰি।পতাকাখিনি দুভাগ কৰি দুজন লোকে বুকুত বান্ধি লৈ এটি দুটি খোজেৰে আগবাঢ়ে মন্দিৰৰ দেৱালৰ দিশে ।ওলোটাকৈ টৰটৰাই বগুৱাবাই ওপৰলৈ গতি কৰে চূড়া অভিমুখে ।শ্বাসৰুদ্ধ কৰি চাই ৰলো ৰোমাঞ্চকৰ দৃশ্য ।পুৰণিখিনি নমাই নতুনখিনি আঁৰি অতি বিচক্ষণতাৰে নামি আহিল দুয়ো আগৰ পতাকাখিনি পুনৰ বুকুত বান্ধি লৈ ।এই পতাকা দৰ্শনাৰ্থীয়ে প্ৰভুৰ নিৰ্মালি হিচাপে গ্ৰহণ কৰি নিজ গৃহলৈ নিব পাৰে।

তৃতীয় বাৰৰ বাবে প্ৰভুক সেৱা কৰাৰ মানসেৰে মূল মন্দিৰত সোমাই গলো।দৰ্শনাৰ্থীৰ ফাঁকে ফাঁকে গৈ আমিও প্ৰণিপাত জনাই ওলাই আহিলোঁ ।কথাত বিভোৰ আমি। হঠাতে ঘটি গ’ল এটি অঘটন।কথাতে কয় নহয়, দিনটো যায় ক্ষণটো নাযায়।মোৰ সোঁভৰিৰ গাঁঠিত অনুভৱ কৰিলো প্ৰচণ্ড এক কামোৰ।অতৰ্কিত আক্ৰমণত মোৰ মুখেৰে ওলাই আহিল আৰ্তনাদ। দেখিলোঁ এজনী প্ৰকাণ্ড বান্দৰে মোৰ সৰুগাঠিতে দাঁত বহুৱাই দিছে ,যিমানে ভৰি জোকাৰি এৰুৱাব বিচাৰিছো সিমানে নিকপকপীয়াকৈ ধৰিছে, আমাৰ পিছে পিছে আন এজাক পোৱালি বান্দৰ দৌৰি আছে।এটা পাকত বৰ জোৰে ভৰিখন মাৰি দিলো লগতে আন সকলৰো চিঞৰত যেনিবা তাই এৰা দিলে লগতে পোৱালিজাকেও পিছ এৰিলে।প্ৰত্যক্ষদৰ্শী ৰ ভাষ্য মতে বহি থকা পোৱালি এটাৰ নিচেই কাষেৰে হেনো মই পাৰ হৈছিলোঁ ।মাতৃত্বৰ মমত্বই মোক কামুৰিবলৈ বাধ্য কৰিছিল তাইক। এয়াই মাতৃ হৃদয় ।

ক্ষতস্থানৰ পৰা তেজ ওলাইছিল ।প্ৰাঙ্গণৰে ফাৰ্ষ্ট এইড কক্ষলৈ গলো। ক্ষতস্থান খুউব ভালদৰে পৰিষ্কাৰ কৰি বেণ্ডেজ কৰি দিলে,লগতে টিটেনাচ আৰু পাঁচ টা এন্টিভেনম বেজী লোৱাৰ পৰামৰ্শ দিলে।ক্ষন্তেকতে দিনটোৰ আনন্দ স্ফূৰ্তিত বিৰাম পৰিল।মনলৈ নানান ভাব আহিল।পাপ পুণ্যৰ কথাও মনলৈ আহিল ।সহযাত্ৰী বান্ধবী সকলে সেই মুহুৰ্তত মোক সকলো দিশৰ পৰাই সহায়তা কৰিলে,মানসিক সাহস দিলে।এই চেগতে আটাইলৈ কৃতজ্ঞতা যাচিলোঁ ।

তিনি দিন পানী নলগাবলৈ দিয়া পৰামৰ্শইহে মনটৌক বৰকৈ বিচলিত কৰিলে। নিশা ১০:৩০ বজালৈ নিৰাপদ দূৰত্বত বহি সাগৰৰ নয়নাভিৰাম দৃশ্য চাই ৰলো।বিপণী এখনতে ৰাতিৰ সাজ খাই আহিলোঁ ।হোটেলৰ পিছদুৱাৰেৰে গৈ ভৰিত লাগি অহা ধুলি বালি ধুইহে কোঠালৈ যাব পাৰিম। বহু কষ্টেৰে ভৰি পখালি কোঠা পালোহি।

২৯\৪\২০১৯ সোমবাৰ, কাহিলী পুৱাতে জলকেলি কৰাৰ মানসেৰে এগৰাকীক বাদ দি আটায়ে সাজু হৈছে সাগৰতীৰত যাবলৈ।গোহাঁই বাইদেউ আৰু মই নাযাওঁ বুলি ৰাতিয়ে পাঙি থৈছিলো যদিও আকৌ এবাৰ সাগৰখন চোৱাৰ হেঁপাহক নুই কৰিব নোৱাৰি ওলাই গলোঁ মই ।পানী ত নানামো দূৰৈত ৰৈ বাকীবোৰৰ খেল উপভোগ কৰিম।আকৌ কেতিয়া আহিব পাৰো তাৰতো ঠিক নাই, যিহেতু সেইদিনাই আমাৰ ওভতনিৰ দিন।পাৰত ৰৈ আটাইৰে খেল চাই আছো।উদিত সূৰুজক ফোনৰ কেমেৰাত বন্দী কৰিছো।তাৰমাজতে দেখিলোঁ আটাইকৈইগৰাকী বান্ধবী মোৰ শাৰী পাতি বহিছে পাৰৰ বালিখিনিতে। তাৰে এগৰাকীয়ে হাতবাউলি মাতিলে মোক’ বাইদেউ আহক সাউতকৈ একপি লৈ লওঁ।’এগৰাকী সখী মোৰ পানীৰ মাজত কেমেৰা ৰেডি কৰিছে।ভৰিখন দূৰৈত ৰাখি বহি থকা সকলৰ কাষত গৈ অকমান হাউলি দিছো….. মাথো এটা মুহুৰ্ত ,ক্লিক কৰাৰ লগে লগেই অহা এক বৃহৎ উত্তাল ফেনীল ঢৌ আমাৰ ওপৰেৰে বাগৰি গ’ল।এই ঢৌৰ প্ৰাবল্যত আমি কোনেও স্থিৰে থাকিব নোৱাৰি আফল খাই পৰিলোঁ ।ফটোগ্ৰাফাৰ পিংকীৰ আৰ্তনাদ,বাইদেউ পৰিল। মই দেহাটো লৰাব পৰা নাই।মোৰ দেহৰ ওপৰত এগৰাকী আকৌ তেওঁৰ ওপৰত আন এগৰাকী পৰি ৰৈছে,এনেকুৱা স্থিতিত মোক আবিস্কাৰ কৰি লৰালৰি মোক হাতত ধৰি উঠাই দিছে তেওঁ লোকে।আটাইৰে মোক লৈয়ে চিন্তা, আগদিনা এটা দূৰ্ঘটনা আজি পুৱাই আকৌ এইটো হোৱাত আটায়ে ভীতিবিহ্বল হৈ পৰিল।কাৰোবাৰ ফোন,কাৰোবাৰ চানগ্লাছ,কাৰোবাৰ চেণ্ডেল কাঢ়িলৈ আঁতৰি গ’ল সেই উন্মাদ ঢৌৰ লহৰ। এপদ দুপদ বস্তুৰ বিসৰ্জনেৰে আমাক প্ৰাণহানী হোৱাৰ পৰা ৰক্ষা কৰিলে চাগে নেদেখাজনে।সেই উত্তাল ঢৌ জাক যেন গতানুগতিক নাছিল,কিবা এক প্ৰলয়ৰ আগজাননী আছিল সেয়া কিন্তু সেই মুহুৰ্তত আমি জনা নাছিলোঁ ।তাৰ ভয়াবহতাৰ বিষয়ে আমি আছিলোঁ সম্পূৰ্ণ অজ্ঞ। বঙ্গোপসাগৰক প্ৰণিপাত জনাই আমি এইবাৰলৈ বিদায় মাগিলোঁ কিবা কিবি হেৰুৱাৰ বেজাৰৰ বিপৰীতে প্ৰাণহানীৰ পৰা ৰক্ষা পোৱাৰ সৌভাগ্যক স্মৃতিৰ কৰণিত সামৰি।

আমাৰ গাড়ীখনে এইবাৰ লৈ গ’ল আমাক ধবলগিৰী দৰ্শনৰ উদ্দেশ্যে ।গাড়ীখন কিছু দূৰত্বত ৰৈ দিলে,আমি আটায়ে খোজ কাঢ়ি ওপৰলৈ গলো ভৰিৰ বিষকো আওকাণ কৰি।বুদ্ধমূৰ্তিৰ বিভিন্ন প্ৰতিমূৰ্তি দৰ্শন কৰি সমীপতে তলৰফালে থকা শিবধামতো শিৰ দোঁৱাই আহিলোঁ ।স্মৃতি ধৰি নাৰাখিলেতো যাত্রাৰ আনন্দই আধৰুৱা হৈ ৰ’ব সেয়ে আটায়ে কেমেৰাৰ সন্মুখত প’জ দিলো।লেঙেৰাই লেঙেৰাই ওপৰৰ পৰা নামি আহি গাড়ীত উঠি বহিলো।তাৰপিছত এয়া আমি লিংগৰাজ মন্দিৰৰ সমুখত।ভৰিয়ে লাহে লাহে বিদ্ৰোহ আৰম্ভ কৰিব ধৰিছে সংগ নিদিয়াৰ।যাম নে নাযাম।ক্ষন্তেক চিন্তা কৰিলোঁ ।কিন্তু মোৰ বাবেই বাকীখিনিৰ আনন্দত যাতে ব্যাঘাত নজন্মে যোৱা টোকেই ঠিৰাং কৰিলোঁ ।তাৰোপৰি দৰ্শনীয় ঐতিহাসিক লিংগৰাজৰ চোতাল আহি পায়ো তেখেতক এবাৰ প্ৰণাম নজনোৱাকৈ কিদৰে উভতি যাওঁ ।লেংকুচ লেংকুচ কৈ আগবাঢ়িলো।প্ৰকাণ্ড এলেকা।অজস্ৰ মঠ মন্দিৰৰ সমষ্টি প্ৰাঙ্গণটিত।আমি মূল মন্দিৰত প্ৰবেশ কৰিলো।লিংগৰাজৰ লিংগ ভাগ ভূ- গৰ্ভত প্ৰবেশ কৰিছে,বৰ্তমান তেখেত অদৃশ্য বুলিয়েই কব পাৰি।প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই এনে হোৱা বুলি জানিব পাৰিলো ।চৌহদটো মাৰ্বলেৰে আবৃত্ত হোৱা বাবে ভৰি পাতিব নোৱাৰাকৈ উত্তপ্ত হৈ আছিল।বাহিৰত ভৰি তিয়োৱাৰ সুন্দৰ ব্যবস্থা আছে।শীতল পানীয় গলাদ্ধকৰণ কৰি আমি পুনৰ গাড়ীত বহিলো।উষ্ণতাৰ প্ৰখৰতা আৰু মোৰ উখহি উঠা ভৰিলৈ লক্ষ্য ৰাখি আটায়ে আৰু কোনো দৰ্শনীয় স্থানলৈ নোযোৱাটোকে খাটাং কৰিলে।

ভূবনেশ্বৰ পালোহি।শীততাপ নিয়ন্ত্ৰিত মল টোত সোমাই আমি দূটা দলত বিভক্ত হলো। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আমি এটা দলে চিনেমাহলত সোমালো ।উদ্দেশ্য বিনোদনৰ লগতে বিশ্ৰাম।আনটো দলে কিনা কাটাত ব্যস্ত হল।

অনলাইন বুক কৰা হোটেলৰ চেহেৰা দেখি আটাইৰে চকু কপালত উঠিল ।মাত্র এটা নিশাৰ বাবেও এনে হোটেলত থকা টান।ফটো আৰু দিঠকৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখি আটাইৰে বৰ খং উঠিল ।আকৌ বিচাৰ খোচাৰ কৰিব লগীয়া হল।বহুত চেষ্টা ৰ মূৰকত মনে বিচৰা ধৰণে এখন পাই আমি তাতে উঠিলোহি।গাড়ীখন বিদায় দি কোঠাত সোমাই গা- পা ধুই বিচনাত দেহাটো এৰি দিলো ।ভৰি ফুলি বিষত অবস্থা বেয়া। সহযাত্ৰী বান্ধবীসকলৰ তৎপৰতাত ভলিনীৰ যোগাৰ হল।দুৰ্যোগৰ নিশাটো পাৰ হলে পুৱা ই আমাৰ উৰণ ওভতনি যাত্রাৰ ।

৩০\৪\২০১৯মঙ্গলবাৰ ।টেক্সী তিনিখনত উঠি বিজুপাটনায়ক বিমান বন্দৰ পালোহি ।হঠাতে মোৰ কাষলৈ আগবাঢ়ি আহিল এখন হুইল চেয়াৰ।

:বাইদেউ ইয়াত বহক পিংকীৰ আদেশ।

:পাৰিম অ’ মই কলো।

:আজি ভৰিখনত কষ্ট দিব নালাগে বহক ,

:যিবা আজ্ঞা বুলি মই বহি দিলোঁ ।সকলোৰে ইমান মৰম আৰু আগ্ৰহত আপ্লুত হৈ চকুৰ কোণতো মোৰ সেমেকি উঠিল।যাত্রাৰ সুখানুভূতি সঁফুৰা ভৰাই গৃহভূমি গুৱাহাটীত পদাৰ্পণ কৰিলোহি।

কাবেৰী নাথ চহৰীয়া

By