মাজুলী, ২০২১
মন গ’লেও কলৈকো যাব নোৱাৰোঁ,
চৌদিশে পানীহে জলেমলায় অ’, বোপাই !
মন গ’লেও যাব নোৱাৰোঁ ওলাই।
তহঁতে হে কৱ’
সৰু হৈ অহা পৃথিৱীৰ কথা,
বোপাই অ’, আমাৰচোন বাটটোৱে নাই
ধৰণী চোৱাৰ !
যি ফালে চকু থওঁ,
সাগৰহেন বন্ধ দুৱাৰ ৷
কলৈনো যাম কেনিনো চাম
কেতিয়াকে দেখা পাম কাক
ক’ব নোৱাৰোঁ বোপাই !
আমাৰ যন্ত্ৰণাৰ এচোৱা
পাৰ যদি তইও কবিচোন ৰাজহাউলীত !
চোৱাৰীৰ এচাৰিৰ মিছা আৱাজতো
দৌৰে প্ৰশাসনৰ য’ত ঘোঁৰা ৷
পাৰ যদি তইও কবিচোন
কিজানি কিঞ্চিৎ সলনি হয়েই আমাৰ জীৱন ৰেখা !
সেউজীয়া চাবলৈ কলৈ যাম
জীৱনৰ মাধুৰী চুবলৈ ক’ত পাম
ক’ব পাৰে মাথোঁ অধিকাৰ প্ৰভূৰ কৃপাইহে জানা?
নিজৰ বাটে গ’লেই কেণা লগায়
প্ৰভুৰ ঘাটত স্নান কৰা দাইটিহ’তে অ’ বোপাই ৷৷
আমিবোৰ বোলে ঐতিহ্য,
চৰকাৰী বিশিষ্ট সকলৰ বাবে ৷
আমাৰ সুৰক্ষাৰ সন্ধানত
তেওঁলোকে ফুৰে দেশে বিদেশে ৷
পুৱতী সুৰুযে হাঁহিলে টিঙৰ নতুন মুধচ জিলিকে ৷
তেওঁলোকৰ অকনো নালাগে ভাল ৷ কাৰণ,
আমিবোৰ বোলে কিবা ঐতিহ্য !
এলটিচিত আহোঁতে গাঁওৰ দুখীয়া পঁজাত বহি
ফটিকা পান তেৰাসৱৰ শৈল্পিক হেঁপাহ ৷
মাল্টিপ্লেক্সত জীৱন বিচাৰি পোৱা এনআৰআই,
বা, তেওঁলোক প্ৰৱাসৰ অসমীয়া ৷
আমিবোৰ হেনো ঐতিহ্য!
সাহিত্যৰ পাঠ দিয়া অধ্যাপকজনে
সাঁকোহীন দ্বীপক কৃষ্টিৰ কৱচ পিন্ধাই
লিখে সংহতিৰ কাব্যসম্ভাৰ ৷
আমিবোৰ বোলে ঐতিহ্য,
মন গ’লেও দলঙীবাট বুলিব নোৱাৰা জীৱ
সাতুৰিবহে পাৰোঁ আমি যে সেউজ বালিচৰৰ গৰাকী, যাপিবই লাগিব এই জীৱন ৷
আমিবোৰ হেনো কিবা ঐতিহ্য,
সাঁকোৰে ফুৰি-চাকি আহোঁতে সত্ৰ অশুচি হয় ৷
কিজানি সেয়ে দুহাত আঁতৰৰ
ছায়াহীন বাটেটোয়েদি অধিকাৰ প্ৰভূ আগুৱায় !
কেনেকৈযে জানিছিল ইমান আগেয়ে,
যিটো বাটে গ’লে ক’ৰোণাও নাহে ৷
কথাটো ভাবি বৰ আচৰিত লাগে?
আমিবোৰ হেনো কিবা ঐতিহ্য !
ক্ষুদ্ৰ আমাৰ দ্বীপময় পৃথিৱীলৈ আহি
দেশী বিদেশী মানুহে ডলাৰ ভৰাই সিধা দিব ৷
মলাই দাদা কৰবাতে ৰব ৷
লোকে কয়, মাজুলীৰ বাসিন্দা আমি ৷
আমিবোৰ বোলে কিবা ঐতিহ্য !
এদিন শংকৰদেউ আহিছিল,
থাপিছিল ইয়াতে সদলবলে ঈশ্বৰৰ ঠিকনা ৷
দলঙৰ সপোন দেখুৱাই
সৰ্বাদাই সোঁৱৰালে হৰিষেৰে ঐতিহ্য-চেতনা ৷
আমিহে নাজানিলো আমাৰ খিয়াতিৰ ৰেখা ! খিয়াতিৰ ৰূপকথা হ’ল বিশ্ব বিয়পা !!
✍ জয়ন্ত কুমাৰ দাস