কেলেণ্ডাৰ

পুৱা শুই উঠিয়েই বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ মন কৰিলে প্ৰয়াত শিক্ষক বিনন্দ চৌধুৰীৰ পত্নী অৱসাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অপৰ্না চৌধুৰী বাইদেউয়ে | এডাল নাল ভগা চশমা পিন্ধি লাহে লাহে কেলেণ্ডাৰৰ ওচৰলৈ আগুৱাই গ’ল অপৰ্না বাইদেউ | আনদিনাৰ দৰে আজিও ৰঙা চিয়াঁহীৰ কলমটোৰে কেলেণ্ডাৰত আজিৰ তাৰিখৰ চাৰিওপিনে এটা বৃত্ত আঁকিলে | প্ৰায় এমাহমান আগৰে পৰা এনেদৰে প্ৰত্যেক দিনা প্ৰতিটো তাৰিখৰ চাৰিওপিনে বৃত্ত এটা অঁকাটো তেওঁৰ যেন এক অভ্যাসত পৰিণত হৈছে | যিমানেই কেলেণ্ডাৰখনত ৰঙা বৃত্তবোৰৰ সংখ্যা বাঢ়িছেগৈ সিমানেই সেই নিদিৰ্ষ্ট তাৰিখৰ দিনো চমু চাপি আহিছে | তাৰ লগে লগে অপৰ্না বাইদেউৰ মনটো ফৰকাল হৈ গৈ আছে | হয়টো !! আজিয়েই দেখোন সেই নিদিৰ্ষ্ট তাৰিখটো মানে জুনৰ এক তাৰিখ | মুহুূৰ্ততে তেওঁৰ মনটো এক বুজাব নোৱাৰা আনন্দৰে ভৰি পৰিল | নহবনো কিয় ? চাকৰি সূত্ৰে কলিকতাত বসবাস কৰা তেখেতৰ একমাত্ৰ ল’ৰা অনুৰাগে যোৱা মাহতে খবৰটো দিছিল যে, এই মাহৰ এক তাৰিখে সি ,বোৱাৰী মাধু আৰু আঠ বছৰীয়া নাতি মন আৰু ছবছৰীয়া নাতিনী আস্থা সপৰিয়ালে প্ৰায় ডেৰ বছৰৰ মূৰত অসমলৈ আহিব ,নিজৰ ওপজা ঘৰখনলৈ | যিহেতু নাতি নাতিনীৰ দুয়োটাৰে গ্ৰীষ্মকালিন বন্ধ গতিকে এইবাৰ অলপ দীঘলীয়াকৈ ঘৰত আহি থকাৰ কথা | খবৰটো শুনাৰ পৰাই অপৰ্না বাইদেউয়ে দৈনিক কেলেণ্ডাৰত দাগ দি দি হিচাপ কৰি গৈছিল, মাহৰ কেইদিন গ’ল বুলি | এৰা, অপেক্ষাবোৰটো কিমান যে হেঁপাহ লুকাই থাকে সেয়া প্ৰতিটো পলে পলে অনুভৱ কৰিছিল অপৰ্না বাইদেউয়ে |

যোৱাবাৰ অনুৰাগহঁত আহিছিল দেউতাকৰ টান নৰিয়াৰ সময়ত | সেইখিনি সময়ত দেউতাকে সম্পূৰ্ণ খোৱা লোৱা বাদ দি দিছিল | তেনেকৈ দহ দিনমান থকাৰ পিছত এদিন সকলোকে কন্দুৱাই তেখেতে এই পৃথিৱীৰ পৰা চিৰদিনৰ পৰা বাবে মেলানি মাগিছিল | সৰুৰে পৰা উদাৰ সংস্কৃতিত ডাঙৰ-দীঘল হোৱা অনুৰাগে দেউতাকক হেৰুওৱা শোক এটাই মন আৱৰি আছিলেই ,তাৰোপৰি সিহঁত কলিকতালৈ গুচি গ’লে মাক একেবাৰে অকলশৰীয়া হৈ পৰাৰ চিন্তা এটাও তাক খুলি খুলি খাবলৈ ধৰিলে| অনুৰাগে একপ্ৰকাৰে মাকক জোৰ দিয়েই কৈছিল–“ব’লা মা আমাৰ লগতে কলিকতালৈ | তোমাক এনেকে এৰি থৈ মইয়ো তাত শান্তিৰে থাকিব নোৱাৰিম | ঘনাই ইয়ালৈ আহি থাকিবলৈকো সম্ভৱ নহয় | অফিচৰ পৰা ছুটীয়ো তেনেকে নাপাও আৰু কেতিয়ালৈ বা আহিবলৈ সময় পাওঁ | ” মাকে পুতেকৰ লগত যাবলৈ বৰ এটা ইচ্ছা প্ৰকাশ নকৰিলে | কেনেকৈনো যাব বাৰু তেওঁ এই ঘৰখন এৰি , যিখন ঘৰত পইত্ৰিছ বছৰ আগতে স্বামীৰ লগত একেলগে বুকুত অযুত ৰঙীন সপোন লৈ সংসাৰৰ পাতনি মেলিছিল | স্বামীৰ সতে কটোৱা সুখ দুখৰ দিনবোৰ , ৰাগৰ শৈশৱৰ স্মৃতিবোৰ ,তেওঁৰ মন আত্মা সকলোবোৰ দেখোন এই ঘৰখনৰ লগতে সাঙুৰ খায় আছে | নাই নাই তেওঁ ৰাগৰ লগত যাব নোৱাৰে | ৰাগে বুজি পাইছিল মাকৰ মনৰ বেথা | সেয়ে অনুৰাগে মাকৰ সাৰথি কৰি ঘৰলৈ লৈ আহিল সৰল মনা লম্বোদৰ আৰু পদুমীক | গাঁৱৰে নিজৰ বুলিবলৈ কেও কিছু নোহোৱা দিন হাজিৰা কৰি খাতি খোৱা দুই পতি পত্নীক ,মূল ঘৰৰ কাষতে সিহঁতৰ বাবে সাজি দিয়া হ’ল দুটা ৰুমৰ পকী ঘৰ | তেতিয়াৰ পৰাই সিহঁত দুয়োটা অপৰ্না বাইদেউৰ লগতে থাকে | অনুৰাগহঁত যোৱাৰ আগমুহূৰ্তত মাকক এনড্ৰইদ ফোন এটা দি গৈছে | মাকৰ মন গ’লেই যাতে সিহতলৈ ভিডিঅ কল কৰিব পাৰে | লগতে পদুমীকো সৰু হেণ্ড চেটৰ মোবাইল এটা দিছে যাতে মাজে মাজে মাকৰ খা-খবৰ তাইৰ পৰা লৈ থাকিব পাৰে | যোৱাৰ দিনা মাধুৱে পদুমীক দঢ়াই দঢ়াই কৈ থৈ গৈছে- “মাক চাবা |”

মৃতক দেউতাকৰ সকলো কৰণীয় কাম কাজ কৰি অনুৰাগহঁত পুনৰ গুচি গৈছিল কলিকতালৈ | সিহঁত যোৱাৰ পিছতহে অপৰ্না বাইদেউ উপলদ্ধি কৰিছিল স্বামী অবিহনে তেওঁ কিমান অকলশৰীয়া | এই প্ৰকাণ্ড ঘৰখনৰ ৰিঙা ৰিঙা উদাসীনতাৰ ভাব এটাই অনবৰতে তেওঁক হেচা মাৰি ধৰিছিলহি | অৱশ্যে সেইখিনি সময়ত ছাঁ ৰ দৰে লাগি আছিল লম্বোদৰ আৰু পদুমী | কেতিয়াবা অপৰ্না বাইদেউৰ মন বেয়া লাগিয়েও সিহঁতৰ হাঁহি তামাছা ,খুহুতীয়া কথাবোৰৰ মাজেৰে নিজৰ দুখবোৰ খন্তেকলৈ পাহৰি থাকিছিল | সময় গ’ল দিন বাগৰিল ,লাহে লাহে তেওঁ সময়ৰ সতে সহজ হৈ পৰিছিল ৷

মাহীদেউ অ মাহীদেউ, উঠিলেনে পদুমীৰ মাততহে ,তেওঁ অতিতৰ স্মৃতিৰ পৰা বাস্তৱলৈ ঘূৰি আহিল | তেনেদৰে কিমান সময় যে ভাবনাত বুৰ গৈ আছিল নিজে নাজানে || ঘড়ীটোলৈ চালে ছয় বাজিবৰ হ’ল| কালি ৰাগে ফোনতে কৈছিল , আজি ৰাতিপুৱা সাত বাজি পঞ্চলিছত মিনিটত সিহঁতৰ ফ্লাইটৰ টিকট আছে | গতিকে কলিকতাৰ পৰা গুৱাহাটী আহি পাওতে এক ঘন্টা লাগিব আৰু এইকণ আহি পোৱালৈ দুপৰীয়া বাৰ মান বাজিব পাৰে | ঘৰখন আজিহে ঘৰ ঘৰ লাগিব | আস্থা মনৰ কোলাহলত ইমানদিনে নিজান পৰি থকা ঘৰখন আকৌ প্ৰাণ পায় উঠিব | আজি মানুহজনলৈ বৰকে মনত পৰিছে | দেউতাক থকা হ’লে কমখন স্ফূৰ্তি কৰিলে হেতেন নে !! আগতে সিহঁত আহিলে ককাকে নাতি নাতিনী দুটাক লৈ ঘৰৰ মস্ত এৰাবাৰীৰ পৰা আৰম্ভ কৰি পথাৰ গাঁৱৰ প্ৰতিতো চুক কোণ ঘূৰাই লৈ ফুৰাই | সিহত দুটাও মনৰ আনন্দতে ওমলি ফুৰে||

ছেহ , দেৰিয়েই হ’ল দেখোন আৰু এনেকে বহি থাকিব নোৱাৰি |কিমান যে কাম আছে ঘৰখনত ,কেৱল আজিয়েই নে ?? কিমান দিনৰ পৰা পদুমী লম্বোদৰৰ লগত লগ লাগি ঘৰ চোতাল বাৰী চাফ চিকুণ কৰাৰ পৰা আদি কৰি পিঠা লাৰু বনোৱা কিমান যে আয়োজন পো-বোৱাৰী অহাৰ আশাতে ||

ইহঁত দুটাই কি বা কৰিছে ? বাহি বন কৰি প্ৰায় আজৰি হৈছিলেই পদুমী | পদুমী লম্বোদৰ ক’ত বুলি সুধিব লওতেই ,পিচফালৰ বাৰীৰ পৰা ওলাই আহা লম্বোদৰে এখন হাতত জাল আৰু আনখন হাতত মাছৰ খালৈটো লৈ চিঞৰিবলৈ ধৰিলে -“এইয়া চাওক” | আহল বহল পিচবাৰান্দাতে মাছৰ খালৈটো থৈ ,”মাহীদেও কালিয়েই আপুনি কৈছিল নহয় পুখুৰীত মাছ ধৰিবলৈ এইয়া চাওক “-কথাখিনি কওতেই লম্বোদৰৰ চকুহাল তিৰবিৰাই উঠিল | জপিয়াই থকা জীয়া কাৱৈ মাছৰ লগতে ডাঙৰ ওজনৰ ৰৌ মাছটো দেখি অপৰ্না বাইদেউৰ মুখত এক তৃপ্তিৰ হাঁহি বাগৰি গ’ল | হওক তেওঁ ,বহুদিনৰ মূৰত ৰাগৰ প্ৰিয় মাছৰ তৰকাৰী পকা অমৰাৰে কাৱৈ মাছৰ জোলখন ৰান্ধিব পাৰিম | মাছৰ টেঙা খায় বেয়া পোৱা মাধুৰ বাবে বগা সৰিয়হেৰে ৰৌ মাছৰ চৰচৰী | মনত থাকোতেই এতিয়াই অলপ জহা চাউলো তিয়াই থব লাগিব | ক্ষীৰ অলপো বনাব লাগিব বুজিছ পদুমী ,মোৰ কলিজাৰ টুকুৰা দুটা মন আস্থালৈ | সিহঁতে ক্ষীৰ খায় বৰ ভাল পায় | দুখে লাগে সিহঁত দুটালৈ ,তাতনো ক’ত চাগে খাতি গৰু গাখীৰ আৰু জহা চাউলৰে বনোৱা খাইছে | আহক এইবাৰ বিধে বিধে ৰান্ধি খোৱাম | লম্বোদৰ আৰু পদুমীয়ে মাহীয়েকৰ কথা শুনি হাঁহিবলৈ ধৰে | মাহীদেউ আপোনাৰ মনৰ কথা জানি আমি দুজনে কেতিয়াবাতে অমৰা টেঙা আৰু কচু ঢেকীয়া তুলি থৈছো | পদুমীৰ কথাত মাহীদেউৰ দুয়োজনলৈ মৰম ওপজি যায় | আপুনি সাওতকৈ গাতো ধুই আহক মই আপোনালৈ চাহ বাকো | “মোলৈ অকল নহয় তহত দুটালৈয়ো চাহ কৰ | মই গা টো ধুই গোঁখাই ঘৰত চাকিগছ জ্বলাই আহো | আৰু শুন আজি ইয়াতে লগে ভাগে দুপৰীয়াৰ ভাত সাজ খাবি |”- -কথাষাৰ কৈ বেগাবেগিকৈ গা ধোৱা ঘৰলৈ খোজ ললে মাহীদেউ |

এসাজ ৰান্ধি দুসাজ খোৱা অপৰ্না বাইদেউ আজি বিধে বিধে ৰান্ধিছে | পাগঘৰৰ পৰা ওলাই অহা ফুৰফুৰীয়া গোন্ধত পিচচোতালত জেওৰা দিয়া কামত ব্যস্ত লম্বোদৰে দীঘলকৈ উশাহটো টানি –” আ, কি ধুনীয়া গোন্ধাইছে মাহীদেউ | ক্ষীৰ হবলা ?

উম….

মোৰ জিভাৰ পানীয়ে পৰিব এতিয়া | আজি চাবচোন আপোনাৰ হাতৰ ৰন্ধা খাবলৈ পালে বৌ দাদা দুয়োটাই টিকাত চাত পৰিলেও নুঠিব |

হয়নে ?

সঁচাকে কৈছো মাহীদেউ |

হ’ব দে তইয়ো ইয়াৰ ভাগ পাবি নহয় |

দাদা -বৌহঁত কেতিয়াকে আহি পাব মাহীদেউ |

বাৰমান বজাত পাবহি লাগে | পাগঘৰৰ পৰা চিঞৰিলে পদুমী কিমান বাজিল অ ?

বাৰ বাজি গ’ল মাহীদেউ |

অ, তেনেহলে সিহঁতি আহি পাবৰে হ’ল | ফোন এটাকে কৰোচোন কিমান দূৰ পালেহি | ৰাতিপুৱা এবাৰ ফোন লগাওতে ৰাগ মাধুৰ দুয়োটাৰে চুইটচ অফ দেখুৱাইছিল | ফ্লাইটত বাৰু ফোন চুইটচ অফ কৰি থোৱাটো নিয়ম | কিন্তু এতিয়াওটো কাৰো ফোনে নালাগে | সিহঁতি নিজেও ফোন এটা কৰি জনাব পাৰে– মইহে ইমানকে সিহঁতৰ কাৰণে ঢপলিয়াই ফুৰো | মোলৈ কাৰো এটাৰো চিন্তা নাই | অপৰ্না বাইদেউৰ ভিতৰি ভিতৰি দুয়োটালৈ অভিমান জাগি উঠে | তেনেতে পদূলী মুখত গাড়ীৰ মাত শুনি –যা চোন যা লম্বোদৰ ইহঁত পালেহি চাগে |

নহয় মাহীদেউ বেলেগ কোনোবা বাটেৰে গৈছে |

লাহে লাহে ঘড়ীৰ কাটাই দুই বজাৰ সংকেত দিলে | মাহীদেউৰ উচপিচনি বাঢ়ি আহিল |বাৰে বাৰে ফোনটো লগায় দুয়োটালে | ফোনত সেই একে সোপাকে গান গাই আছে নট ৰিচ্ছেবল | আঢ়ৈ বাজিবৰ হ’ল অপৰ্না বাইদেউ এবাৰ বাটৰ মুখ এবাৰ ঘৰৰ ভিতৰলৈ আহে | তেনেকে তেওঁ হাতত মোবাইলটো লৈ বাটঘৰ বাটঘৰ কৰি থাকিল |ইমান দেৰি হ’ল ,এতিয়ালৈ কাৰো এটাৰো খা-খবৰ নাই | বাটত কিবা বিপদ বিঘিনি হোৱা নাইটো ? ভৱাৰ লগে লগে তেওঁৰ বুকুখনে ধান বনাদি বানিব লাগিল | কি কৰা যায় ? কেনেকৈ কোনে জনাব সিহঁতৰ খবৰ !! হে কৃষ্ণ দয়াময় , সিহঁতকেইটাক ভালে কুশলে ৰাখা | ভালে ভালে ঘৰ আহি পালেই হ’ল | কাইলৈ পুৱা বৰ নামঘৰলৈ গৈ শৰাই এভাগিৰ সতে চাকি এগছি জ্বলাই আহিম প্ৰভু | তেনেকে কাকূতি মিনতি কৰি থাকোতে ,মোবাইলটো বাজি উঠিল | এবাৰ ৰিং হওতেই অপৰ্না বাইদেউ য়ে ৰিচিভ কৰিলে ৷

বিপৰীত ফালৰ পৰা হেল্ল মা, হেল্ল হেল্ল মা শুনিচনে মই ৰাগে কৈছো |

হেল্ল ৰাগ মই শুনিচো , তহঁত আছ ক’ত , সব ঠিকে আছনে ,ফোনটো কিয় নালাগে , কিমান দূৰ পালিহি ? মাকে একে উশাহতে সুধি পেলালে ৷

ৰ’বা মা , তুমি ইমানকে উদ্বাউল হৈছা কিয় ? মই লাহে লাহে কৈছো ৰ’বা ,আমি সব ঠিকে আছো ৷

ওম…

কালি বহুত ৰাতি হ’ল বাবে তোমাক নজনালো | আজি ৰাতিপুৱাৰে পৰা ফোন ট্ৰাই কৰিছো তোমাৰ ফোন নালাগে |এতিয়াহে তোমাৰ ফোনত ৰিং হৈছে | শুনাচোন মা…

ক ৰাগ ( অলপ শান্ত হৈ )

মা আমি যাব নোৱাৰিলো | বৰ আশা কৰিছিলো গোটেইকেইটাই এইবাৰ ঘৰ যাব পাৰিম বুলি | কিন্তু ভৱা মতে নহল ৷

কথাখিনি শুনিয়েই মাকৰ বুকুখনত শোকে খুন্দা মাৰি ধৰিলেহি | কিয় আহিব নোৱাৰিলি ??

কালি ৰাতি অফিচৰ পৰা খবৰ পালো যে ,যিনেতেনে মই আজি মৰ্নিং বাংগালোৰু পাবহি লাগে | প্ৰজেক্ট মিটিং এখন এটেণ্ড কৰিব লাগে | তিনি দিনমান থাকিব লাগিব ইয়াত |

হয় নেকি …

ওম , মা কালি ইহঁত দুটাৰো স্ফূৰ্তিৰ সীমা নেহোৱা হৈছিল | আজি আইতাকৰ ঘৰলৈ যাম বুলি | পুৱা দুয়োটাৰে কান্দনমুৱা মুখকেইখন চাব পৰা নাছিলো | সিহঁতক তেনেকে এৰি থৈ ইয়ালৈ গুচি আহিলো | মাধুৰো মন সেমেকা | অ মা শুনাচোন…

ক ৰাগ মই শুনি আছো …

মা তুমি চাগে বেয়াই পাইছা ন , কি কৰিম কোৱা মোৰো উপায় নাছিল | মা মই তোমাক কথা দিলো অহা দূৰ্গা পূজা সবে মিলি একেলগে চাম |

মই বেয়া পোৱা নাই অ | তোক জানো নহয় !! তোৰ কামৰ ব্যস্ততা কিমান ? হব দে পূজালৈ আহিলেই হ’ল |

মা আজিকালি তোমাৰ গা হেনু বৰ ঠিকে নাথাকে ,হয়নে ? পদুমীয়ে কৈছে নহয় মোক….

নহয় অ , ৰাতি কেতিয়াবা মোৰ টোপনি নাহে ,তাকে লৈ তই ইমানকে চিন্তা কৰিবলগীয়া একো ডাঙৰ কথা হোৱা নাই নহয় ….

শুনা কাইলৈ ৰতন খুড়াৰ ল’ৰা জোনৰ লগতে গৈ ডাক্তৰক এবাৰ দেখুৱাই আহা আৰু লগতে এযোৰ নতুন চশমা | ভগা চশমাযোৰ বাদ দিয়া | মই নিজে তোমাক লৈ যাম বুলি ভাবিছিলো | পিছে জোনে লৈ যাব দিয়া তোমাক | তাক কৈ থৈছো |পইচা মই তোমাৰ একান্টচত পঠিয়াইছো চাবা এবাৰ …

নালাগে অ ,যোৱা মাহতে পঠোৱা পইচা জমা হৈয়ে আছে | তই মিছাতে মোৰ কাৰণে সময় নষ্ট কৰিব নালাগে | মই ভালে আছো , তহত ভালে আছ জানি বুকুখন এতিয়াহে শাত পৰিছে | ৰাগ তই কিবা খালিনে ? নে খালি পেটে কাম কৰি আছ….

খালো দিয়া ইডলি আৰু ড’চা | ইয়াতনো এইবোৰৰ বাহিৰে কিনো পাবা | অ মা তোমাৰ হাতেৰে খাবলৈ খুব মন গৈছে ৷ তুমি আমি যাম বুলি চাগে বহুত কিবাকিবি ৰান্ধিছিলা ন | স্পেচিয়েলি মোৰ প্ৰিয় মাছৰ তৰকাৰীখন ,হয়নে ?

ওলাই আহিব খোজা কান্দোনখিনি যেনেতেনে চেপা মাৰি ধৰি – নাই অ, এতিয়া নিৰামিখে ৰান্ধিছো | মাকে কোন সতেনো কয় তহঁত আহিবি বুলিয়েই কিমান দিনৰ পৰা এই প্ৰস্তুতি | বহুদিনৰ মূৰত একেলগে এসাঁজ খাম বুলিয়েই উৎসাহেৰে ৰান্ধিছিলো ….

মা বহু দেৰি হ’ল , তুমিও এতিয়ালৈ মুখত একো এটা দিয়া নাই চাগে ,খায় লোৱাগৈ…

ওম , মাকৰ তেতিয়াহে মনলৈ আহিল তেওঁৰ লগতে ৰাতিপুৱাৰে পৰা ইহঁত দুটাও লঘোণে ভোকে আছে…

মা অহাবাৰ ঘৰলৈ গ’লে তুমি আমাৰ লগত কলিকতা আহিবলৈ সাজু হৈ থাকিবা তুমি না নকৰিবা | দেউতাক আগতে হেৰুৱালো তোমাক হেৰুৱাব নোখোজো ৷ শেষৰ বাক্যষাৰি কওঁতে ৰাগৰ মাত থুকাথুকি হৈ ওলাল ৷ হ’ব দিয়া মা ৰাখো ৷ মোৰ মিটিং আছে এতিয়া ৷

হ’ব ৰাগ তই ভালকে থাকিবি |মাকে চকুপানী আৰু ধৰি ৰাখিব নোৱাৰিলে | তেওঁ উপলব্ধি কৰিবলৈ ধৰিলে — মোলৈ পো-বোৱাৰীৰ ইমান আদৰ মৰম | নাতি নাতিয়েকৰ আইতাকৰ প্ৰতি ইমান হেঁপাহ | সেইবোৰ উপেক্ষা কৰি মই ইয়াত কি পাইছো | নাই নাই নাথাকো ইয়াত সিহঁতৰ লগতে যামগৈ | জীৱনৰ শেষছোৱা আপোনজনৰ সতে কটাম , অন্ততঃ মৰাৰ আগ মুহুূৰ্তত সিহঁতক চকুৰ আগত দেখা পালে শান্তিৰে চকু মুদিব পাৰিম | আজিয়েই ৰাগক ফোন কৰি জনাম | অলপ আগলৈকে গুজৰি গুমৰি আহিব খোজা বৰষুণ জাক হঠাতে এচাতি বতাহে উৰুৱাই নিয়াৰ দৰে তেওঁৰো মনটো ফৰকাল হৈ উঠিল|

ইমানসময়ে দূৰৈৰ পৰা মাহীদেউক লক্ষ্য কৰি থকা পদুমীৰ চকুৰ কোণত দুটোপাল চকুপানী বিৰিঙি উঠিল | লৰালৰিকৈ চকুপানী মচি ভিতৰলৈ সোমায় যায় ৷ ” মাহীদেউ আহক ভাত বাঢ়িছো |”

অ’ গৈছো ৰ তহতলৈয়ো বাঢ়, মোক কেইটামান দালি ভাতকে দিবি | মাছ নেখাও দে পেটতো দেখোন জ্বলা পোৰা কৰি আছে ৷

পদুমীয়ে ভালদৰে বুজি পায় মাহীদেউ কিয় মাছ খাব খোজা নাই ৷

কিবা এটা মনত পৰাৰ দৰে অপৰ্না বাইদেউ আঙুলিৰ মূৰত হিচাপ এটা কৰিলে, ” লম্বোদৰ মন আস্থাৰ কাৰণে লিচু চিঙিব নালাগে আহ | ভাত খা হি ৷ তই আবেলিলৈ মুকুন্দ দোকানীৰ পৰা মোক দুটা ভাল ৰঙা চিয়াঁহীৰ কলম আনি দিবিচোন |”

পূজালৈ মাজত আৰু চাৰিটা মাহ আছে | কালিৰ পৰা আকৌ কেলেণ্ডাৰত দাগ দি যাব লাগিব | পিছৰ কথাখিনি লম্বোদৰে নুশুনাকৈ কৈ কৈ অপৰ্না বাইদেউ ভিতৰ সোমাল | মাহীদেউৰ কথাৰ আত বিচাৰি নাপায় – “হ’ব মাহীদেউ “বুলি শলাগি মাহীৰ পিছে পিছে লম্বোদৰেও খোজ ললে ||

—————-সমাপ্ত————–

পম্পী শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 1 = 4