দুচকুৰ নীলাৰ মাজত

পাহিয়ে পিছ পেলাই থৈ অহা গছ, পাহাৰ, ধাননি পথাৰ আৰু ঘৰবোৰক খিৰিকীয়েদি চাই গৈ আছে । বতাহ জাকে তাইৰ চুলিখিনিৰ লগত খেলি থাকিল, তায়ো নিজৰ মাজতে ভাবত বিভোৰ হৈ গৈ থাকিল।

এনেকুৱা এটা দিনতে তাই দেখা পাইছিল এহাল গভীৰ নীলা চকু। চকুহালে যেন তাইক বহুত কথাই বুজাইছিল একো নোকোৱাকৈয়ে ।

ক’ত হেৰাল বাৰু তাইৰ অচিনাকি চকুহাল চিনাকি কৰিবলৈ নৌপাওঁতেই?

ক’ত বিছাৰি যাব তাই ?

কিমান যে উজাগৰি নিশা পাৰ কৰিছে সেইহাল চকুৰ অপেক্ষাত, কিমান বাৰ যে কল্পনাৰ সাগৰত উটি ভাহি ফুৰিছে তাৰ কোনো লেখ জোখ নাই। তাইৰ ভাব হয় এদিন তাই বিছাৰি উলিয়াব পাৰিব সেই চকুহাল। এজাক প্ৰেমৰ বৰষুনত তিতাৰ হেপাহ এটা লৈ ফুৰে তাই।এফাকি প্ৰেমৰ কবিতা লিখাৰ আখৰা কৰে তাইৰ আপোন নীলা চকুহালৰ প্ৰেমত আৰু নিজকে বিলীন কৰি দিব বিছাৰে সেই চকুহালৰ গৰাকীক।

সদায় বাছখনত উঠিয়েই তাই এটা ভাব হয় আজি তাইৰ সেই বিশেষ দিনটো হব ছাগে! আজি হয়টো চাৰি চকুৰ মিলনত যাত্ৰাটোৱে পুৰ্ণতা পাব। এটা সপোন বুকুত বান্ধি ফুৰে তাই সেই চকুহালৰ প্ৰেমত পৰা দিন ধৰি।

“কোনোবা আছে নেকি?”

কাৰোবাৰ মাতত তাই থতমত খালে আৰু নিজকে সম্বৰণ কৰি কলে

“না নাই”।

খুউব সাবধানে এইমাত্ৰ দেখা সেই ছয়াময়া চকুহাললৈ বুলি তাই দৃষ্টি নিক্ষেপ কৰিলে। কব নোৱাৰাকৈ যেন সময় স্তব্ধ হৈ পৰিছিল, গছবোৰো যেন পিছুৱাই যাবলৈ পাহৰিছিল, পাহাৰটো যেন বেছি থিয় হৈ পৰিছিল।

কি হৈছিল এয়া সপোন নে দিঠক?

তাইৰ হৃদয়খন হৰ্ঠাৎ চিৎকাৰ কৰি উঠিল। কিবা অবুজ সুখ এটা বুকুৰপৰা উজাই আহিল। কব নোৱাৰাকৈয়ে এক প্ৰাপ্তিৰ সম্ভাৱনাই তাইক উতবাউল কৰি তুলিলে। হয় সেই নীলা চকুহালৰ গভীৰতাত তাই আজি ডুবি যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । তাইৰ ইমান দিনৰ জল্পনা কল্পনা ওৰ পেলাই আজি তাইৰ সপোন সচাঁ কৰি তাই বিছাৰি ফুৰা চকুহাল তাইৰ নিচেই কাষত বিছাৰি পাইছে । তাইৰ মন মগজুত আশাবোৰৰ অগা দেৱা চলি থাকিল আৰু কথাবোৰে দেখোন আতঁ বিছাৰি পোৱা নাই। কি কৰিব কি নকৰিব ভাবি থাকোঁতেই সিফালৰ পৰা প্ৰস্ফুটিত হৈ উঠিছিল এটা পুৰুষ সুলভ মাত

“মই নিলাভ আৰু আপুনি?”

“পাহি”

“সুন্দৰ নাম।”

এজাক খিল খিলাই মৰা হাঁহিত পৰিবেশটো চঞ্চল হৈ উঠিল।

পাতনি মেলিলে এক নতুন অধ্যায়ে।

প্ৰবাহিত হৈ পৰিল এজাক মৃদু বতাহ।কথাবোৰৰ গাঠি ক্ৰমে খোল খাইছিল। দুয়োৰে গন্তব্য স্থান একেই। ভাল লাগিল তাইৰ কথা পাতি। তাৰো হয়টো বেয়া নালাগিল। দুয়োৰে মনটো আনন্দেৰে ভৰি পৰিছিল কিবা এটা পোৱা নোপোৱাৰ দোমোজাত।

“লগ পাই ভাল লাগিল। আজিৰ যাত্ৰাটো আপোনাৰ সংগই বৰ আমোদজনক কৰি তুলিলে। ধন্যবাদ। বেয়া নাপালে আপোনাৰ ফোন নাম্বাৰটো দিব নেকি?” নীলাভে কোনো সংকোচ নকৰাকৈ কথা কেইটা কৈ গল।

“মোৰো আজিৰ দিনটো অতিকে স্মৰণীয় দিন হৈ ৰব। আপোনাৰ নাম্বাৰটো কওক মই ৰিং কৰি দিছোঁ।” পাহিয়ে খুউব উৎসাহত কথাখিনি প্ৰকাশ কৰিলে।

দুয়ো মবাইল নম্বৰ কেইটা খুউব সজতনে সাঁচি ৰাখিলে। তাই কিমান দিনৰ সপোন এটাৰ আজি বাস্তৱ ৰূপ দিব পাৰিছে। সচাঁই এনেয়ে নকয় কিবা এটা মনৰ পৰা পাব বিছাৰিলে তাক দিবলৈ সকলো ধনাত্মক শক্তিয়ে তাৰ পক্ষে কাম কৰি যাবলৈ বাধ্য হয়। চাওতে চাওতে নামিবৰে হল। দুয়ো নিজ পথত অগ্ৰসৰ হল।

নিয়মীয়া কামবোৰৰ মাজেৰে সময়বোৰ পাৰ হৈ গৈ আছে, পৰীক্ষা ওচৰ চাপিছে, সেয়ে ব্যস্ততাও বাঢ়িছে।

আজি তাই বজাৰলৈ ওলাই যাব লাগিব পৰীক্ষাৰ আগতে দৰকাৰী বস্তু কেইপদ আনি নাৰাখিলে তাইৰ অসুবিধা হব। হোস্টেলৰ বহুকেইজনী আজি একেলগেই যাব, সকলোৱে সাজি কাচি ওলাই গৈছে।

বজাৰৰ পৰা আহি তাই বিছনাখনতে পৰি আছে। আজি তাইৰ পঢ়িবলৈ মন যোৱা নাই, ভাগৰো লাগিছে। ৰাতি বাৰে বাৰে তাইৰ পঢ়াৰ পৰা মনটো আতৰি গৈছে, কিবা এটা যেন ভাবি আছে তাই। ফোনটো বাজি উঠিল, এই সময়ত আকৌ কোনে ফোন কৰিলে? কিবা এটা অদ্ভুত শিহৰণ পাৰ হৈ গল তাইৰ মুৰৰ পৰা ভৰিলৈকে।

“হেল্ল'” বুলি কৈ তাই সিফালৰ পৰা উত্তৰ অহালৈ বাট চালে।

“হেল্ল’! কি খবৰ, ভালে আছে?”

“ভাল ভাল। আপোনাৰ কেনে?”

“ভালেই আছোঁ।”

কিছু সময় নিৰবে পাৰ হল। দুখন বুকুত হৃদপিণ্ডৰ স্পন্দন সঘনাই হৈ থাকিল। কিমান পৰ তেনেকৈ পাৰ হল এজনেও গম নাপালে।

সদায় কিয় বাৰু তাইৰ মনটো এনেদৰে অলস হৈ পৰোতে তাৰ ফোনটো বাজে? কি সংযোগ এয়া? নিৰবতা ভংগ কৰি নীলাভে কলে ” আপোনাৰ লগত কথা পাতি ভাল লাগে মোৰ । আপোনাৰ কথাবোৰত মই কিবা এটা যেন আপোনতা বিছাৰি পাওঁ।”

“হয় নেকি?” লাজত যেন তাইৰ কাণ দুখন গৰম হৈ গৈছে। সামান্য হাঁহি এটা মাৰি তাই উত্তৰ দিলে।

“কেতিয়াবা আকৌ এনেদৰে কথা পতাৰ সুযোগ পাম নিশ্চয়?”

“OK sure, মোৰ পৰীক্ষা আহিছে সেয়ে অলপ ব্যস্ত এইকেইদিন।” বুলি কৈ পাহিয়ে ভাল কৰিলে নে বেয়া কৰিলে ধৰিব নোৱাৰিলে। সেইবাবে তাই আকৌ কৈ উঠিল

“আৰু কওক আপোনাৰ বিষয়ে। কিবা নতুন খবৰ…….. ।”

“হব বাৰু পিছত পাতিম কথা এতিয়া পৰীক্ষা আহিছে ভালকৈ পঢ়ক, পৰীক্ষাৰ শুভেচ্ছা থাকিল। অলপ দিন বাৰু আমনি নকৰোঁ।”

এইবুলি কথা বহলীয়া নকৰি সিমানতে কথাৰ ওৰ পেলাই ফোনটো কাটি দিলে নিলাভে। তাৰ যেন আজি মনটো ভৰি পৰিছে কিবা এক সীমাহীন আনন্দত। তাইৰো সমস্ত বুকুখন ডুবি পৰিছে কিবা এক মিঠা আবেগত।

বাহিৰত বতাহ আৰু বিজুলী সহ আবতৰীয়া এজাক মুষলধাৰ বৰষুণ নামি আহিল। দুয়োৰে মনটো এক নতুন আবেগত উপচি উঠিছে। ভাল লাগিছে আজি দুয়োৰে ৰাতিটো উজাগৰে কটাই। এহাল নীলা চকুৰ মাজত পাহিয়ে বিছাৰি পাইছে জীৱনৰ এক ৰঙীন অধ্যায় আৰু আপোন আপোন লগা এষাৰ মাতত নীলাভে বিছাৰি পাইছে সীমাহীন প্ৰেম। প্ৰেম হয়তো এনেকুৱাই যি কেৱল এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ বোৱাই নিয়ে প্ৰচুৰ সম্ভাৱনা ।

আজি পৰীক্ষা শেষ পাহিৰ, অলপ মনটো পাতল লাগি আছে, নীলাভক ফোন কৰাৰ কথা ভাবিলে। ভাবিয়েই তাইৰ মনটো ফৰকাল লাগি গল। হোস্টেলৰ চ্চাদৰ উপৰলৈ উঠি গল একান্তমনে কথা পতাৰ আশাত। তাই আজি বহুত কথা পাতিব, মনৰ কিছু খেলি মেলি লাগি থকা কথাৰ আঁত বিচাৰি উলিয়াব। দুয়ো সচাঁই খুউব আনন্দৰে মত বিনিময় কৰি গল, এখনে আনখন হৃদয়ৰ গভীৰতা বুজাৰ যেন এয়া উত্তম সময় আছিল।

দিনবোৰ বাগৰি গৈ থাকিল। লাহে লাহে আপুনিৰ পৰা তুমি হল, ভালপোৱাৰ আত্মপ্ৰকাশ হৈ উঠিল আৰু ক্ৰমে এই ভালপোৱা গভীৰৰ পৰা গভীৰতৰ লৈ আগবাঢ়ি গৈ থাকিল।

এখন বাছৰ দুটা সংলগ্ন আসনত আৰম্ভ হোৱা এক অজান অনুভৱে পুৰ্ণতা পালে। দুখন হৃদয় এখন হল আৰু দুটা ভিন্ন শৰীৰৰ এটা অভিন্ন মন হল। শৰতৰ জাক জাক জোনাকী পৰুৱা আৰু জোনবাইটো সাক্ষী হল এই প্ৰেমৰ। নিশা আকাশৰ নীলা আৱৰণ ফালি ওলাই অহা এমুঠি জোনাক আৰু শেৱালিৰ স্নিগ্ধ সুবাসে দেহ মন পুলকিত কৰি গল দুয়োৰে।

এয়া এক নিৰবিচ্ছিন্ন প্ৰেমৰ আৰম্ভণি মাথোঁ। আৰু বহু যোজন বাট আগুৱাই যাব লাগিব এই প্ৰেমে। পৃথিৱীৰ সমস্ত জীৱকুল ধন্য এই প্ৰেমৰ ৰাগীত কাৰণ

“প্ৰেমে নাজানে প্ৰেমৰ ঠিকনা,

প্ৰেমে মাথোঁ জানে প্ৰেমৰ পৰিভাষা।”

(কেনে পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ মন্তব্যই যথেষ্ট উৎসাহ যোগায়।

পল্লবী শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 2 = 5