মাহী-হাহেৰে পিঠাগুৰিৰ ভোগ

উপকৰণসমূহ:

১. হাহৰ কোমল কোমল মাংস

২. পিয়াঁজ

৩. নিমখ

৪. মিঠাতেল

৫. আৰৈ চাউলৰ পিঠাগুৰি

প্ৰণালী:

পৰিমাণৰ হিচাপটো লিখা নাই কাৰন আমাৰ গৃহিণী সকলে ৰন্ধাবঢ়াত আন্দাজ অনুযায়ী লব পাৰিব ।

তেল গৰম কৰি পিয়াঁজ ৰঙচুৱা কৈ ভাজি তাতে মাংস আৰু নিমখ দি ভাজিব লাগিব । কম জুইত ৰাখি ভাজি থাকি মাংসখিনি ফুটিব লাগিব । অ ইয়াত হালধি দিয়া নহয় । এতিয়া সৰহকৈ ঠাণ্ডা পনী দি তাত অলপ অলপকৈ পিঠাগুৰিখিনি দি লাহে লাহে লৰাই থাকিলে এটা সময়ত বক বককৈ উতলিবলৈ লব । উতলি উতলি ঘন হৈ আহিব । টান হৈ আহাৰ থিক আগে আগে জোখমতে ৰখাই ঢ়াকোন দি জুই নুমুৱাই দিলে হৈ গল । ইমানেই । গৰম ভাতত দি পৰিবেশন কৰিলেই হল । ইয়াৰ নিজস্ব সোৱাদ এটা আছে । পাৰ মাংসৰেও ৰান্ধি খায় ।

উজনি অসমৰ ফালে বেচি প্ৰচলিত সম্ভৱ । কাৰোবাৰ অসুখ হলে বা আই দেখা দিলে সাধাৰণতে ঘৰখনৰ আইতাক হতে মৰমত এনেকৈ ভোগ ৰান্ধি আগবঢ়াই আদৰ কৰে।

👨‍🍳 সাৰদা বড়া

By