স্বামী বিবেকানন্দ আৰু ধৰ্ম

১৮৯৮ চন ৷৷ লাহোৰৰ নিবাসী সৰফৰাজ হুছেইনলৈ তেওঁৰ এজন বন্ধুৰ চিঠি এখন আহিল ৷৷ কোনো অস্পষ্টতা নথকা ভাষাৰে চিঠিত লিখিছিল “আমাৰ নিজৰ মাতৃভুমিৰ বাবে হিন্দু আৰু ইছলাম – এই দুই ধৰ্মৰ মহান মতাদৰ্শৰ যোগফলেই একমাত্ৰ আশা ৷৷ বেদ বেদান্তৰ মতবাদ যিমানেই সুক্ষ্ম আৰু বিষ্ময়কৰ নহওঁক কিয়, প্ৰকৃত ব্যৱহাৰিক প্ৰয়োগৰ বাবে ইছলাম ধৰ্মৰ সহযোগিতা অবিহনে অধিকাংশ সাধাৰণ মানুহৰ কাষলৈ এই মতবাদ নিয়াতো সহজ নহব ৷৷ আমি মানব জাতিক সেই স্থানলৈ নিবলৈ বিচাৰো যত বেদ নাই, বাইবেল নাই অথবা কোৰাণ শ্বৰীফো নাই ৷৷ অথচ আমাৰ এই সকলো খিনি কৰিবৰ বাবে বেদ, বাইবেল আৰু কোৰাণ শ্বৰীফ সকলোকে মিলাই এক মতবাদ কৰিব লাগিব লাগিব ৷৷

মই মনৰ চকুৰে দেখিছো, এই বিবাদ, আক্ৰমন প্ৰত্যাক্ৰমন, বিভেদ বাদ দিলে ভবিষ্যতৰ ভাৰত বৈদিক সভ্যতা আৰু ইছলামীক শক্তিৰে মহা মহিমাময় আৰু অপৰাজেয় শক্তি ৰূপে জাগি উঠিছে”

চিঠিৰ লিখক আছিল এজন গৌড় ব্ৰাক্ষ্মণ, যিয়ে এই যুগান্তকাৰী চিঠিখন লিখাৰ প্ৰায় পাঁচ বছৰ আগে মাৰ্কিণ সংবাদ মাধ্যম যোগে “Cyclonic Hindu Monk” ৰূপে বিশ্ব স্বীকৃতি লাভ কৰিছিল ৷৷ বৰ্তমান ভাৰতৰ আমাৰ সকলোৰে চকুৰ আতৰত ৰৈ যোৱা বছৰি বছৰি অসংখ্য সাম্প্ৰদায়িক সংঘৰ্ষত ক্ষতবিক্ষত আধুনিক ভাৰতৰ যিকোনো সচেতন নাগৰিকৰ বাবে অবাক হোৱাৰ কথা এইটোৱেই যে এই পত্ৰৰ লিখক আছিল স্বামী বিবেকানন্দ ৷৷

১৮৯৩ চনৰ ১১ চেপ্তেম্বৰ ৷৷ চিকাগোৰ আৰ্ট ইন্ষ্টিটিউটৰ অনুষ্ঠিত হৈছিল “বিশ্ব ধৰ্ম মহাসভা” ৷৷ তেখেতক সময় দিয়া হৈছিল মাত্ৰ তিনি মিনিট ৷৷ কিন্তু সেই দিনা আমেৰিকাবাসীৰ মন এনেকৈ আপ্লুত কৰিছিল এই যুবক জনে যে সেই ১১ চেপ্তেম্বৰৰ পিছতো আৰু পাঁচ দিন তেখেতক বক্তৃতা দিবলৈ বাধ্য কৰোৱা হৈছিল ৷৷

১৫, ১৯, ২০, ২৬ আৰু ২৭ চেপ্টেম্বৰ।৷ আমেৰিকাত তেওঁ হিন্দু ধৰ্মৰ হৈ প্ৰতিনিধিত্ব কৰিছিল কিন্তু তেখেতৰ বক্তৃতাত সমগ্ৰ ভাৰতবৰ্ষকে তুলি ধৰিছিল বিশ্বৰ সন্মূখত ৷৷

“আমি যে কেবল অন্য ধৰ্মকে সহ্য কৰো সেইটো নহয়, আমি সকলো ধৰ্মকে মনে প্ৰানে সত্য বুলি বিশ্বাস কৰো ৷৷ যি ধৰ্মৰ পবিত্ৰ সংস্কৃত ভাষাত ইংৰাজীৰ “Exclusion” শব্দটোৰ কোনো অনুবাদ কৰিব নোৱাৰি আমি সেই ধৰ্মৰ আদৰ্শৰে গৰ্বিত ভাৰতীয় ৷৷ সন্দেহ নাই স্বামী বিবেকানন্দই ধৰ্ম শব্দটোৰে সমগ্ৰ “ভাৰতীয়ত্ব”কে উপস্থাপন কৰিছিল ৷৷

তেখেতে প্ৰতিষ্ঠা কৰিছিল এক মহান “ভাৰতীয়ত্ব” ,দেশৰ সুবিশাল মহহান ইতিহাসক, এক উদাৰ সাৰ্বভৌমত্বক আৰু শুদ্ধ মানবীয় চেতনাৰ উত্তৰাধিকাৰী সকলক ৷৷

স্বামী বিবেকানন্দই তেওঁৰ সুগভীৰ ইতিহাস চেতনা আৰু অধ্যয়ণৰ পৰা উপলব্ধি কৰিছিল ভাৰতীয় সভ্যতা, সংস্কৃতি কোনো একোটা বিশেষ গোষ্ঠী, ধৰ্ম সম্প্ৰদায় বা সামাজিক শ্ৰেণীৰ একক প্ৰচেষ্টাত নিৰ্মাণ হোৱা নাই ৷৷ “প্ৰবুদ্ধ ভাৰত” নামৰ আলোচনীৰ ‘Aryans and Tamilians’ শীৰ্ষক প্ৰবন্ধত তেখেতে লিখিছিল “ভাৰতবৰ্ষ এক নৃতাত্ত্বিক সংগ্ৰাহালয়” ৷৷ “এই দেশৰ ইতিহাসত যিমান আছে অসংখ্য জাতিৰ ঘাত-প্ৰতিঘাত, সংঘৰ্ষ সিমানেই আছে অফুৰন্ত ভালপোৱা আৰু একতাৰ ইতিহাস”।৷

কাশ্মীৰ ভ্ৰমণৰ সময়ত তেওঁৰ নাঁৱৰ নাৱৰীয়া মুছলমান সম্প্ৰদায়ৰ ব্যক্তি গৰাকীৰ শিশু কন্যাক উমা দেবীৰ ৰূপত পূজা কৰিছিল (আগষ্ট, ১৮৯৮) ৷৷ মুছলমান ৰান্ধনীৰ হাতৰ খাদ্য খাবলৈকো তেওঁ কোনোদিনেই ইতস্তত:বোধ অনুভৱ কৰা নাছিল ৷৷

স্বামী বিবেকানন্দ যাৰ প্ৰকৃত নাম নৰেণ দত্ত আছিল তেওঁৰ পিতৃগৃহৰ ৰান্ধনী আছিল মুছলমান সম্প্ৰদায়ৰ ৷৷

শৈশৱৰে পৰা শিশু নৰেন্দ্ৰৰ জাত আৰু ধৰ্মৰ বিষয়ে জানিবলৈ প্ৰচুৰ কৌতুহল আৰম্ভ হৈছিল ৷৷

আৰু সেই বাবেই বিভিন্ন জাতিৰ বাবে পৃথককৈ ৰখা জমিদাৰ পৰিয়ালৰ ধপাঁতৰ গুৰগুৰী বোৰত তেওঁ মূখ লগাইছিল ৷৷

শৈশৱতে সেই মানসিকতাৰে গঢ় লোৱা নৰেন্দ্ৰ পিছলৈ স্বামী বিবেকানন্দই জাতি ধৰ্ম পাহৰি কেবল মানবতাৰ বাবেই মানব সেৱা বিসয়টোকেই শিকাইছিল মানুহক ৷৷ যিয়ে যিকোনো জাতিৰ স্বঘোষিত ধৰ্ম গুৰু বা মাতব্বৰ, বিধান দিওঁতা, ফতোৱা দিওঁতা, গোড়া ব্ৰাক্ষ্মন বা গোড়া মৌলবীৰ পৰা দূৰৈত থাকিবলৈ আহ্বান জনাইছিল মানুহক ৷৷

তেখেতে কৈছে “হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান আমি সকলোৱে একো একোটা নাদৰ ভিতৰত সোমাই আছো আৰু নাদৰ ওপৰত দেখা আকাশ খনকেই সমগ্ৰ পৃথিবী বুলি ভাবি লৈছো ৷৷”

জীৱনৰ খুউব কম সময়ৰ মাজতেই স্বামী বিবেকানন্দই বিভিন্ন ঘটনাৰ মাধ্যমেৰে প্ৰতিষ্ঠা কৰিছিল যে “ধৰ্মতকৈ দেশ আৰু দেশৰ মানুহ বহু বহু গুনেই ডাঙৰ”৷৷

বহু হাজাৰ, হাজাৰ বছৰ আগৰে পৰাই “গেৰুৱা” ৰং ত্যাগৰ আৰু মানব সেৱাৰ প্ৰতীক ৷৷ স্বামী বিবেকানন্দৰ এই গেৰুৱাৰ ধাৰণাটোক কোনো বিশেষ গোষ্ঠী, বা দলে নিজৰ ব্যক্তিগত মতাদৰ্শ প্ৰতিষ্ঠাৰ বাবে কাঢ়ি নি প্ৰচাৰ কৰাতো অন্য সম্প্ৰদায়ৰ বাবে ভুল সংকেত বা ভুল বাৰ্তা যাব ৷৷

এয়া প্ৰত্যক্ষ বা পৰোক্ষ দুই ক্ষেত্ৰতে স্বামী বিবেকানন্দৰ মতাদৰ্শৰ পৰিপন্থী ৷৷

আজিও স্বামী বিবেকানন্দৰ দ্বাৰা প্ৰতিস্থিত “ৰামকৃষ্ণ মঠ আৰু সেৱা সংঘ” ৰ নিৰলস প্ৰচেষ্টা চলি আহিছে মানব সেৱাৰ ৷৷ য’ত জাত পাত আৰু সংকীৰ্ণ ধাৰ্মিক আৰু সম্প্ৰদায়িক চিন্তাৰ স্থান নাই ৷৷

স্বামী বিবেকানন্দৰ পৰম গুৰু শ্ৰী শ্ৰী ৰামকৃষ্ণ পৰম হংস দেৱে নিজেই কোৰাণ অধ্যয়ণ কৰি ইছলাম ধৰ্মৰ গূঢ়াৰ্থ অনুভৱ কৰিছিল , সেই একেজন ব্যক্তিয়েই মা কালীৰ পূজাও কৰিছিল আৰু প্ৰভু যীশুৰো জন্মদিন পালন কৰিছিল ৷৷ সেই পৰম গুৰু ৰামকৃষ্ণ পৰম হংস দেৱে নিজৰ জ্ঞান আৰু উদাৰতাবাদৰ সমস্তখিনি প্ৰিয় শিষ্য স্বামী বিবেকানন্দক দি গৈছিল ৷৷

সেয়ে স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল “মানবতাবাদৰ ধৰ্ম”৷৷ তেওঁ মতে “ধৰ্ম অপৰিহাৰ্য্য জীৱন ধাৰণৰ বাবে কিন্তু অতিঅপৰিহাৰ্য্য নহয় সামাজিক জীৱনৰ বাবে”” ৷৷ তেওঁ ধৰ্মান্তৰণৰ বিৰোধী আছিল ৷৷ ধৰ্মবিহীন জীৱন তেওঁৰ মতাদৰ্শৰ পৰিপন্থী কিন্তু নিজৰ ধৰ্মটোৰ বাবেই আনৰ ধৰ্মক বেয়া পোৱা বা বিভেদ সৃষ্টি কৰাৰো বিৰোধী আছিল তেওঁ ৷৷ প্ৰত্যেকৰে বাবে নিজৰ ধৰ্মটো শ্ৰদ্ধা, সন্মান আৰু শ্ৰেষ্ঠত্বৰ বিষয় সেয়ে তেনেকুৱা মানসিকতাৰ কোনো মূল্য নাই যি মানসিকতাই ধৰ্মীয় চিন্তাৰ উৰ্দ্ধত গৈ ঘৃণা, বিভেদ আৰু সংঘৰ্ষৰ উন্মেষণ ঘটায় ৷৷

তেওঁ কৈছে “প্ৰত্যেকেই প্ৰত্যেকৰ ধৰ্মৰ সাৰ অংশ গ্ৰহন কৰা, অন্য ধৰ্মকো মৰ্য্যাদা প্ৰদান কৰা আৰু লগতে নিজৰ ধৰ্মৰ নিজস্বতাকো বজাই ৰাখি মৰম আৰু ভাতৃত্ববোধৰ শীৰ্ষ স্থানত উপনীত হোৱা ৷৷

বহু দিনৰ আগতেই তেখেতে কৈছিল”আনৰ ধৰ্মক আঘাত কৰা বা স্বধৰ্মক লৈ বেছি খলকনি তোলা __ দেশ আৰু জাতিৰ বাবে দুয়োটাই বিপদজনক” ৷৷

সেইবাবেই সৰ্বধৰ্ম প্ৰচাৰৰ বাবে ১৮৯৭ চনৰ পহিলা মে ৰ দিনা স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল “ৰামকৃষ্ণ মঠ” আৰু সামাজিক কল্যাণ মূলক কামৰ বাবে “ৰামকৃষ্ণ মিছন” ৷৷ এই দুয়ো অনুষ্ঠানৰ যোগেদি গুৰু ৰামকৃষ্ণ পৰম হংস দেৱৰ মহান বানী “যত মত তত পথ” অৰ্থাৎ “যিমানেই মত সিমানেই পথ” সমগ্ৰ পৃথিবীলৈকে বিয়পায় ৷৷ “যিমানেই মত সিমানেই পথ” বাক্যটিৰ মূল গূঢ়াৰ্থ হ’ল ধৰ্মীয় মতবাদ যিমানেই নহ’ওঁক কিয় প্ৰতিটো মতবাদৰ ভিতৰত মানবৰ মুক্তিৰ পথৰেই নিৰ্দেশনা সোমাই আছে ৷৷

সূত্র:

@ স্বামী বিবেকানন্দ বাণী ও ৰচনা, পঞ্চম খণ্ড, উদ্বোধন, ১৩৮৩।

@ ‘স্বামীজীৰ সহিত হিমালয়ে’ : সিস্টাৰ নিবেদিতা।

মূল বাংলা প্ৰবন্ধ: “স্বামীজী আর তার ধর্ম”

লিখক: সোমানাথ সিনহা

উৎস: ইতিহাসের অজানা তথ্য ৷৷

বাপুকণ চৌধুৰী

By