পূৰ্ণিমাৰ নিশা খোলা খিৰিকীৰে

পূৰ্ণিমাৰ নিশা

খিৰিকীখন খুলি দিলো

নিমিষতে সোমাই আহি

এখিৰিকী মায়াময় জোনাকে

চেদেলি ভেদেলি কৰিলেহি

আটোমটোকাৰীকৈ সজাই থোৱা

মোৰ আপোন দুখৰ শেতেলী,

সুযোগৰ অপেক্ষাত

বুকুত সোমাই থকা

তৃষ্ণাতুৰ শব্দবোৰে

থাওকতে ওলাই গৈ

খোলা খিৰিকীয়েদি ডিঙি মেলি

পান কৰে জোনাক মদিৰা..

ভৰুণ নদী খনলৈ

যেতিয়া জোনটো নামি আহে

জোনাকৰ ৰাগী লগা শব্দবোৰে

সাজে এখন নাওঁ…

পাল বিহীন

বঠা বিহীন নাওঁখনে,

এনাওঁ জোনাক সাৱটি

পাৰি দিয়ে আপোন মনে

যাযাবৰী যাত্ৰা অসীমৰ…

জোনাকৰ ঢৌ খেলাই

ৰূপোৱালী মাছবোৰে

জাক পাতি

চুচুক চামাক কৰি আহি

খুটিয়াই চাই

জোনাকে জিলিকাই তোলা

নাৱঁৰ কুন্দত কটা শৰীৰ।

ভৰা নদীত গা ধুই

সগৰ্ভা মাছবোৰ মতলীয়া হয়

সৃষ্টিৰ চিৰন্তন আহ্বানত ,

উজানৰ অনিৰূদ্ধ উছাহত চঞ্চল

পানী যুঁৱলীত ৰৈ

মোক ৰিঙিয়াই মাতে নাওঁখনে

আজন্ম প্ৰেমিকৰ দৰে…

আঁহাচোন খোলা খিৰিকীৰে

ওলাই আহাঁ,

ক্ষণিকৰ সংগী হৈ

যাযাবৰী নৌকা বিহাৰৰ..

পাৰিলে উজাই যাম

দুয়ো বহু দূৰ দূৰলৈ

নতুবা এৰি দিম

ভটিয়নী সোঁতত…

উদযাপন কৰিম জোনাকত

হাতৰ মুঠিত বাকী থকা ক্ষণ

উজাই বা ভটিয়াই..

গভীৰ নিশা জোনৰ

কথকতাত মুগ্ধ

ৰূপকথাৰ জলকুঁৱৰী হৈ

নাৱৰ টিঙত বহিবা

দুয়ো জোনাকত জুৰাম,

লহৰে লহৰে

চিকমিকাব তোমাৰ

জলকুঁৱৰী শৰীৰ…

একেলগে দুয়ো চাম

নৈৰ পাৰে পাৰে বহা

অৰণ্যৰ ছাঁ পোহৰৰ খেলা

প্ৰাচীন গছবোৰৰ আঁৰৰ পৰা

আন্ধাৰৰ আঁচলৰে

নিজকে ঢাকি

তিৰবিৰাই জুমি চোৱা

জোনাক ভাল নোপোৱা

জোনাকী পৰুৱাবোৰ..

বিমুগ্ধ হৈ শুনিম

কুলু কুলুকৈ গোৱা

নদীৰ পাৰ উপচা

জীৱন সংগীত…

ড:বিভা চেতিয়া বৰা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

64 − = 54