শিহৰণকাৰী বাঞ্জি জাম্পিং​

শিহৰণকাৰী বাঞ্জি জাম্পিং

শিহৰণকাৰী বাঞ্জি জাম্পিং​ – আজ কুছ তুফানী কৰতে হ্যেই’।এটা সম্প্ৰচাৰিত জনপ্ৰিয় বিজ্ঞাপন।

য’ত দুঃসাহসিক কৰ্ম কৰা দেখাই বিজ্ঞাপনটোত অভিনীত নায়কজনে।ঠিক একেদৰেই এনে ৰোমাঞ্চকৰ দুঃসাহসিক কৰ্ম এটা কৰাৰ ইচ্ছা সকলোৰে থাকে।এনেধৰণৰ ৰোমাঞ্চকৰ উত্তেজনাপূৰ্ণ দুঃসাহসিক কৰ্মৰ যোগেদি মনোৰঞ্জন লোৱাৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহৰ নাগৰিকসকল কিন্তু আমাৰ লোকসকলতকে  যথেষ্ট আগৰণুৱা।তেওঁলোকে এনেধৰণৰ এডভেঞ্চাৰ প্ৰিয় ক্ৰীড়াশৈলীত এক প্ৰকাৰৰ সিদ্ধঃহস্ত।

 পিচে এইক্ষেত্ৰত অৱশ্যে আমাৰ দেশ পিচপৰি ৰোৱা নাই বৰ্তমানে।ৰোমাঞ্চকৰ দুঃসাহসিক কৰ্ম কৰি ভালপোৱাসকলৰ বাবেই এনে এক ক্ৰীড়া শৈলী হৈছে বাঞ্জি জাম্পিং।প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ তথা সুউচ্ছ  ঠাই এডোখৰ ওপৰৰ পৰা কেবাশ ফুট তললৈ জপিয়াই কৰা এক আনন্দ-উল্লাস এয়া।

 প্ৰকৃতাৰ্থতে সু প্ৰশিক্ষিত প্ৰশিক্ষক তথা দেহত কপকপীয়াকৈ এডাল ৰচীৰে বান্ধি এক বিশেষ ব্যৱস্থাৰ দ্বাৰা ওপৰৰ পৰা যথেষ্ট তললৈ দলিয়াই দিয়া হয় বাঞ্জি জাম্পিঙত অংশ লোৱা গৰাকীক।এনেধৰণে জপিওৱা অংশগ্ৰহণকাৰীসকলক এই বাঞ্জি জাম্পিং প্ৰতিষ্ঠানে বিশেষ ব্যৱস্থা গ্ৰহণেৰে তেওঁলোকৰ জীৱনৰ নিশ্চিত সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। সেই বাঞ্জি জাম্পিঙেই শেহতীয়াকৈ দেশত যথেষ্ট জনপ্ৰিয় হ’বলৈ ধৰিছে অত্যুৎসাহী তথা ৰোমাঞ্চক একাংশ লোকৰ মাজত।

 সুন্দৰ প্ৰাকৃতিক পৰিৱেশত পৰ্ব্বতৰ শিখৰৰ এটা কোণৰ পৰা যেতিয়া তললৈ তীব্ৰ গতিত বাঞ্জি জাম্পিং কৰোতাজন ধাৱমান হ’ব সেই সময়ৰ পৰিৱেশেই অনন্য হৈ পৰিৱ।সেয়া ভাবিলেই এক অজান শিহৰণে আগুৰি ধৰে সকলোকে।অৱশ্যে এই কাৰ্য কম ধাতুৰ প্ৰাণীসকলৰ বাবে নহয়।যি এইধৰণৰ কাৰ্যৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰে তেওঁলোকৰ বাবেই দেশত শেহতীয়াকৈ কেবাঠাইতো এনে ৰোমাঞ্চকৰ তথা শিহৰণকাৰী বাঞ্জি জাম্পিং ক্ৰীড়াশৈলীৰ ব্যৱস্থা কৰা হৈছে।

 শেহতীয়াকৈ আমাৰ দেশৰেই পৰ্যটনৰ মনোৰমস্থলী গোৱাত আৰম্ভ হৈছে এনে দুঃসাহসিক মনোৰঞ্জন ক্ৰীড়াৰ দ্বিতীয়টো স্থান।উল্লেখ্য যে,গোৱা বুলিলেই সকলোৰে মনত সমুদ্ৰৰ নীলিম জলৰাশিত কৰা ৰোমাঞ্চকৰ ক্ৰীড়াৰ কথাহে মনলৈ আহে।

 পিচে সময় এতিয়া সলনি হ’ল।উত্তৰ গোৱাৰ মনোৰম পৰিৱেশত মায়িম হ্ৰদৰ পাৰতেই গোৱা পৰ্যটন উন্নয়ন প্ৰতিষ্ঠানৰ উদ্যোগত তথা জাম্পিং হাইটচৰ সহযোগত ৫৫মিটাৰ উচ্চতা সম্পন্ন বাঞ্জি জাম্পিং কেন্দ্ৰ মুকলি কৰা হৈছে এডভেঞ্চাৰ প্ৰিয় পৰ্যটক সকলৰ বাবে।ইতিপূৰ্বে জাম্পিং হাইটচ প্ৰতিষ্ঠানে ২০১০বৰ্ষত হৃষীকেশত ৮৩মিটাৰ উচ্চতাৰ সৰ্বাধিক উচ্চতাত থকা বাঞ্জি জাম্পিং ক্ৰীড়াশৈলী আৰম্ভ কৰিছিল।ইফালে অত্যুৎসাহী এডভেঞ্চাৰ প্ৰিয় পৰ্যটকে হৃষীকেশৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিৱেষ্টিত এই বাঞ্জি জাম্পিং কেন্দ্ৰ পৰা ৮০,০০০তকৈ অধিক বাৰ জপিয়াই নিজৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰি থৈছে।

 সেইদৰে আন এক বাঞ্জি জাম্পিং কেন্দ্ৰ হৈছে বাংগালুৰুত অৱস্থিত অ’জন এডভেঞ্চাৰ।এই বাঞ্জি জাম্পিং কেন্দ্ৰত ২৫মিটাৰ উচ্চতাৰ পৰা বাঞ্জি জাম্পিঙৰ সুবিধা আগবঢ়োৱা হয় এডভেঞ্চাৰ প্ৰিয় সকলৰ বাবে। এই কেন্দ্ৰত জাম্পিং হাইটৰ পৰিৱৰ্তে ১৩০ফুট ওখ এক বিশেষ চলন্ত ক্ৰেনৰ সৈতে জাম্পিং প্লেটফৰ্মক সংযোগ কৰি এই দুঃসাহসিক কাৰ্য কৰোৱা হয় খেলবিধৰ প্ৰতি আগ্ৰহীসকলক।

 আকৌ ভাণ্ডাৰল’ষ্ট অপাৰেটৰ হৈছে দিল্লীস্থিত আন এক বাঞ্জি জাম্পিং কেন্দ্ৰ।তেওঁলোকৰ দাবী অনুসৰি ১৯৯৯চনৰ পৰাই এই ধৰণৰ বাঞ্জি জাম্পিং ক্ৰীড়া শৈলীত এডভেঞ্চাৰ প্ৰিয় লোকসকলে ভাগ লৈ আহিছে।সেইগতিকেই দেশৰ পুৰণি বাঞ্জি জাম্পিং কেন্দ্ৰ বুলি ভাণ্ডাৰল’ষ্ট অপাৰেটৰে নিজকে দাবী কৰি আহিছে।

 হিম্বলি কেম্প।মানালিৰ বাহাঙত অৱস্থিত।হিমাচল প্ৰদেশৰ পাহাৰত থকা এই কেম্পৰ জৰিয়তে বাঞ্জি জাম্পিঙৰ শিহৰণকাৰী আমেজ ল’ব পাৰে এনে ৰোমাঞ্চকৰ কাৰ্য কৰি ভাল পোৱা সকলে।এই হিম্বলি কেম্পৰ জাম্পটোৰ আনুমানিক উচ্চতা ২৫মিটাৰ হৈ যদিও সেয়া যথেষ্ট শিহৰণকাৰী।

 গ্ৰেভিটী এডভেঞ্চাৰ জ’ন।গোৱাৰ অঞ্জনা উপত্যকাত অৱস্থিত এই গ্ৰেভিটী এডভেঞ্চাৰ জ’ন হৈছে সৰ্বাধিক দুঃসাহসিক ভৌগলিক পটভূমি।২৫মিটাৰ উচ্ছতাৰ এই বাঞ্জি জাম্পিং ক্ষেত্ৰত পৰ্যটকৰ যথেষ্ট আগমন হোৱা পৰিলক্ষিত হয়।

 বিশেষকৈ বাঞ্জি জাম্পিং দুঃসাহসিক ক্ৰীড়াই দেশত চালুকীয়া অৱস্থাৰ পৰা এই পৰ্যায় পাইছে বৰ্তমান।পশ্চিমীয়া দেশত যথেষ্ট জনপ্ৰিয় এই ক্ৰীড়াশৈলীৰ প্ৰতি আমাৰ দেশৰ যুৱচামৰ যথেষ্ট আকৰ্ষণ আছে।সেয়েহে পৰ্যটন ব্যৱস্থাৰ নতুন চমক এই বাঞ্জি জাম্পিঙে এটা সময়ত সমগ্ৰ দেশৰেই প্ৰকৃতিৰ মনোৰম ঠাইসমূহত গঢ়ি উঠি পৰ্যটক তথা স্থানীয় লোকসকলক যে আকৰ্ষণ কৰিব সেইটো নিশ্চিত।

 এতিয়াও দেশৰ সৰহ সংখ্যকৰ বাবেই এই শিহৰণকাৰী খেল একেবাৰেই নতুন।সেইগতিকে এনে বাঞ্জি জাম্পিং ক্ৰীড়াত যথেষ্ট সাৱধনতা অৱলম্বনো কৰি আহিছে প্ৰতিষ্ঠানসমূহে।অভিজ্ঞতাপুষ্ট নিঃপুন প্ৰশিক্ষকৰ তত্বৱধানত এই ৰোমাঞ্চকৰ দুঃসাহসিক বাঞ্জি জাম্পিংত অংশগ্ৰহণ কৰিবলৈ দিয়া হয় আগ্ৰহীকসকলক। সম্প্ৰতি এনেধৰণৰ ক্ৰীড়াশৈলীত যুৱচামে অংশগ্ৰহণেৰে এক নতুনত্ব ভৰা ৰোমাঞ্চকৰ পৰিৱেশৰ সোৱাদ ল’ব পাৰে।

  1. Extreme Sport: Bungee jumping is an extreme sport where a person jumps from a tall structure, such as a bridge or crane, while connected to a long elastic cord.
  2. Safety Gear: Participants wear safety gear, including a harness and ankle attachments, to prevent injury during the jump.
  3. Free Fall: After the jump, the cord stretches and recoils, allowing the jumper to experience a free fall before the cord slows and stops their descent.
  4. Adrenaline Rush: Bungee jumping provides an adrenaline rush and a sense of thrill and excitement.
  5. Popular Activity: It is a popular activity among adventure seekers and tourists looking for an exhilarating experience.
  6. Physical and Mental Challenge: Bungee jumping can be a physical and mental challenge, requiring courage and overcoming fear.
  7. Safety Precautions: Operators follow strict safety precautions to ensure the safety of participants, including regular equipment checks and trained staff.
  8. Locations: Bungee jumping is offered at various locations worldwide, including natural and man-made structures.
  9. Health Considerations: Individuals with certain health conditions, such as heart problems or pregnancy, are advised against bungee jumping.
  10. Experience: Overall, bungee jumping offers a unique and unforgettable experience for those willing to take the plunge.

প্ৰাণজিৎ ডেকা

🏠

By