উপকৰণ
এমুঠি কচু শাক
মাছ
ঔটেঙা ১টা
বিলাহী সৰু আকাৰৰ ২টা
২ মুঠি মচুৰ দালি
শুকান জলকীয়া,
পাচফুৰণ
নিমখ
হালধি
প্ৰণালী: কচুশাকখিনি ভালদৰে ধুই ল’লো। তাৰ পিছত প্ৰেচাৰ কুকাৰত কচুশাক, ঔটেঙা, বিলাহী আৰু ২ মুঠিমান মচুৰ দালি লৈ নিমখ দি ৮/৯ টা মান হুইছেল মাৰি সিজাই ল’লো। তাৰ পিছত এখন পেনত তেল গৰম কৰি তেলত শুকান জলকীয়া আৰু পাচফুৰণ দি লগতে অলপমান হালধি দি সিজাই থোৱা কচুশাকখিনি ঢ়ালি দিলো। তাৰ পিছত ফ্ৰাই কৰি থোৱা মাছখিনি দি উতল অহাত নমাই থ’লো। অতি কম সময়তে হোৱা আৰু খাবলৈও জুতি লগা।
👨🍳 নীলাক্ষি বৰা শইকীয়া