How to go Puri from Guwahati

পুৰী যাত্রাৰ স্মৃতি কথা

পুৰী যাত্রাৰ স্মৃতি কথা

প্ৰকৃতি যেতিয়া ৰূষ্ট হয় তেতিয়াই আহে নেকি প্ৰলয়? সৃষ্টি হয় নেকি তেতিয়াই প্ৰকৃতিৰ তাণ্ডবলীলা।প্ৰকৃতি কিয় হয় বাৰু ৰূষ্ট!!জানোনে বাৰু আমি,নেজানোঁ হয়তোবা জানো।কিন্তু পাৰোনে ৰুধিব আমি প্ৰকৃতিৰ তাণ্ডবক।সৌ সিদিনা যে বতৰ বিজ্ঞানীয়ে বতৰৰ আগলি বতৰা দিছিল,বঙ্গোপসাগৰৰ গৰ্ভত সৃষ্টি হ'বলৈ গৈ আছে এক ধ্বংস যজ্ঞৰ পাতনি।জনসাধাৰণক সাবধান কৰি দিছিল। সমাগত বিধ্বংসী প্ৰাকৃতিক প্ৰলয়ৰ মুখামুখি হ'বলৈ প্ৰস্তুত হোৱাৰ বাবে সকিয়নি দিছিল।উৰিষ্যা চৰকাৰে বতৰবিজ্ঞানীৰ আগজাননীক গুৰুত্ব সহকাৰে লৈ জনগণক প্ৰাণৰক্ষাৰ হেতু স্থানান্তৰিত কৰিছিল নিৰাপদ স্থানলৈ। আগলি বতৰাক শুদ্ধ প্ৰমাণিত কৰি ফণী আহিল।ফণীৰ উতনুৱা বতাহজাকে তাণ্ডবৰ সূচনা কৰি বিধ্বস্ত কৰি পেলালে উৰিষ্যাভূমি। বঙ্গোপসাগৰত উৎপত্তি হোৱা ফণীৰ প্ৰবল প্ৰতাপত সকলো থানবান হৈ গৈ আছে ।ঠনঠনাই ভাগি…
Read More