পৰ্ক কাৰী Pork Curry

উপকৰণসমূহ

৩০০ গ্ৰাম মান গাহৰি মাংস,মজলীয়া পিঁয়াজ দুটা, নহৰু ৮/৯ ফুটা,আদা এক ইঞ্চি মান,জিৰা-জালূকৰ গুৰি আধা চামোচকৈ,৪চামুচ মান বাঁহ ঘাজৰ খৰিচা,নিমখ হালধি আন্দাজমতে।

ৰন্ধন প্ৰণালী:

প্ৰথমে মাংস ডোখৰ ভালকৈ ধুই লৈ মধ‍্যমীয়া টুকুৰা কৰি কাটি প্ৰয়োজন অনুসৰি মাংসখিনিত কেঁচা নিমখ হানি পাত্ৰত ঢাকি থোৱা হ’ল।পিঁয়াজ, আদা ,নহৰু মিহিকৈ কুটি সৰু মিক্মিটোত দি পেষ্টটো বনাই থলো।খৰিচা ৪চামুচ ষ্টীলৰ বাতি এটাত থৈছো,জিৰা-জালুক আধা চামুচ কৈ লৈ দুয়োটা একে লগে প্লেট এখনত থৈছো। নিমখ হালধীল টেমা দুটা ওচৰতে আছে।*প্ৰয়োজন হ’লে কেঁচা জলকীয়া ২/৪ টা দিব পাৰিব।

এতিয়া কেৰাহীটো গেছত পাতিলোঁ, এক মিনিট মানত কেৰাহীটো শুকান হ’ল,তেতিয়া লাহেকে কাটি থোৱা নিমখ সানি থোৱা মাংসখিনি দি দিলো -ঢাকি দিছো লগে লগে। এক মিনিট টানকৈ গৰম হোৱাৰ পাছত গেছটো কমাই দিলো।দুই মিনিট মানৰ পাছত ঢাকনি আঁতৰাই হেতাৰে মাংসখিনি তল ওপৰ কৰি দিলো।আকৌ ঢাকনি দিলো,গেছৰ জুই শিখা কমকৈয়ে থাকিব। এইবাৰ ৫ মিনিট মানৰ পাছত আকৌ মাংসখিনি লৰাই দি কেৰাহীৰ তলিখন মুকলি কৰি দিছোঁ যাতে মাংসৰ পৰা ওলোৱা টেল বিলাক কেৰাহীৰ তলিত জমা হয়হি। ৩/৪ মিনিটৰ পাছত কেৰাহীৰ তলিত জমাহোৱা মাংসৰ গৰম টেল খিনিত প্ৰথমে পিঁয়াজ, নহৰু,আৰু আদা পেষ্টটো দি দিলো–হেতাৰে লৰাই দিছোঁ,-পেষ্টটো ৰঙচুৱা হোৱাৰ পিছত কেৰাহীৰ মাংসখিনিৰ লগত মিহলাই দিছোঁ।মাংসখিনিৰ ওপৰত আন্দজ মতে হালধি আৰু কম পৰিমাণৰ নিমখ।চতিয়াই দিলোঁ–কিছু সময়ৰ পাছত মাংসখিনি তল ওপৰ কৰি ঢাকি দিছোঁ।উত্তাপ টো অলপ বঢ়াই দিছো। ২ মিনিটৰ পাছত জিৰা জালুক খিনিত পেষ্টহৈ মিলি যোৱাকৈ গৰম পানী অলপ দি কেৰাহীৰ মাজতে ঠাই অকন ওলিয়াই দি দিলো।খন্তেক পাছতে মাংসখিনি লৰাই ঢাকনি মাৰি জুই অলপ কমাই দিলো। ৪ মিনিটৰ পাছত দেখিবলৈ পালোঁ, যে মাংস বিলাকৰ সুন্দৰ ৰং হৈ সিজিছে। তেতিয়াৰ খৰিচা খিনি মাংসৰ লগত হেতাৰে মিহলাই দি ঢাকি দিলো।জুই কমতে আছে, আধা কাপ মান গৰম পানী ঢালি দিছোঁ। দুই-এবাৰ লাহে লাহে খুচৰি তল ওপৰ কৰি ঢাকনি মাৰি থোৱাৰ পিছত গ্ৰেভী তৰকাৰী হৈ গ’ল আৰু–কোনো তেল নিদিয়া–খৰিচা দিয়া ”’পৰ্ক কাৰী”‘

👨‍🍳 পদ্মধৰ বৰা

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

5 + 5 =