মাৰ্দাৰ

এটি অনুসন্ধানমুলক ৰহস্য গল্প

ৰচনা: দীপাংক শৰ্ম্মা

(মতামত আগবঢ়ালে, অকনমান উৎসাহ পাম আগলৈ লিখিবলৈ ।)

খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল । মৃত্যুঞ্জয় বৰুৱাৰ হত্যা । ৰাজ্যৰ প্ৰমুখ পলিটিকেল পাৰ্টী জনমুক্তি মঞ্চৰ মুখপাত্ৰ, যুবনেতা আৰু চহৰৰ এজন প্ৰখ্যাত ঠিকাদাৰ আছিল এই মৃত্যুঞ্জয় বৰুৱা ।

চহৰৰ মাজেদি বৈ যোৱা বীৰজৰা নদীৰ এখন দলংৰ কাষত তেওঁৰ গাড়ী খন ৰখাই থোৱা অবস্থাত পোৱা গৈছে । মৃতদেহ চালকৰ আসনত বহি থকা অবস্থাতেই আছে । মুৰত গুলীৰ চিন স্পষ্ট । সমগ্ৰ শৰীৰ আৰু গাড়ী খনৰ সমুখৰ ছিট তেজেৰে ৰাঙলী । হত্যাস্থলী এতিয়া পুলিছে আগুৰি ৰাখিছে । হত্যাস্থলীৰ প্ৰটিতো খুটিনাটী টুকি ৰখাত, পুলিছ ব্যস্ত । চহৰৰ সকলো নিউজ চেনেলত কেৱল মাত্ৰ এতিয়া এইটোৱে খবৰ ।

মৃত্যুঞ্জয় বৰুৱা যুৱনেতা হিছাপে সকলোৰে প্ৰিয়ভাজন আছিল । অতি কম বয়সতে তেঁও কামত যথেষ্ট উন্নতি কৰিছিল । সামাজিক ভাৱেও তেওঁ বহুত জনপ্ৰিয় আৰু সক্ৰিয় আছিল । তেনে এজন ব্যক্তিক কোনে হত্যা কৰিব পাৰে সেয়া এক ডাঙৰ প্ৰশ্ন । আনফালে, পিছৰ সপ্তাহত মৃত্যুঞ্জয়ৰ বিয়াৰো দিন ঠিক হৈ আছিল, চহৰৰ ছোৱালী হাই স্কুলৰ অধ্যক্ষৰ জীয়ৰী ৰিনকিৰ লগত । বিয়া, ঘৰৰ পৰাই ঠিক কৰা হৈছিল । সকলো আয়োজন সম্পুৰ্ন হৈছিলেই । কিন্তু এতিয়া হঠাৎ মৃত্যুঞ্জয়ৰ এই হত্যাক, দুয়োখন ঘৰে, যেন বিস্বাসতেই লব পৰা নাই ।

আৰক্ষী বিভাগে, কেছটোৰ তদন্ত ছিনিয়ৰ ইন্সপেক্তৰ বীৰেন সিংঙক অৰ্পন কৰিছে । ইতিমধ্যে এই হত্যাক লৈ ৰাজনৈতিক মহলটো বোকা ছটিওৱা খেল আৰম্ভ হৈ গৈছে । কেনেবাকে এইটো এটা পলিটিকেল মাৰ্দাৰতো হ’ব পাৰে । বিভিন্ন জনৰ আলোচনাত এই কথা সততে শুনিবলৈ পোৱা গৈছে ।

“ছাৰ, এই লিষ্ট খন লওক ।“ জনমুক্তি মঞ্চ পাৰ্টীৰ Treasurer দেৱ শইকীয়াৰ নেতৃত্তত, জনমুক্তি মঞ্চ পাৰ্টীৰ কেইজনমান লীডাৰ থানালৈ সোমাই আহিল আৰু ইন্সপেক্তৰ সিংঙক কেইজনমান মানুহৰ নাম থকা লিষ্ট এখন দি কলে, “আমাৰ বিৰোধী পাৰ্টিৰ দুজনমান মানুহৰ নাম দিছো মি: সিংঙ । এওলোকৰ ওপৰত আমাৰ সন্দেহ আছে, এওঁলোক এই হত্যাত জড়িত থাকিব পাৰে । এই হত্যাৰ বিচাৰ কৰি দোষীক সোনকালে কৰায়ত্ত কৰক । ”

ইন্সপেক্তৰে কলে, “চাওঁক । আপোনালোকে অলপ ধৈৰ্য্য ধৰক । ঠিক আছে, তালিকা খন দিছে, ৰাখি থৈছো । এতিয়া আপোনালোক যাওক প্লিজ । আমাক তদন্ত আগবঢ়াবলৈ দিয়ক । দোষী যিকোনো পাৰ্টীৰে নহওক বা কিয়, দোষী কোনোপধ্যে সাৰি যাব নোৱাৰে । কথা দিছো । ”

প্ৰাথমিক তদন্তত মৃত্যুঞ্জয়ৰ লগত থকা নিজৰ লাইচেন্স থকা পিস্তলটো সেই সময়ত গাড়ীত পোৱা নগল । কিন্তু মৃত্যুঞ্জয়ৰ মবাইল টো তেঁওৰ পকেটতেই আছিল । মবাইলত ৰিনকিৰ দুটা মিছকল । ফিংগাৰ প্ৰিন্ট চেক কৰিবৰ বাবে মবাইলটো পুলিচে পলিথিন এটাত ভৰাই লৈছে । পুলিচে মবাইল টো ট্ৰেকিং ৰ বাবে মোবাইল কম্পেনীৰ লগত যোগাযোগ কৰিছে । চালকৰ আসনৰ গ্লাছ খনৰ বাহিৰে গাড়ী খনৰ বাকী গ্লাছবোৰ উঠাই থোৱা অবস্থাতেই আছে । বেলেগ গাড়ী ৰখোৱাৰো কোনো চিন নাই । গাড়ীৰ কোনো টায়াৰৰো চিন নাই । গুলী বাহিৰৰ পৰা মাৰিছিল নে ভিতৰৰ পৰা, ইত্যাদি বহুতো কথাৰ উত্তৰ পষ্ট মৰ্টেম ৰিপৰ্ট আহিলেহে গম পোৱা যাব ।

চহৰ খনৰ এখন প্ৰখ্যাত বাৰ Star Lodge । ইন্সপেক্তৰ সিং আৰু কেইজনমান অফিচাৰ বাৰ খনলৈ সোমাই আহিল । “Are you Mr. Jagat Saikia?” বাৰ খনত বহি Drink লৈ থকা মৃত্যুঞ্জয়ৰ বন্ধু জগত শইকীয়াক উদ্দ্যেশি ইন্সপেক্তৰে সুধিলে । “Yes” জগতে মুৰ দুপিয়ালে । “Come with us. Quick.” এইবুলি জগতক একো কথা কবলৈ নিদি ইন্সপেক্তৰ সিংঙে জগতক পুলিচৰ জীপত উঠালেহি আৰু থানা পোৱালেহি । বিভিন্ন প্ৰশ্নৰ মাজত জগতক, ইন্সপেক্তৰে সুধিলে । “চাওক মিষ্টাৰ জগত, আপুনি মৃত্যুঞ্জয়ৰ ৰ এজন ভাল বন্ধু আছিল । এজন বন্ধু হিচাৱে আপুনি তেওঁৰ বিষয়ে যিমান জানিব, মৃত্যুঞ্জয়ৰ ৰাজনৈতিক সহকৰ্ম্মী সকলে সিমান নাজানিব । গতিকে আপুনি আমাক সকলো কথা খুলি ক’ৱ লাগিব । আমি জানো যে আপোনাৰ ঘৰলৈও তেঁওৰ সঘন আহযাহ আছিল । যদি পিছত আমি জানিব পাৰো যে আপুনি আমাৰ পৰা কিছুমান কথা লুকুৱাইছে, তেন্তে কথা কিন্তু অলপ বিষম হ’ব । গতিকে আপুনি এটা কথা সচাকৈয়ে কওকচোন, মৃত্যুঞ্জয় কোনোবা অসামাজিক কামত কিবা প্ৰকাৰে জড়িত আছিল নেকি ?”

জগতে কলে, “No Inspector, সি কোনো অসামাজিক কামত জড়িত নাছিল । তেনে কামত সি জড়িত থকাৰ প্ৰশ্নই উঠিব নোৱাৰে । আৰে, কথা প্ৰসঙ্গত তো সিয়েই মোক এদিন কৈছিল – নিজৰ দেশ বুলিলে, পেঞ্চিলেৰে মেপত অঁকা কেবল এটা Boundary ক জানিলেই নহব । দেশক লৈ গৌৰৱ কৰিব পাৰিব লাগিব আৰু তাৰ বাবে জানিব লাগিব দেশৰ বুৰঞ্জী । নতুন প্ৰজন্মই যদি দেশৰ বুৰঞ্জীয়েই নাজানে তাহাতৰ মনত ক’ৰপৰা দেশপ্ৰেম জাগিব । এতিয়া আপুনিয়েই কওকচোন ইন্সপেক্তৰ, নিজৰ দেশক ইমান ভাল পোৱা ল’ৰা এজন, কিদৰে নিজে অসামাজিক কামত জড়িত থাকিব পাৰে । এইটো এংগল আপুনি বাদেই দিব পাৰে ইন্সপেক্তৰ ।”

অলপ সময় জগতক লক্ষ্য কৰি ইন্সপেক্তৰ সিংঙে ক’লে – “চাওক জগত, কোনটো এগংল আমি গ্ৰহন কৰিম, কোনটো বাদ দিম, সেয়া আমি সিদ্ধান্ত ল’ম, কেবল আপুনি আমাৰ পৰা একো কথা লুকুৱাৰ চেষ্টা নকৰিব । অ’ আৰু এটা কথা, কেছ solve নোহোৱালৈকে এই চহৰ এৰি নাযাব । যাব পাৰে এতিয়া আপুনি । “

জগত গুচি যোৱাৰ পাছতেই সহকাৰী ইন্সপেক্তৰ নবীন দত্ত সোমাই আহিল আৰু ম’বাইল কোম্পানীয়ে Phone number Tracking কৰিবলৈ দিয়া লিষ্টখন দেখুৱাই ক’লে, “ছাৰ, এই লিষ্টখন চাওক । হত্যাৰ সময়ত হত্যাকাণ্ড সংঘতিত হোৱা ঠাইৰ আশেপাশে থকা নম্বৰটো কাৰ জানেনে ছাৰ, সেইদিনা আমাৰ থানালৈ, লগৰ কেইজনমানক লৈ যে আহিছিল, সেই জনমুক্তি পাৰ্টীৰ Treasurer দেৱ শইকীয়াৰ নম্বৰ । কি কৰো ছাৰ । উঠাই আনো নেকি ? ইন্সপেক্তৰে উত্তৰ দিলে “ No. এতিয়া একো নকৰিব । কেৱল তেঁওৰ পিচত দুজন মান মানুহ লগাই থওক, যাতে ছাঁৰ দৰে থাকি শইকীয়াৰ গতিবিধি বোৰ ভালদৰে লক্ষ্য কৰি আমাক জনাই থাকে । ”

-“অকে ছাৰ,” দত্তই মাত লগালে ।

– “আৰু এয়া চাওক ছাৰ ।“ দত্তই, মৃত্যুঞ্জয়ৰ মোবাইল ল’কেচন Tracking ৰিৰ্পট খন উলিয়াই দেখুৱাই আকৌ ক’ব ধৰিলে ।

– “হত্যাৰ দিনা মৃত্যুঞ্জয়ৰ ল’কেচন বোৰ আছিল এনেকুৱা । প্ৰথমতে ঘৰ, তাৰ পাছত ৰাইদোং চাৰিআলি, আৰু তাৰ পাছত মাধপুৰ চাহ বাগান হৈ বীৰজৰা নৈৰ সেই দলংখন । আনফালে মোবাইল ক’ল Logs তো কোনো সন্দেহজনক দীঘলীয়া ফোন ক’লো নাই । সকলোবোৰ মাত্ৰ দিনৌ অহা ব্যৱসায় সম্বন্ধীয় ফোন ক’লহে আছে ।”

সহকাৰী ইন্সপেক্তৰ নবীন দত্তৰ কথা শুনি অলপ সময় ইন্সপেক্তৰ সিংঙে কিবা ভাৱিলে । লাহেকৈ উঠি গৈ খিৰিকীৰ ওচৰত ঠিয় হৈ চিগাৰেট এটা জ্বলালে । আধা হুপি চিগাৰেট তো নুমুৱাই ঘুৰি আহি ক’লে ।

– “অ’কে ঠিক আছে, এটা কাম কৰক দত্ত”, ইন্সপেক্তৰ সিংঙে কৈ গ’ল । “এই জেগা খিনিৰ ভিতৰত, কোনোবা দোকানত থকা, বা আমাৰ ট্ৰেফিক চিগনেলত ত থকা, চি চি টিভি ৰ ফুটেজ বোৰ সংগ্ৰহ কৰক । চেক কৰক । হওক নহওক এই জেগা খিনিৰ ভিতৰতেই কোনোবা ঠাইত তেঁওৰ গাড়ীত কোনোবা উঠিছিল । যাক মৃত্যুঞ্জয়ে চিনি পাইছিল । হত্যাকাৰী কোনোবা চিনাকি মানুহেই হ’ব । মোৰ কেনে লাগিছে জানে দত্ত । ইন্সপেক্তৰ সিংঙে কৈ গ’ল । হত্যাকাৰী আমাৰ চকুৰ আগত আছে আমি ধৰিব পৰা নাই । ক’ৰবাত কিবা এটা লিংক হেৰাই গৈছে আমাৰ । এটা কাম কৰো । দেৱ শইকীয়াৰ দৰে আন সকলোৰে সেইদিনতোৰ ম’বাইল বিলাকৰ location Scan কৰা যাওক । যিখিনিlocation সেইদিনা পিড়িতৰ ম’বাইলৰ ওচৰে পাজৰে আছিল তাৰ লিষ্ট ওলোৱা যাওক । টান কাম হ’ব, কিন্তু কৰা যাওক । Come on, Let’s do it. “

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

28 − = 27