পাটায়া বেংকক সোণোৱালী সপোন

২০১৬ চনৰ অক্টোবৰ মাহত আমি তিনিও আৰু আমাৰ অফিচাৰে সহকৰ্মী বাইদেউ এগৰাকীৰ পৰিয়াল পাটায়া আৰু বেংকক বুলি ওলালো। দুয়োটা পৰিয়ালৰ কাৰণে এইটো আছিল এক নতুন অভিজ্ঞতা। গুৱাহাটীৰপৰা বিমানখন কলকাতা আৰু তাৰ পাছত বেংকক স্বৰ্ণভূমি বিমান বন্দৰত উপস্থিত হৈছিল গৈ।Make my trip ৰ জৰিয়তে দুই তিনি মাহ আগতেই টিকট কৰি থোৱা হৈছিল কাৰণে আমি একো অসুবিধাৰ সন্মুখীন হোৱা নাছিলো। বিমান বন্দৰত অলপ সময় অপেক্ষা কৰাৰ পাছত এগৰাকী সৰু চকুৰ থাই মহিলাই হাতত এখন বৰ্ডলৈ (য’ত আমাৰ নাম লিখা আছিল) আমাক বিচাৰি আমাৰ ওচৰ পাইছিল আৰু আমাক গাড়ী এখনৰফালে আগবঢ়াই লৈ গৈছিল। ট্ৰেভেলাৰৰ সদৃশ গাড়ী এখনত আমাৰ দুটা পৰিয়ালৰ লগতে ভাৰতৰ পৰা যোৱা আৰু এটা পৰিয়াল আমি লগ পালোঁ। বেংককৰ ৰাস্তাত ভৰি দিয়েই আমাৰ দুয়োৰে সপোনৰ অলপ হ’লেও পূৰ্ণ হোৱা যেন দুয়োৰে অনুভৱ হল। গাড়ীৰে হোটেলৰ অভিমুখে গৈ থাকোঁতে বহল পৰিষ্কাৰ ৰাস্তা আৰু বিল্ডিং বোৰে আমাক মূহি পেলাইছিল।২০ মিনিট মান পাছত গাড়ীখন হোটেলৰ সন্মুখত গৈ ৰ’লেগৈ। হোটেল খন আছিল আমাৰ সপোনৰ ও অগোচৰ। হোটেলত অলপ আৰাম কৰি আমি পাটায়া চিটিৰ এখন সাগৰৰ পাৰলৈ ফুৰিবলৈ গ’লো। সাগৰৰ পৰা পাটায়া চিটি লিখা হৰ্ৰডিং য়ে আমাৰ মন আলোড়িত কৰি পেলাইছিল। পাৰত থাই সৰু সৰু ল’ৰা ছোৱালী বোৰক বালিত বহি খেলা দেখি আমাৰ দুটি ও ৰখিব নোৱাৰা হ’ল।মোৰ ছোৱালীৰ চাৰি বছৰীয়া জীৱন কালত তাই ইমান পানী কেতিয়াও দেখা নাছিল।সাগৰ দেখি তাইৰ আনন্দত সীমা নোহোৱা হ’ল। সাগৰৰ পাৰৰ মনোমোহা দৃশ্যই ইমানেই মোহিত কৰিছিল সেই ঠাইত চাগে গোটেই ৰাতি থাকিব দিলেও গোটেই ৰাতি কটাবলৈ কোনো কষ্ট অনুভৱ নকৰিলোহেঁতেন। কিন্তু আমাৰ দ্বিতীয় লক্ষ্য আছিল পাটায়াৰ বিশ্ব বিখ্যাত Alcazar show।লেডি বয় (lady boy) সকলৰ এই বিশ্ব বিখ্যাত শ্ব’ আছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। দেখিবলৈ ছোৱালীতকৈও ধুনীয়া লেডী বয় সকলে দুই ঘণ্টীয়া এই শ্ব’ত সকলোকে মন্ত্ৰ মুগ্ধ কৰি পেলাইছিল।

দ্বিতীয় দিনা আমাক পাটায়াৰ এখন পৰ্য্যটক বীছ্ আৰু পাটায়া পাৰ্ক চাবলৈ লৈ গ’ল। যিহেতু আমাৰ লগত দুয়ো পৰিয়ালৰ দুটা সন্তান আছিল সেয়েহে আমি এনেকুৱা পৰ্য্যটক স্থলী নিৰ্বাচন কৰিছিলোঁ যাতে ল’ৰা – ছোৱালী কেইটাই সম্পূৰ্ণ ফূৰ্ত্তি কৰিব পাৰে। পাটায়া বীছ্ ত বিভিন্ন water sports উপভোগৰ ব্যৱস্থা আছিল আৰু ল’ৰা – ছোৱালী কেইটাই যথেষ্ট ফূৰ্তি কৰিছিল। আমাৰ পুৰুষ কেইজনে ও বীছ্ ৰ মনোমোহা দৃশ্য যথেষ্ঠ উপভোগ কৰিছিল।সেই চেগতে আমি মহিলাই ও পিছ পৰি থকা নাছিলো।জীৱনত দ্বিতীয়বাৰ আহিব পাৰোনে নাই বুলি ভাবি এক এক মূহুৰ্তৰ স্মৃতি গোটাই ল’বলৈ চেষ্টা কৰিছিলোঁ।

তৃতীয় দিনাৰ কাৰ্য্যসূচী হিচাপে আমি পাটায়াৰ পৰা ৩০কিলোমিটাৰ দক্ষিণে Srircha tiger zoo চাবলৈ বুলি ওলালোঁ।৪০০০,০০০বৰ্গ মিটাৰ মাটিকালিৰে এই চিৰিয়াখানাখন চাৰিটা ভাগৰ বিভক্ত আছিল।এটা ফালে বাঘৰ বিভিন্ন প্ৰজাতি আছিল, এফালে বাঘ আৰু ঘৰিয়ালৰ বিভিন্ন ধৰণৰ চাৰ্কাছ শ্ব’ৰ ব্যবস্থা আছিল।এই চিৰিয়াখানাৰ বিশেষ আকৰ্ষণ আছিল বাঘৰ পোৱালি চোৱা আৰু বাঘৰ লগত ফটো উঠা।সৰু সৰু মৰম লগা বাঘৰ পোৱালি বিলাকক গড়ালৰ ভিতৰত ৰাখি থোৱা হৈছিল আৰু সেই পোৱালিবোৰক সৰু সৰু গাখীৰৰ বটলত গাখীৰ খুওৱাৰ ব্যবস্থা পৰ্য্যটকৰ বাবে কৰি দিছিল।সৰু সৰু গাখীৰৰ বটলত বাঘৰ পোৱালিক গাখীৰ খুওৱা মোৰ আৰু মোৰ চাৰি বছৰীয়া ছোৱালীৰ কাৰণে আছিল এক ডাঙৰ অভিজ্ঞতা।বহুত ভয় ভাবলৈ কামটো সম্পন্ন কৰা হৈছিল যদিও পোৱালিবোৰে দুধ দানি চুপি চুপি গাখীৰ খোৱা দৃশ্যটো আছিল অতিশয় মনোৰম আৰু হৃদয়স্পৰ্শী।

বেংককৰ আৰু এক অন্যতম আকৰ্ষণ হৈছে বেংককৰ Safari world। ৩কিলোমিটাৰ মাটি কালিৰ এইখন পৃথিৱীত ত্ৰেভেলাৰ গাড়ীৰে ঘণ্টাত ২০কিলোমিটাৰতকৈ ও কম গতিবেগত চাফাৰীৰ মাজেদিলৈ যাওঁতে জিৰাফ, জেব্ৰা,হাতী,হৰিণ আৰু বিভিন্ন ধৰণৰ পক্ষী আদিবোৰ যেতিয়া এক মিটাৰতকৈ ও কম দূৰত্বত দেখা পাইছিলো,তেতিয়া আমি নিজেই কোনখন পৃথিৱীত আছোঁ পাহৰি গৈছিলো। নাৰ্চাৰীত পঢ়া মোৰ ছোৱালীৰ কিতাপৰ ৱাইল্ড এনিমেল্ছ বোৰ যেতিয়া তাইৰ চকুৰ আগত আহি গৈছিল,তেতিয়া তাইৰ মুখত পৰিলক্ষিত হোৱা ফুৰ্টি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি।লাহে লাহে আমাৰ গড়ীখন গৈ বাঘৰন্যত গৈ সোমাল।অন্য জীৱৰ পৰা বেলেগকে ৰখা এইবিধ যি জীৱৰ অৰণ্য খনৰ চাৰিসীমাত কাৰেন্টৰ ব্যবস্থা আছিল যাতে বাঘবোৰ অন্য জীৱৰ সংস্পৰ্শত আহিব নোৱাৰে।এইখন পৃথিৱীও আছিল সম্পূৰ্ণ পৃথক।এনেকুৱা লাগিছিল আমি সঁচাই এখন অৰণ্যৰ মাজত সোমাই পৰিলোঁহি।এই অৰণ্যত আমাৰ ভাৰতৰ Royal bengal tiger ৰেও শুৱনি কৰিছিল।কেতিয়াবা কেতিয়াবা বাঘ বোৰে গাড়ী ভেটা দি গাড়ীৰ গ্লাচত আচোৰাৰ অভিজ্ঞতা কোনো কোনোৰ আছে।সেয়েহে,safari worldৰ গোটেই যাত্ৰাটোত আমাক খিৰিকীৰ গ্লাচ খুলিব অনুমতি দিয়া হোৱা নাছিল। গোটেই safari world পৰিদৰ্শন কৰাৰ পাছত আমি তাত ডলফিন শ্ব’, এলিফেন্ত শ্ব’, চি লায়ন শ্ব’, কাও বয় শ্ব’ কে ধৰি চাৰিবিধ শ্ব’ উপভোগ কৰি দিনটোৰ আৰু জীৱনৰ এক বুজাব নোৱাৰা অভিজ্ঞতাৰ সামৰণি মাৰিলো।আজিও আমাৰ মনত safari worldৰ স্মৃতি সাজিব হৈ আছে।

সেই বছৰতেই থাইলেণ্ডৰ ৰজাৰ দেহাৱসান হোৱাৰ কাৰণে বহুতো পৰ্য্যটন স্থলী বন্ধ ৰখা হৈছিল কাৰণে থাই ৰজাৰ ৰজপ্ৰসাদ চোৱাৰ সৌভাগ্য আমাৰ নহ’ল। কিন্তু,থাই সকলে যিহেতু বৌদ্ধ ধৰ্মৰ ৰীতি নিয়ম মানিছিল,তেওঁ লোকৰ পবিত্ৰ ধাৰ্মস্থলী Golden pagoda (গোল্ডেন পাগদা) দৰ্শন কৰাৰ সৌভাগ্য আমাৰ হৈছিল।

ইয়াৰ বাহিৰেও Pataya water world ৰ লগতে আৰু সৰু – ডাঙৰ বিভিন্ন পৰ্য্যটক স্থলী আমি আমাৰ ভ্ৰমণত দৰ্শন কৰিলোঁ।জীৱনৰ এক মাধুৰতম ভ্ৰমণৰ বহুতো স্মৃতিলৈ বুকুত বান্ধি সাতদিনীয়া ভ্ৰমণ সামৰি আমি আমাৰ স্বদেশলৈ উভতি আহিলো।

সংযুক্তা শইকীয়া

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

− 1 = 1