মহালয়া
সৰ্ব পিত্ৰ অমাৱস্যাৰ পুৱতি নিশা
দুৰ্গতিনাশিনী মা দুৰ্গাৰ
সৰগৰ পৰা মৰ্ত্যলৈ আগমন !
চণ্ডী পাঠ, মন্ত্ৰোচ্চাৰণ আৰু আন্তৰিক শ্ৰদ্ধা, ভক্তিৰ ষোড়শোপচাৰেৰে
তোমাৰ চৰণ সিক্ত কৰি
কাকূতি কৰো মা,
মৰ্ত্যত উপৱিষ্ট হৈ
অসূয়া অশান্তি নিবাৰণ কৰি
দুষ্কৃতিৰ কৰা বিনাশ !
হে মা,
তোমাৰ আগমনত উৎফুল্লিত প্ৰকৃতি ৰাণীৰ
তোমাক আদৰাৰ বাবে কত’ যে আয়োজন !
সুনীল আকাশত
শুকুলা মেঘে ডেউকা লগাই ভিন্ন শৈলীৰ চন্দ্ৰতাপ তৰিছে !
শেৱালিৰ শুভ্ৰপাহিয়ে মৃদুমধুৰ সুবাসেৰে প্ৰতি পুৱাই শ্যামলী ধৰণীত দলিচা পাৰিছে !
বিৰিখ-লতিকাক শিশিৰ কণিকাই আদৰেৰে মুকুতাৰ মণিহাৰ পৰিধান কৰাইছে !
নৈ, বিল, জলাশয়ৰ পাৰৰ কহুৱাই
মনৰ উলাহত হালিছে জালিছে !
সোণগুটিক গৰ্ভত ধাৰণ কৰি ধাননিডৰাই সপোনৰ মায়াজাল ৰচিছে !
হে শক্তিধাৰিণী মা,
নিজগুণে সন্তুষ্ট হৈ কৃপাদৃষ্টি দান কৰা,
তোমাৰ কৰুণা আৰু আশীষেৰে
ধৰাৰ বুকুলৈ সৰগীয় সুষমা বোৱাই আনা !
✍ ড. আৰাধনা বৰুৱা, যোৰহাট