উপলব্ধি

উপলব্ধি

উপলব্ধি

খেলিমেলি চিন্তাবিলাকে গীতিকাক আজিকালি হতাশ কৰে ৷ তেতিয়া ভাবে, কৰবাত তাই বেয়াকৈয়ে পৰাজিত হৈ গ’ল ৷ কিন্তু ক’ত কেনেকৈ হ’ল তাই ধৰিব নোৱাৰে ৷ অনুভৱে মাজে মাজে তাইক চঞ্চল কৰিও পেলায় ৷ বিক্ষিপ্ত অস্থিৰতাৰ মাজত যেনিবা এটা সত্য বিচাৰি পায়; তাইৰ দৃঢ়তা ৷ কিন্তু কিছুসময়ৰ বাবে ৷ পিছতেই আকউ অস্থিৰতা ৷ প্ৰকাশ কৰি পাতলাবলৈও নোৱাৰে তাই ||

উপলব্ধিয়ে এতিয়া জীৱনৰ পথিকৃৎ ৷ ক্ষন্তেকীয়া উন্মাদনাই প্ৰশস্ত কৰি তোলা তাইৰ নীৰৱ সত্বা ক্ৰমে হৈ উঠে মনুষ্যত্বৰ অনুভূতি ৰক্ষা কৰিব নোৱাৰা একো একোটা জঁকা ৷ সময়ৰ অৱবাহিকাত প্ৰেমৰ সুৰটিও সুদীৰ্ঘ সময়ৰ স্মৃতি হৈ গ’ল ||

জেইলৰ পৰা ওলোৱা সুব্ৰতক প্ৰথমবাৰ লগ পাওঁতেই এটা নিৰ্মোহ সত্য গীতিকাই বুজিব পাৰিছিল; যিহৰ কাৰণে তাই তাৰ কাষ চাপি গৈছিল, সেই গুণ যেন মনৰ পঙ্কিলতাত হেৰাই গ’ল ৷ সমাজৰ পৰিবৰ্ত্তন অনাৰ দায়িত্ব লোৱা দেশৰ আৰু দহৰ উপকাৰ কৰিব খোজা তাইৰ হৃদয়ৰ ৰজাজন ৰাতিৰ আন্ধাৰত অজগৰ ৰূপ লৈ ওলাই আহিল ৷

গীতিকাই পিছত গম পালে, সুব্ৰতই হঠাতে আত্মসমৰ্পণ কৰি বুলি ওলোৱা কথা মিছা নহয় ৷ সিদিনা তাই কান্দিছিল ৷ লাহে লাহে সুব্ৰত চাৰিচকীয়া ছয়চকীয়া বিলাসী বাহনৰ মালিক হৈ পৰাৰ বিপৰীতে গীতিকাৰ মানসিক সুস্থিৰতা নাইকীয়া হৈ আহিছিল ৷ ধূসৰতাই ছানি ধৰি আনিছিল তাইৰ প্ৰেমময় আকাঙ্ক্ষাক ৷ সুব্ৰত অবিহনে কেনেকৈ বৰ্ণময় কৰি তুলিব পাৰি জীৱন, মানুহৰ চকুত জীয়াই থকাৰ প্ৰেৰণা হিচাবে নিজকে সজাই তুলিব পাৰে সেই চিন্তাত ব্ৰতী থকাৰ মূহুৰ্তত এদিন সু্ব্ৰতই চিৰ-আকাঙ্ক্ষিত তাৰ প্ৰস্তাৱটো গীতিকালৈ থেলি দিছিল ||

সমাজ ব্যৱস্থাৰ ব্যস্ততাৰ কাৰণে বহু কথা পাহৰি গ’লেও কিছুমান চিন্তা-ভাৱনাই মনৰ মাজত গুজৰি থাকে ৷ গীতিকাই লগে লগে একো নক’লেও বিবেকৰ নিৰ্বাচিত হৈ থকা কথাবিলাকক নিৰ্বাসিত নকৰি ইতিমধ্যে তাইৰ সিদ্ধান্ত লৈ পেলাইছিল ||

“অতীতত সূৰ্যৰ পোহৰ বিচাৰিছিলোঁ। কিন্তু মই বিচৰা নাছিলো সেয়া তোমাৰ ক্ষন্তেকীয়া অস্তমিত ৰবি হওক ৷” সেইদিনা সুব্ৰতক কথাখিনি কওঁতে চকুত জিলমিলাইছিল চকুলোৰ ডাৱৰ ৷ এতিয়াতো তাইৰ জোনৰ পোহৰেই প্ৰিয় ৷ অন্ততঃ জোনে সঔৰ্যা উমান দিয়ে ৷ নিৰূদ্দেগ চিত্তে সেইদিনা খুব লাহে লাহে গীতিকা তাৰ কাষৰ পৰা আঁতৰি গৈছিল ৷ দূৰৈৰ বাটৰ কেকুঁৰিত অদৃশ্য নোহোৱালৈকে তাইলৈ চাই থাকি সি হয়তো ভাবিছিল তাইৰে কথা ৷ সি কল্পনাও কৰিব নোৱাৰিছিল গীতিকাই তাৰ ঐশ্বৰ্য্যক একাশৰীয়া কৰি এনেদৰে প্ৰত্যাখ্যান কৰিব বুলি ৷

তাইক সুখী কৰিব বুলিয়েই সি আখৰা চলাই গৈছিল ৷ সেই কথা ভাবি হয়তো মনেৰে ধাৰণা কৰিছিল অন্য হাজাৰজনী ছোৱালীৰ দৰে গীতিকায়ো সুদৃশ্য ঘৰ এটাৰ, বিলাসী কাৰ ইত্যাদিৰ সপোন দেখে ৷ সেই কাৰণে বিপ্লৱীৰ ভাওঁ শেষ কৰি সি উভতি আহিল ||

হাঁহি উঠি যায় গীতিকাৰ ৷ তাই সুব্ৰতলৈ অপেক্ষা কৰিছিল ৷ সপোন দেখিছিল এখন সুন্দৰ সুখী পৰিয়ালৰ ৷ কিন্তু তাইৰ অনুভূতি আৰু চিন্তাৰ বাস্তৱতাক সি উপলুঙা কৰাতো তাই সহ্য কৰিব নোৱাৰিলে ৷ তথাপি একো নক’লেহেঁতেন! কিন্তু যিদিনা তাৰ বৈভৱৰ কথা, তাৰ প্ৰস্তাৱৰ যোগে তাইক শুনালে, তাই প্ৰতিবাদ নকৰি নোৱাৰিলে ৷ ভৱিষ্যত নিৰাপত্তা তাইক লাগে সঁচা, কিন্তু ছোৱালী হ’ল বুলিয়েই সকলোকে একেটা শাৰীত ৰাখি সি ভবাৰ দৰে হ’লে নহ’ব ৷ তাই নীৰৱে থাকিব নোৱাৰিলে ||

কেতিয়াবা গীতিকাৰ ভাগৰি পৰা যেন অনুভৱ হয় ৷ কি কৰিব বাৰু তাই ! সুব্ৰতৰ কাষ চাপিব নেকি? তাই কামনা নকৰে সুব্ৰত ওচৰত থাকক ৷বৰ্ত্তমানৰ এই জীৱন তাই নিজেও বিচৰা নাছিল ৷ সেই কাৰণে নিৰ্জনতাবোৰলৈ তাইৰ বৰ ভয় লাগে; তাই সংকুচিত হৈ পৰে ৷ মনত এটা অভাৱ অনবৰত প্ৰকট হৈ উঠে, অৰ্থহীনভাবে – কেতিয়াবা তাইৰ প্ৰতিও সুব্ৰত হিংস্ৰ হৈ উঠিব নেকি? প্ৰতিৰোধ জানো তাই কৰিব পাৰিব ! তেনেকুৱা বোবা মূহুৰ্ত কিছুমানে চাৰিও দিশৰ পৰা তীব্ৰভাবে আক্ৰমণ কৰি তাইক যেন গিলি পেলাব খোজে ৷তেতিয়া তাই উত্তেজিত হৈ পৰে ৷

ল’ৰা হোৱাহেঁতেন কিজানি তাইও অলপ এক্সাইটমেণ্ট বিচাৰিলেহঁতেন ! বিচাৰিলেহেঁতেন ’দবলপেগ’ হুইস্কী ব্ৰান্দি ৰাম এণ্ড হোৱাট ন’ট? গীতিকাই কিন্তু একো নোৱাৰে ৷ (কাৰণ তাই নাৰী ) সেই কাৰণেই তাই সম্পৰ্ক ৰাখিব নোৱাৰে সুব্ৰতৰ দৰে স্বেচ্ছাচাৰী যুৱকৰ সতে ||

গভীৰ প্ৰত্যয় আৰু দৃঢ়তাৰে হৃদী ভালপোৱাৰ স্মৃতি বুকুত গোপন কৰি, শূন্যতাকে আকোৱালী তাই বাচি থাকিব ৷ বিয়া নামৰ মিউচুৱেল আন্দাৰষ্টেণ্ডিঙক দোহাই সুব্ৰতৰ স্বেচ্ছাচাৰিতাৰ সহযোগী তাই হ’ব নোখোজে। অন্ততঃ স্বাৰ্থপৰৰ দৰে ক’ম্প্ৰমাইজ তাই নকৰে ৷নহ’লে যে তাই থিয় দিবলৈ থকা মাটিকণ ঢিলা হৈ গৈ থাকিব ৷ তাই সোমাই গৈ থাকিব, তাই পিছলি থাকিব গভীৰৰ পৰা গভীৰতৰ পঙ্কিল পিতনিত || #

[ দ্ৰষ্টৱ্য : ১৯৯৭ চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ বিশ্ববিদ্যালয় সপ্তাহ সমাৰোহত সাহিত্য বিভাগে আয়োজন কৰা চুটিগল্প প্ৰতিযোগিতাত এই গল্পটোৰে শ্ৰেষ্ঠগল্পৰ বঁটা পাইছিলোঁ ৷]

প্ৰকাশঃ

Post Graduate Students’ Journal,

Guwahati University. 1997

44th issue, (Editor) Lakshmi Narayan Das.

ISBN 81-900835-0-3

✍ জয়ন্ত কুমাৰ দাস

🏠

By