সোনার পাহাড় (সোণৰ পাহাৰ), Movie Review

সোনার পাহাড়

সোনার পাহাড়

এটা সময়ত নিচেই কাষত থকা মানুহবোৰো দূৰ হৈ যায়, কেতিয়াবা থাপ মাৰি ধৰি ৰাখিবও নোৱাৰি সম্পৰ্কবোৰক ৷৷ আমি কওঁ মানুহ সলনি হৈ যোৱা বুলি কিন্তু সলনি হয় জানো মানুহ? যদি নহয় তেন্তে কিয় তিক্ততা আহে সম্পৰ্কবোৰৰ মাজত? আছলতে আমি কোনেও কাৰোৰে পৰা আতৰি নাযাওঁ, আমি হেৰাই যাওঁ কেতিয়াবা জীৱনৰ পথত  !!

“মানুহ ডাঙৰ হোৱা মানেই চাগে হেৰাই যোৱা”

সত্তৰ পয়সত্তৰ বছৰীয়া উপমা মূখাৰ্জীয়ে তেনেকৈয়ে ভাবে ৷৷ একমাত্ৰ পুত্ৰ সন্তানক লৈ গাভৰু কালতে বিধবা হোৱা লাইব্ৰেৰীয়ান হিচাপে চাকৰি কৰি অৱসৰ লোৱা উপমাই জীৱনটোত একমাত্ৰ সন্তান সৌম্যৰ বাহিৰে নিজাকৈ একোৱে নাভাবিলে ৷৷

অভাৱ অনাটনৰ সেই দিনবোৰত মাক

পুতেকে ৰাতি কল্পনা কৰিছিল সোণৰ পাহাৰলৈ গুপ্ত ধনৰ সন্ধানত অভিযান কৰাৰ কথা ৷৷

সোণৰ পাহাৰ মানে কাঞ্চণজংঘা যিয়ে আবেলিৰ অস্তমিত সুৰুযৰ পোহৰত সোণালী বৰণ লয় ৷৷ সৌম্যয়ো ভাবিছিল ৰবীন্দ্ৰ নাথৰ “বীৰ পুৰুষ” কবিতাটোৰ দৰেই এদিন বীৰৰ দৰে সি সোণৰ পাহাৰত উপস্থিত হব মাকৰ সৈতে ৷৷

সৌম্য ডাঙৰ হল, নিজৰ পচন্দত বিয়া পাতিলে আৰু এদিন সত্তৰ পয়সত্তৰ বছৰীয়া উপমা মূখাৰ্জীক বনকৰা মহিলা নমিতাৰ সৈতে এৰি পত্নীৰ লগত ফ্লেটলৈ গুছি গল ৷৷

ঘটনাক্ৰমত উপমাৰ পুত্ৰৰ স্কুলীয়া দিনৰ সহপাঠী ৰণদীপে উপমাৰ নিসংগতা দূৰ হওঁক বুলি ৰাতিপুৱা থৈ গধুলি লৈ যোৱাৰ নিয়মেৰে তেওঁলোকৰ NGO’ৰ অনাথ আৰু HIV+ শিশু বিটলুক থৈ যায় উপমাৰ সতে ৷৷

উপমাৰ নিসংগ জীৱনত শিশু পুত্ৰৰ স্থান লবলৈ আৰম্ভ কৰে বিটলুৱে ৷৷ পুনৰ আৰম্ভ হয় সোণৰ পাহাৰৰ অভিযান, এইবাৰ কিন্তু সাত বছৰীয়া পুত্ৰ সৌম্যৰ স্থান দখল কৰে অনাথ শিশু বিটলুৱে ৷৷

এদিন উপমা আৰু বিটলু গুছি যায় দাৰ্জিলিঙলৈ সোণৰ পাহাৰৰ বাস্তৱ অভিযানত কাকো নোকোৱাকৈয়ে  ৷৷

কলকাতাত হাঁহাকাৰ হয় উপমাৰ পুত্ৰ সৌম্য বোৱাৰী মৌমিতা আৰু NGO ৰ ৰণদীপৰ ৷৷

লাহে লাহে সৌম্যৰ মনলৈ আহে মাতৃৰ কাষৰ পৰা আতৰি সি কিমান দূৰলৈ গুছি গ’ল, একপ্ৰকাৰ শৈশবৰ সৌম্যৰ পৰা সি হেৰাই গল••••

সাধাৰণতে আমাৰ চৌপাশৰ ঘটনাবোৰত বা চিৰিয়েল চিনেমাত এনেধৰণৰ কাহিনীত হয় পুত্ৰ বেয়া, নহলে বোৱাৰী বেয়া অথবা মাক জনী বেয়া ৰূপত দেখা পাওঁ ৷৷ কিন্তু পৰমব্ৰত চট্টোপাধ্যায়ৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনা আৰু অভিনয় (ৰণদীপ) ৰ “সোনার পাহাড়” ৰ বৈশিষ্ট হল ইয়াত মাতৃ পুত্ৰ বোৱাৰী সকলোৱেই ভাল ৷৷ সকলো পৰিপক্ক, বুজন আৰু দায়িত্বশীল কিন্তু তাৰপিছতো এটা ব্যৱধান ••••

সম্পূৰ্ণ চিনেমাখন এসময়ৰ জনপ্ৰিয় সহ নায়িকা অভিনেত্ৰী তনুজা মূখাৰ্জী (অভিনেত্ৰী কাজলৰ মাতৃ) যাদুকৰী অভিনয়ৰ চমকেৰে পৰিপূৰ্ণ ৷৷ Boston International Film Festival ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা ছবিখনত তনুজা মূখাৰ্জীৰ সমানেই সুন্দৰ আৰু সপ্ৰতীভ অভিনয় পুত্ৰ সৌম্যৰ চৰিত্ৰত যীচ্চু সেনগুপ্তা, ৰণদীপৰ চৰিত্ৰত পৰমব্ৰত চট্টোপাধ্যায়  ৷৷

ছবিখনৰ প্ৰথম দৃশ্যটোত বাথৰুমত পিছল খাই পৰি বনকৰা মহিলা নমিতাক বিচাৰি উপমাৰ চিয়ঁৰটোতেই পৰিচালকে সফলভাবে বুজাই কৰ্কশ আৰু জীৱনৰ মিঠা স্বাদ হেৰাই পেলোৱা এগৰাকী সত্তৰোদ্ধৰ নিসংগ মহিলাৰ অৱস্থিতি  •••••

পৰমব্ৰত চট্টোপাধ্যায়ৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনা আৰু অভিনয় সমৃদ্ধ “সোনার পাহাড়” তেওঁৰ নিজৰেই জীৱন কাহিনী বুলি কয় কিন্তু “সোনার পাহাড়” চিনেমাখনে বহুতৰে আপোন  সম্পৰ্কৰ তিক্ততাৰ যোগাত্মক বিশ্লেষণ আনি দিবলৈ সক্ষম হব পাৰে বুলি ভাবিব পাৰি  ৷৷

চিনেমাখনৰ দূৰ্বল দিশটো চিনেমাটোগ্ৰাফী••••

 বাপুকন চৌধুৰী

🏠

Sonar Pahar is a Bengali film that beautifully encapsulates the essence of relationships, personal growth, and the enduring power of human connections. Directed by Parambrata Chattopadhyay, the movie presents a heartfelt narrative that resonates deeply with audiences of all ages.

Plot Summary

The story revolves around Upama (played by Tanuja), an elderly woman who lives alone, estranged from her son Soumya (played by Jisshu Sengupta). Her solitary existence is disrupted when she meets a young boy, Bitlu (played by Srijato Bandopadhyay), who brings a refreshing burst of life into her monotonous days. Bitlu’s innocence and zest for life remind Upama of her younger self, leading to a transformative friendship that bridges the generational gap.

Characters and Performances

Tanuja delivers a stellar performance as Upama, embodying the character’s complexities with grace and authenticity. Her portrayal of an old woman grappling with loneliness and longing for her son’s affection is both poignant and powerful. Srijato Bandopadhyay as Bitlu is equally impressive, bringing a natural charm and energy that lights up the screen. Their on-screen chemistry forms the crux of the movie, making their interactions genuinely heartwarming.

Jisshu Sengupta and Parambrata Chattopadhyay (who also plays a key role) provide strong supporting performances that add depth to the narrative. The strained relationship between Upama and her son is explored with sensitivity, highlighting themes of misunderstanding and reconciliation.

Direction and Cinematography

Parambrata Chattopadhyay’s direction is commendable, capturing the nuances of the characters’ emotions and the beauty of their evolving relationships. The film’s pacing is deliberate, allowing viewers to immerse themselves fully in the story. The cinematography by Soumik Haldar enhances the narrative with its stunning visuals, capturing the picturesque landscapes of Bengal and the intimate moments between the characters.

Themes and Message

At its core, Sonar Pahar is a story about the rediscovery of joy and purpose through unexpected friendships. It emphasizes the importance of empathy, understanding, and the healing power of companionship. The movie also subtly addresses issues of aging, loneliness, and the often-overlooked emotional needs of the elderly.

Music and Soundtrack

The film’s music, composed by Anupam Roy, complements the narrative beautifully. The songs are soulful and evocative, enhancing the emotional depth of the story. The background score seamlessly blends with the film’s mood, making the viewing experience even more immersive.

Conclusion

Sonar Pahar is a touching and memorable film that leaves a lasting impact on its audience. It is a testament to the power of storytelling and the ability of cinema to foster empathy and understanding. With its compelling performances, heartfelt narrative, and beautiful visuals, Sonar Pahar is a must-watch for anyone seeking a profound and moving cinematic experience.

In a world where superficial connections often overshadow meaningful relationships, Sonar Pahar reminds us of the simple yet profound joys that come from genuine human connections. It is a film that will make you laugh, cry, and, most importantly, reflect on the bonds that truly matter in life.

 

By