ধীৰু ভূঞাৰ “প্ৰথম ৰাগিনী”

প্ৰথম ৰাগিনী

ধীৰু ভূঞাৰ “প্ৰথম ৰাগিনী”

গাভৰু ছোৱালীজনীয়ে টিকট কাউন্টাৰত টিকট কিনিবলৈ পইছা দি হাত সোমোৱাই দিয়ে,  কাউন্টাৰত বহি থকা মানুহজনে কয়: “বাইদেউ, টকাটো অচল, এইটো অচল টকা”

চিনেমাখনৰ আৰম্ভনি এই দৃশ্যটোৰে, পৰবৰ্তী সময়ত তাই প্ৰেমত পৰে, প্ৰেমিকৰ সন্তান গৰ্ভত ধাৰণ কৰাৰ পিছত এদিন তেওঁক বিচাৰি তেওঁৰ ঘৰলৈ যায় ছোৱালী জনী ৷৷ প্ৰেমিকৰ ঘৰত লগ পায় তেওঁৰ সন্তান সম্ভবা পত্নীক, একো নোকোৱাকৈ তাৰ পৰা উভতি আহে, শেষত খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ লগত নাৰ্চ হিচাপে নিজৰ জীৱন মানবজাতিৰ কল্যানৰ বাবে উচৰ্গা কৰি ব্যক্তিগত প্ৰেম আৰু প্ৰয়োজনীয়তাৰ সংজ্ঞা সলনি কৰি মানবীয় কৰ্তব্যবোধৰ মাজত তাই হেৰাই যায় ৷৷

প্ৰথম দৃশ্যটোৰ সংলাপটোৱে চিনেমাখনৰ পৰবৰ্তী ঘটনাক্ৰমৰ আভাস দিয়ে, টিকট কাউন্টাৰত তাইৰ টকাটো অচল হোৱাৰ দৰেই প্ৰেমিকৰ হাতত প্ৰতাৰিত হয় তায়ো অচল হৈ পৰিছিল কিন্তু যিশুৰ মানব প্ৰেমৰ মাজত পুনৰ ঘুৰাই পায় অচল টকাকো চালিত কৰিব পৰাৰ আত্মবিশ্বাস ৷৷ চুটি গল্পকাৰ ৰমা দাসৰ বিখ্যাত চুটি গল্প “অচল টকা” ৰ চলচিত্ৰ ৰূপ আছিল “প্ৰথম ৰাগিনী” ৷৷

ধীৰু ভূঞা পৰিচালিত এই চলছিত্ৰখনে আঞ্চলিক ভাষাৰ ছবিৰ শিতানত শ্ৰেষ্ঠ কথাছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল ৷৷ চিনেমাখনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো আছিল নায়িকা মিনিৰ মানসিক অন্তৰ্দ্বন্দৰ দৃশ্যবোৰ নেপথ্যত কিছুমান প্ৰশ্নবোধক সংলাপেৰে আগবঢ়াই নিয়া, সম্ভবত অসমীয়া চিনেমাত সেয়া আছিল নেপথ্য সংলাপৰ প্ৰথম পৰীক্ষামূলক ব্যৱহাৰ,সেই সংলাপবোৰ সম্পূৰ্ণ ৰূপে পবিত্ৰ বাইবেলৰ ঘটনা পৰিঘটনাৰ আধাৰত ফহিয়াই চোৱা হৈছিল ৷৷

মূখামূখি সংলাপ আৰু নাটকীয়তাৰ প্ৰয়োভৰৰ পৰা ইচ্ছাকৃত ভাবে দূৰত্বত অৱস্থান কৰি চিত্ৰনাট্যকাৰে অভিনেত্ৰী পূৰবী শৰ্মাৰ নিসংগ আৰু মানসিক দৌদূল্যমান অৱস্থা খুউব বাস্তবধৰ্মীতাৰে ফুটাই তুলিছিল •••••••

অসমীয়া চলচিত্ৰৰ ইতিহাসত “প্ৰথম ৰাগিনী” বাস্তৱ ধৰ্মী চিনেমাৰ ক্ষেত্ৰত শীৰ্ষ দহ খনৰ ভিতৰত সদায়ে থাকি যাব ৷৷

শৈশবতে ড°ভবেন্দ্ৰ নাথ শইকীয়া চাৰৰ সান্নিধ্য পোৱাৰ সৌভাগ্য হৈছিল তথাপি প্ৰিয় চলচিত্ৰ বুলিলে “প্ৰথম ৰাগিনী” প্ৰথমত, দ্বিতীয় স্থানত নিশ্চিতভাবে  “সন্ধ্যাৰাগ”

 

পৰিচালক ধীৰু ভূঞা

চিত্ৰনাট্য গৌতম বৰা, মহম্মদ চাদুল্লা

প্ৰযোজক সুৰেন্দ্ৰ নাথ বৰা

অভিনয়ত প্ৰীতম গোস্বামী, পূৰৱী শৰ্মা

চিত্ৰগ্ৰহণকাৰী   বিজয় আনন্দ চাৱৰৱাল

সম্পাদনা সত্যেন কুমাৰ

সংগীত পৰিচালক শ্বেৰ চৌধুৰী

মুক্তি ২ অক্টোবৰ ১৯৮৭

দৈৰ্ঘ্য ৯৫ মিনিট

  বাপুকন চৌধুৰী

🏠

By