228 Posts
প্ৰেমৰ ভিন্ন ৰূপ

প্ৰেমৰ ভিন্ন ৰূপ

: মই মাথো মোৰ চাকৰিৰ খাতিৰতহে ইয়াত আছো । নহ'লে আপুনিও জানে মই ঘৰ-বাৰী থকা মানুহ বুলি । —-- প্ৰচণ্ড ক্ষোভত কৈ উঠিল কুঁকিয়ে কথাষাৰ । চকুৰে তাইৰ ধাৰাষাৰ চকুলো বাগৰি আহিল , দুখৰ শীতল বতাহজাকে তাইক পুনৰ এবাৰ জোকাৰিবলৈ ধৰিলে । : ময়ো জানো দিয়া তুমি এই জংঘলখনত কি বিচাৰি পাইছা ! দহে আহিবলৈ মন নকৰা ঠাইখনৰ পৰা তোমাৰ আকৌ যাবলৈ ইচ্ছা নাই , তাতে আকৌ ইয়াতেই নিগাজীকৈ বহিবলৈহে মন বান্ধিছা । —- দেবৰ কথাষাৰত তাই জোকাৰ খাই উঠিল পুনৰ এবাৰ, মানে স্কুলৰ কাষৰ মাটিডৰাৰ কথাও এইজনে গম পালে । সেয়ে পুৱাতেই ফোন কৰিছে । কিন্তু , কি দৰকাৰ…
Read More
চৰকাৰী বন্ধৰ তালিকা

চৰকাৰী বন্ধৰ তালিকা

অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ বন্ধৰ তালিকা Date Day Occasion Jan 15 Monday Magh Bihu/Tusu Puja Jan 16 Tuesday Magh Bihu/Tusu Puja Jan 23 Tuesday Netaji's Birthday/Gwthar Bathou San Jan 26 Friday Republic Day Feb 24 Saturday Bir Chilaray Divas Mar 25 Monday Dol Jatra Mar 29 Friday Good Friday Apr 11 Thursday Id-ul-Fitr Apr 13 Saturday Bohag Bihu Apr 14 Sunday Bohag Bihu Apr 15 Monday Bohag Bihu Apr 20 Saturday Sati Sadhani Divas May 1 Wednesday May Day May 23 Thursday Budha Purnima May 24 Friday Janmotsav of Sri Sri Madhabdeva Jun 17 Monday Id-ul-Zuha Jul 17 Wednesday Muharram…
Read More
ইতিহাসৰ আঁত ধৰি ইজৰাইল – পেলেষ্টাইন সংঘাত :

ইতিহাসৰ আঁত ধৰি ইজৰাইল – পেলেষ্টাইন সংঘাত :

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ নতুন নহয়। দশকৰ পৰা দশক ধৰি চলা এই সংঘৰ্ষৰ ইতিহাস বহু পুৰণি ৷ কিন্তু কিয় এই সংঘাত? ইহুদী সকলৰ ওপৰত বহুতো ভুল ধাৰণা এটা সময়ত বিয়পোৱা হৈছিল । ইহুদী সকলে যিমান ঘৃণা সহ্য কৰিব লগা হৈছিল হয়তো বিগত ১০০০ বছৰত অন্য কোনো ধৰ্মই সহিব লগা হোৱা নাই। তেওঁলোকক অকল ধৰ্মীয় বিশ্বাসৰ বাবেই নহয় এটা বিদেশী সংস্কৃতি বুলি ভাবিও ঘৃণাৰ চকুৰে চাইছিল। ইতিহাসত ইহুদী সকলে নানান ধৰণে বিশেষকৈ হিটলাৰৰ নাজিবাহিনী তথা দ্বিতীয় বিশ্বযুদ্ধত বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হৈছিল । এইবোৰ কাৰণতেই ইহুদী সকলে ১৮০০ শতিকাৰ পিছৰে পৰা ভাবিব বাধ্য হ’ল এখন স্বদেশ গঢ়ি তোলাৰ। সেয়াও এক দীঘলীয়া ইতিহাস।…
Read More
মঙলত এশ অভিযাত্ৰীৰ ষ্টাৰছীপ

মঙলত এশ অভিযাত্ৰীৰ ষ্টাৰছীপ

ষ্টাৰছীপ। তেওঁৰ চিন্তা অন্যতকৈ এঢাপ ওপৰত। য'ত অন্য ব্যক্তিৰ চিন্তাই আহি শেষ বিন্দু স্পৰ্শ কৰে, তেওঁৰ আকৌ সেই শেষ বিন্দুৰ পৰাই আৰম্ভণি ঘটে। তেওঁৰ এই চিন্তাৰ ফলতেই মানৱ ইতিহাসৰ ন ন অধ্যায়ৰ দ্ৰুত পৰিৱৰ্তন ঘটিবলৈ ধৰিছে। ক'বলৈ গ'লে এই পৃথিৱীয়ে তেওঁক ক্ৰমান্বয়ে আমুৱাইছে। যাৰ বাবেই তেওঁৰ চিন্তাৰ বিশাল পৰিধিক বাস্তৱ ৰূপ দিয়াবলৈ আগবাঢ়িছে ব্যতিক্ৰম ধৰণে। অৱশ্যে তেওঁ এই ধৰাৰ ধনাঢ্য ব্যতিক্ৰম মানৱেই। আৰু সেইবাবে তেওঁৰ চিন্তা উদ্ৰেককাৰী একো একোটা পৰিকল্পনাত এই বিশ্বৰ প্ৰযুক্তিবিদ সকলক ন কৈ ভাবিবলৈ বাধ্য কৰায়। অৱশ্যে এইবাৰৰ এই চিন্তা তেওঁ পূৰ্বতেই কৰিছিল যদিও সঠিক পৰিকল্পনাৰ দিশে ঠিকেই অগ্ৰসৰ হৈছে সম্প্ৰতি। তেওঁৰ বাস্তৱ আৰু কল্পনাৰ এই চিন্তাৰ…
Read More
বিশ্ব পাচৱৰ্ড দিৱস

বিশ্ব পাচৱৰ্ড দিৱস

সুৰক্ষিত নে আপোনাৰ ব্যৱহৃত পাচৱৰ্ডটো          পাচৱৰ্ড। ডিজিটেল বিশ্বত পাচৱৰ্ডৰ মহিমা অপাৰ। এটা পাচৱৰ্ডতে সমগ্ৰ বিশ্ব লুকাই থকা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব।পাচৱৰ্ডৰ এই জগত যথেষ্ট সংৰক্ষণশীল।কোন মুহূৰ্তত এটা পাচৱৰ্ডে কাৰ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিব পাৰে তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে।সুৰক্ষিত পাচৱৰ্ডে যিদৰে সকলো দিশেই সুৰক্ষিত কৰি ৰখাত অৰিহণা যোগাই,ঠিক একেদৰে একো একোটা অসুৰক্ষিত পাচৱৰ্ডৰ ফলতেই কাল অমানিশাও নামি আহিব পাৰে।যিকোনো ক্ষেত্ৰতে শক্তিশালী পাচৱৰ্ড এটাৰ গৰাকী হোৱা মানে, আপোনাতকৈ সুৰক্ষিত হয়তো কোনো নোলাব এই ধৰাত। এটা সময়লৈ মানৱজীৱনৰ যিকোনো ক্ষেত্ৰতে পাচৱৰ্ডৰ ভূমিকা অপৰিহাৰ্য হৈ পৰা নাছিল।কিন্তু পৰৱৰ্তী পৰ্যায়ত আধুনিক বিশ্বায়নৰ যুগত পৃথিৱীখন এখন গাঁৱলৈ ৰূপান্তৰ হ'ল।ফলত থাওকতেই যিকোনো এটা…
Read More
মানৱতাবাদী চিকিৎসক লোটে ছেৰিং

মানৱতাবাদী চিকিৎসক লোটে ছেৰিং

লোটে ছেৰিং : অন্য ৰূপত ভূটানৰ প্ৰধানমন্ত্ৰী  ক্ষুদ্ৰ পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিম্ফুৰ পৰা কিছু নিলগত অৱস্থিত জিগমে দৰ্জী ৱাংচুক চৰকাৰী হাস্পতালত সেই শনিবাৰৰ দিনটোত এগৰাকী চিকিৎসক ব্যস্ত আছিল নিজৰ চিকিৎসা কাৰ্যত। সমগ্ৰ দিনটোৰ ব্যস্ততাপূৰ্ণ সূচীৰ মাজতেই তেওঁ এগৰাকী স্থানীয় লোকৰ মূত্ৰাশয়ৰ এক সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰি  যথাসময়ত উভটিছিল দেশখনৰ ৰাজধানীলৈ। কাৰণ তাৰ পিচৰ দিনটো অৰ্থাৎ দেওবাৰৰ বন্ধত পৰিয়ালবৰ্গৰ সৈতে কটাই ইয়াৰ পৰৱৰ্তী দিনটোত আকৌ নিজৰ অন্য এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত তেওঁ আহৰি নোপোৱাকৈ পুনৰ ব্যস্ত হ'ব লাগিব যথাসময়ত। ইফালে দেশৰ নাগৰিকৰ নিৰাপত্তা,আৰ্থ-সামাজিক সমস্যা,দুখ-দুৰ্দশা, তথা বিভিন্ন সমস্যাৰাজিৰ মোকাবিলা কৰিবলৈ তেওঁ সপ্তাহৰ বাকী দিনকেইটাত অহৰ্নিশে আকৌ সন্মুখৰ পৰাই নেতৃত্ব প্ৰদান কৰিবলগীয়া হয়।তেওঁৰ…
Read More
ভয় নামেই ফবিয়া

ভয় নামেই ফবিয়া

ভয়। আমি সকলোৱে কিবা নহয় কিবা এটাক ভয় কৰো। ব্যক্তি এজনৰ ভয় বিভিন্ন কথা, বস্তু বা যিয়েই নহওক কিবা এটা ক্ষেত্ৰত স্বাভাৱিকতেই এই ভয় ভাবটো থাকেই। ভয় অৰ্থাৎ ফবিয়া সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। দেখা যায় যে সমগ্ৰ বিশ্বৰ প্ৰায় সংখ্যক লোকেই কিবা নহয় কিবা প্ৰকাৰে অজানিতে কোনো ধৰণৰ ফবিয়াৰ দ্বাৰা আক্ৰান্ত হৈ আহিছে। আৰু ঠিক এনেধৰণৰ কেইবাটাও ফবিয়াৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো আজি। তাৰেই প্ৰথম ফবিয়াটো হ'ল 'গাইন' ফবিয়া' - এই ফবিয়াত আক্ৰান্তসকলে তিৰোতাসকললৈ যথেষ্ট ভয় কৰে। তিৰোতাসকলৰ লগত মিলা-মিছা কৰিবলৈ, কথোপকথন কৰিবলৈ ভয় কৰে এই ফবিয়াত আক্ৰান্ত এগৰাকী ব্যক্তি। এনে লোকৰ মনৰ ভিতৰত যথেষ্ট সংকোচ ভাৱে আবৰি…
Read More
কাঞ্চনজংঘা শৃংগ আৰু ধৰ্মীয় বিশ্বাস

কাঞ্চনজংঘা শৃংগ আৰু ধৰ্মীয় বিশ্বাস

কাঞ্চনজংঘা বিশ্বৰ তৃতীয় সৰ্বাধিক উচ্চতাৰ শৃংগ। এই শৃংগৰ উচ্চতা হৈছে ৮৫৮৬ মিটাৰ (২৮১৬৯ফুট)। উল্লেখ্য যে,১৮২৫ বৰ্ষলৈ কাঞ্চনজংঘা শৃংগ বিশ্বৰ সৰ্বাধিক উচ্চতাৰ শৃংগ বুলি সৰ্বজনবিদিত আছিল। কিন্তু ১৮৪৯ চনত চলোৱা এক জৰীপ কাৰ্যত কাঞ্চনজংঘাৰ পৰিৱৰ্তে মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা  সৰ্বাধিক পোৱা যায়। যাৰ ফলত ১৮৫৬ বৰ্ষত কাঞ্চনজংঘাক আনুষ্ঠানিকভাৱে বিশ্বৰ তৃতীয় সৰ্বোচ্চ উচ্চতাৰ শৃংগ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ইফালে চৰকাৰী তথ্য অনুসৰি হিমালয়ৰ কাঞ্চনজংঘা শৃংগ একাধিকবাৰ পৰ্বতাৰোহীয়ে আৰোহণ কৰিছে। কিন্তু এই শৃংগত আৰোহণ কৰা প্ৰত্যেকজন সফল পৰ্বতাৰোহীয়ে  শিখৰটো পোৱাৰ কেইমিটাৰমান আগতেই নিজৰ অভিযান সামৰে। কাৰণ ছিকিমৰ অধিবাসীসকলে কাঞ্চনজংঘাক পৰম পবিত্ৰ বুলি বিবেচনা কৰাৰ লগতে মানি আহিছে। তেওঁলোকৰ ধাৰণা ইয়াৰ শিখৰত ভৰি দিলে এই…
Read More
স্বামী বিবেকানন্দ,জামছেদজী টাটা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্সৰ জন্মগাঁথা

স্বামী বিবেকানন্দ,জামছেদজী টাটা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব ছাইন্সৰ জন্মগাঁথা

বছৰটো আছিল ১৮৯৩। জাপানৰ পৰা চিকাগো'লৈ জাহাজাৰে  যাত্ৰা কৰোতে যাত্ৰাপথত কাকতলীয়ভাবে লগ হৈছিল দেশৰ দুগৰাকী প্ৰখ্যাত ব্যক্তি। ইয়াৰে এগৰাকী আছিল প্ৰখ্যাত উদ্যোগপতি জামছেদজী টাটা আৰু আনগৰাকী হৈছে  মহান মনিষী স্বামী বিবেকানন্দ। জাহাজৰ এই সুন্দৰ যাত্ৰাপথতেই দুয়োগৰাকী ব্যক্তিৰ মাজত দেশত ঘটি থকা সেইসময়ৰ  বিভিন্ন ঘটনাৰাজি,টাটাৰ ব্যৱসায়-বাণিজ্য এনে ধৰণৰ বিষয়বস্তুৱে আগস্থান পাইছিল। এই সুন্দৰ যাত্ৰাৰ পৰিসমাপ্তিৰ পথত দুয়ো গন্তব্যস্থানত উপস্থিত হোৱাত ইজনে সিজনৰ পৰা বিদায় লৈছিল পুনৰ আকৌ দেখা দিয়াৰ প্ৰতিশ্ৰুতিৰেই। এই সাক্ষাতকাৰ যথেষ্ট মধুৰ হোৱাৰ বাবেই ইয়াৰ ঠিক ৫ বছৰ পিছত জামছেদজীয়ে দেশৰ নৱ প্ৰজন্মক লৈ এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰে। যাৰ ফলস্বৰূপে জামছেদজী টাটাই এই পৰিকল্পনাক বাস্তৱৰূপ কিদৰে দিব পাৰি…
Read More
হতাশা।  বিষণ্ণতা।

হতাশা। বিষণ্ণতা।

যি এক কাল ধুমুহা মানৱ জীৱনৰ বাবে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপাই বিচাৰি থাকোতেই জীৱনৰ প্ৰতি মোহ নাইকিয়া হৈ আহে। এবাৰ ভাবকচোন কিমান ঘৃণা উপজিব লাগিব নিজৰ জীৱনক লৈ।যাৰ ফলত এনে একোগৰাকী হতাশগ্ৰস্তই আত্মহত্যাৰ দৰে চৰমপন্থা ল'বলৈ বাধ্য হয়।সাধাৰণ ব্যক্তি একোজনৰ পৰা খ্যাতিৰ শীৰ্ষত অধিস্থিত প্ৰখ্যাত লোক এগৰাকীয়ে একমুহূৰ্ত চিন্তা নকৰাকৈ হঠাতেই জীৱনৰ কঠোৰতকৈ কঠোৰ সিদ্ধান্তটো লৈ পেলায় নিজৰ জীৱন ধব্বংস কৰি।নিজ পৰিয়াল,আত্মীয় -স্বজন,বন্ধু-বান্ধৱী,সহকৰ্মীকে আদি কৰি কাৰো কথাই মনলৈ নাহে নে এনে কঠোৰ সিদ্ধান্ত এটা গ্ৰহণ কৰোতে সেইসকল লোকৰ। এতিয়াতো বিশ্বায়নৰ যুগ। পৃথিৱী এখন গাঁৱলৈ পৰিণত হৈছে। সকলো আমাৰ হাতৰ মুঠিতেই। আৰু এনে সকলোবোৰ কাৰকেই কেতিয়াবা বিষণ্ণতাৰ কাৰণ হৈ উঠে।…
Read More