শুভ জন্মদিন জাতিৰ পিতা

শুভ জন্মদিন মহাত্মা,

বহুতো ভাল লগা কথা আৰু দৰ্শণ

তুমি দি যোৱাবোৰৰ বাবেই ভালপাওঁ তোমাক ৷৷

সুতীব্ৰ আকৰ্ষণ তোমাৰ প্ৰতি মোৰ••••••

মাত্ৰ এটা কথা,

যি আদৰ্শৰে দেশখন পৰাধীনতাৰ পৰা স্বাধীন হৈছিল,

তাৰপৰা আমি যে কিমান দূৰলৈ গুছি আহিলো

তোমাৰ কাষৰ পৰা•••••

এবাৰ হিচাপ কৰিবাছোন  ৷৷৷

হিচাপ পাবলৈ সময় নালাগিব বৰ বেছি,

আমিটো সাধাৰণ মানুহ,হে জাতিৰ পিতা••••

অকনমানতেই নিজকে পাহৰি যোৱাকৈ সুখী হৈ পৰো,

তুমি মাত্ৰ এবাৰ ভাবি চোৱা

তোমাৰ পৰা আমাৰ ব্যৱধান কিমান যে বাঢ়িল•••••

আজি তোমাৰ জন্মদিন,

আমি টিভিত তোমাৰ চিনেমা চাম

অহিংসা নীতিৰ কথা শুনিম;

হস্পিতাল, অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমত ফলমূল

বিতৰণ কৰিম•••••

আৰু পুৰণি বাকচ খূছৰি খাদী পোচাক যোৰো উলিয়াই পিন্ধিম

সেইযোৰ বছৰত এবাৰেই যে পিন্ধা হয়  !!!!

আলি পদূলি, বাট পথ পৰিস্কাৰ কৰিম

তুমি দেখুৱাই যোৱা সপোনৰ ভাৰত খনৰ বাবে

তাৰপিছত••••••

কাইলৈৰ পৰা পুনৰ দূৰত্ব বঢ়াম

তোমাৰ পৰা মোলৈ

মানসিক চিন্তাৰ দূৰত্ব••••••

তথাপি শুভ জন্মদিন জাতিৰ পিতা  •••••

বাপুকন চৌধুৰী

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

15 + = 20