খাদ্য সম্ভাৰঅমৰাৰ সতে মাছৰ আঞ্জা adminJuly 31, 20200 Comments উপকৰণসমূহ ১/অমৰা ৩/৪ টা ২/কেঁচা জলকীয়া ৩ টা ৩/বগা সৰিয়হ কেইটামান ৪/হালধি, নিমখ,তেল প্ৰয়োজন অনুসৰি ৫/ডাঙৰ মাছ ৪/৫ টুকুৰা ৬/আৰু ১ টা ডাঙৰ (সিজোৱা) ৰন্ধন প্ৰণালী: প্ৰথমতে মাছ কেইপিছ ভাজি ললো।অমৰা কেইটা ধুই কুকাৰত দি ৩ টা মান চিটি মাৰি নমাই থৈ মাছ ভজা তেলত সৰিয়হ কেইটামান ফুৰণ দি(প্ৰয়োজন হ’লে তেল আৰু দি লৱ) সিজোৱা আলুটো আৰু অমৰা কণ পিতিকি গুটিয়ে সতে কেৰাহিত ঢালি দি নিমখ, হালধি দি লৰাই ঢাকি দিলো। কিছু সময় পিছত পুনৰ লৰাই অমৰা সিজোৱা পানী কণ ঢালি দি ওতলিব দিলো।অলপ সময় ওতল অহাত মাছ কেইটুকুৰা দি পুনৰ ওতলিব দিলো। আঞ্জাখন ওতলি ঘন হৈ অহাত কেঁচা জলকীয়া ফালি দি এটা ওতল অহাত ধনীয়া পাত দি নমাই গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিলো।👨🍳 ৰীতা দাস বৰদলৈ Assamese cuisineassamese reciepeAssamese recipeKhadya SombharTraditional recipes of Assamঅসমীয়া খাদ্য সম্ভাৰউপকৰণসমূহৰন্ধন প্ৰণালীৰেচিপি