কালগ্রস্ত

ব্যস্ততাৰ পৃথিৱীত মানসীৰ যেন উশাহ ল’বলৈও আহৰি নাই, পৰা হ’লে যেন তাই এই কামটোও নকৰাকৈয়ে থাকিব বিচাৰিলে হয়।সেই বুজন হোৱাৰে পৰা তাই ব্যস্ত,চকুৰে দেখা মানুহখিনিক লৈ,হাতেৰে ঢুকি পোৱা মানুহখিনিৰ বাবে তাই ভীষণ ব্যস্ত।অৱশ্যে ব্যস্ততাৰ পৃথিৱীখনত তাইৰ এই পদক্ষেপ একান্তই নিজৰ পচণ্ডৰ।এই যে ৰাস্তাইদি গৈ থাকোঁতে লাখুটি লৈ খুপি খুপি খোজ কঢ়া মগনীয়াৰজনক ৰাস্তাটো পাৰ কৰাই দিয়া,ফুটপাথত অন্ধ মানুহজনৰ সন্মুখত থকা কাপোৰখনৰ ওপৰত সামৰ্থ্য অনুযায়ী কিবা এটা দি অহা,দোকানে,দোকানে ভিক্ষা মাগি ঘূৰি ফুৰা কণমানিকেইটাক কিবা এটা খাবলৈ দিয়া এইবোৰ যেন তাইৰ চকুত ধৰা দিয়া, তাইৰ অন্তৰ আত্মা তৃপ্ত কৰিব পৰা সৰু সৰু সুখৰ এক ভগ্নাংশ।

ঘৰৰ মানুহবোৰে হাঁহে তাইক,সমনীয়াই ঠাট্টা কৰে,কেতিয়াবা ঘিণো কৰে,যেতিয়া তাই সমাজৰ শিক্ষিত লোকসকলে ঘৰৰ আৱৰ্জনাৰ টোপোলাটি নিৰ্দিষ্ট স্থানত নেপেলোৱাৰ বাবে মানসিকভাৱে বিকাৰগ্ৰস্ত,সমাজে পাগল আখ্যা দিয়া শ্ৰেণীটোৰ এজনে আৱৰ্জনাৰ টোপোলাটি বুটলি নিজে আৱৰ্জনাৰ ভাণ্ডাৰ হৈ পৰা এজনক খাবৰ বাবে ৰুটী দুখন, পানী বটল এটা, পিন্ধিবৰ বাবে সৰুসুৰা কিবা এটা দিয়ে।সমাজ সেৱিকা নহয় তাই, কিন্তু চকুৰে দৃষ্টিগোচৰ হোৱা কথাবোৰ,আন দহজনৰ বাবে সাধাৰণ কথা বুলি এৰাই চলিব পৰা বিষয়বোৰ মানসীয়ে এৰাই চলিব নোৱাৰে।জীৱন এনেকুৱাই,ভিন্ন মানুহৰ ভিন্ন মানসিকতা।হেৰাই যাব খোজা মানৱতাৰ পৃথিৱীত তাই যেন এজনী মানৱ দৰদী তেজ মঙহৰ দেৱী।এইয়া তাইৰ চিন্তা নহয় এইয়া তাইক তাইৰ দৰে কম সংখ্যক দুই এজনে দিয়া বিশেষণ।হাঁহি উঠে মানসীৰ যেতিয়া সমাজ সেৱকৰ উপাধি গ্ৰহণ কৰা দুই এজনে সমাজৰ সমস্যাসমূহৰ বিষয়ে অৱগত নোহোৱাকৈয়ে সভাই-সমিতিয়ে ডাঙৰ ডাঙৰ ভাষণ দি আগশাৰীৰ স্থান পায়,হাঁহি উঠে সেইসকললৈ যি নিজৰ মনটোৰ কদৰ্যমুক্ত নকৰাকৈয়ে সমাজৰ কদৰ্যতা নিবাৰণ কৰিবলৈ আহে।বহু এনে মানুহো দেখিছে মানসীয়ে যি ফটো এখন নুঠাকে সামাজিক মাধ্যমত প্ৰচাৰ নকৰাকে পাঁচ টকা এটা খৰচ কৰিবলৈও টান পায়।ইফালে তেওঁলোকেই সভাই সমিতিয়ে বৰ বৰ কথাৰ ফুলজাৰি মাৰে।

সাধাৰণতে মানসীৰ বেগত তাইৰ প্ৰয়োজনীয় বস্তকেইপদৰ লগতে বিস্কুট বা কেক দুই,তিনিপেকেট মান থাকে।অফিচলৈ অহা যোৱা কৰোঁতে প্ৰায়ে তাই ফুটপাথত থকা ল’ৰা-ছোৱালীকেইটাক বিস্কুটৰ পেকেট বা কেকৰ পেকেটকেইটা দি থৈ আহে আৰু একান্ত মনে সিহঁতে সেইখিনি পৰম তৃপ্তিৰে খায়।ভোকত কলমলাই থকা কণমানিকেইটাৰ বাবে সেইয়াই পৰম অমৃত হৈ পৰে।পইচা পাতি সাধাৰণতে তাই নিদিয়ে।কেতিয়াবা সময় হ’লে ওচৰতে দেখা হোটেলত ভাত খোৱাই দিয়ে কিন্তু পইচা দি তাই বেয়া পাই।কাৰণ সিহঁতে পইচাৰ মূল্য বুজিব পৰাকৈ পৰিপক্ক হৈ উঠা নাই।বেগত বিস্কুট,কেকৰ পেকেটকেইটা দেখি কেতিয়াবা গৃহস্থই তাইক হাঁহি হাঁহি কয়

*আমাৰ এওঁৰ পাৰ্চটো আকৌ এখন সৰু সুৰা দোকানেই।

ল’ৰা-ছোৱালীকেইটাৱেও যেন মানসীৰ বাবেহে অপেক্ষা কৰি থাকে।কেতিয়াবা তাইক কয়

*বাইটি সোনকালে আহিবিচোন,আমাৰ বৰ ভোক লাগে,তইহে আমাক খাবলৈ দিয় বাকী মানুহবোৰে মাত্ৰ আমালৈ চাই হাঁহি মাৰি গুচি যায়।কোনোবাই দিলেও এটকা, দুটকা।

বেয়া লাগে মানসীৰ,সিহঁতৰ বাবে কিবা এটা কৰিবলৈও যে তাই অসমৰ্থ।তথাপিও তাই সামৰ্থ্য অনুসৰি কেতিয়াবা কোনোবাটোক চোলা এটা,গেঞ্জী এটাও দিবলৈ ল’লে।কৰ্ম ব্যস্ততাৰ বাবে এদিন পাহৰণিতে তাইৰ বিস্কুট, কেকৰ পেকেট কিনা নহ’ল,কণমানিকেইটাৰ ওচৰ পাই বেগ খুচৰোতেহে মানসীয়ে গম পালে যে তাইৰ বেগ আজি খালী।ইফালে সিহঁতৰ ভোকাতুৰ মুখ আৰু অধীৰ আগ্ৰহেৰে মেলি ৰোৱা হাতকেইখন দেখি মানসীৰ নিজৰ ওপৰতে খং উঠিল।উপায় নাপায় তাই সেইদিনা পইচাকে সিহঁতৰ হাতত তুলি দিলে।সৰুজনীয়ে লগে লগে মাত লগালে

*পইচা নালাগে বাইটি,বিস্কুটকে দে।পইচা দিলে ই চব লৈ গৈ পানীৰ বটল খায়।

আচৰিত হৈ মানসীয়ে সুধিলে

*পানীৰ বটল কিনি খোৱাতকৈ ঘৰৰ পৰা লৈ আহিবি আকৌ পানী ভৰাই।

*এইটো পানী ঘৰত নাপায় নহয় বাইটি, দোকানতহে পায়,পিতায়েও হাজিৰা কৰি আহোঁতেহে লৈ আহে।

ইতিমধ্যে ল’ৰাটো সেই ঠাইৰ পৰা আঁতৰি গৈছিল।হয়তো লাজ পাইছিল মানসীৰ আগত।যিকেইটা ল’ৰা-ছোৱালীৰ বাবে তাইৰ দৰে হাজাৰজনে হয়তো পৰিশ্ৰমৰ এটা অংশ ব্যয় কৰিছে আজি তেনে এচামে সিহঁতৰ পৰিশ্ৰম বিনা দ্বিধাই উৰুৱাই দিছে।দোষ ল’ৰাটোৰ গাত নাই, দোষ ঘৰখনৰ পৰিবেশৰ,সমাজৰ।সি যি দেখিছে মাথোঁ তাকে কৰিছে।এই সময় কালান্তক সময়,যি ধীৰে ধীৰে আমাক কালগ্ৰস্ততাৰ দিশত ধাৱমান কৰিছে।চকুৰে নেদেখা হোৱালৈকে মানসীয়ে ল’ৰাটোলৈ চাই ৰ’ল।সকলোৰে অট্টহাস্যবোৰ যেন তাইৰ কাণত বাজি উঠিল।

মনস্বী শৰ্মা।

ৰৌতা চাৰিআলি

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 1 = 1